text
stringlengths
0
188k
চুটকেছ হৈ পৰিছে কবৰ! দিল্লীত পুনৰ চুটকেছত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
আবেলি ৪ বাজিল৷ দেখিলো নতুন মেইল এগালমান ইনবক্সত আছে৷ লগে লগে সেই বিশেষ মেইলখন পঢ়িলোঁ৷ মোৰপৰা অলপ দূৰত বহা অঞ্জনৰ কেঁহৰাজ বটা যেন মুখখন দেখি গম পালো তাকো মোৰ দৰে ঢাকা যাবলৈ নিৰ্দেশ দিয়া হৈছে৷ ঢাকা!!লগৰবোৰ ইতিমধ্যে আমেৰিকা, লণ্ডনত চাকৰি কৰিবলৈ লৈছে,আৰু মই যাম ঢাকা৷ ডুবাই, ঠিক আছে ডুবাই নালাগে, বেংককলৈ টো যাব দে৷ এতিয়া...
মন বেয়া, তথাপি যাব লাগিবই৷ যাত্ৰাৰ দিন চমু চাপি আহিল৷ গতিকে লাহে লাহে যোগাৰ আৰম্ভ কৰিলোঁ৷ লগৰবোৰক বিদেশ যাত্ৰা কিছুদিন পিছুৱাই দিয়া বুলি ক’লো৷ নোৱাৰোঁ দেই মই বাংলাদেশক ফৰেইন বুলি ক’ব৷
কেণা আৰম্ভণিৰ পৰাই লাগিল৷ আমাৰ দুয়োৰে ভিচা আবেদন পত্ৰ ঘূৰি আহিল৷ কাৰণ,আমাৰ পাচপোৰ্ট আৰু ভিচাৰ আবেদনপত্ৰৰ চহী মিলা নাই বোলে৷ দিন বেয়া হ’লে এইবোৰটো হ’বলগা আছেই৷ গতিকে দুয়ো আকৌ সেই ধাৰাপাতহেন আবেদন পত্ৰখন পূৰণ কৰিলোঁ, নিজৰেই চহী এইবাৰ অতি নিখুঁত ভাৱে নকল কৰিলোঁ৷
নিৰ্দিষ্ট দিনত আমি দিনৰ ১১ বজাত ঢাকা বিমান বন্দৰত অৱতৰণ কৰিলোঁ৷ আমাৰ কাম পিছদিনাৰ পৰাহে আছিল৷ গতিকে আমি হোটেললৈ গৈ গা-পা ধুই দুপৰীয়াৰ সাঁজ খাই ভালকৈ এঘুমটি মাৰি ল’লো৷ আবেলি আমি এনেই বহি থকাতকৈ আমাৰ কোম্পানীৰ বাংলাদেশস্থিত মূখ্য কাৰ্য্যালয়লৈ এবাৰ গৈ সকলোৰে লগত চিনাকী হৈ আহোঁ বুলি ওলালোঁ৷
সাধাৰণতে আমি মূখ্য কাৰ্য্যালয় বুলিলে আমাৰ মুম্বাইস্থিত কাৰ্য্যালয়ৰ দৰে এক আঠ-দহ মহলীয়া সুন্দৰ বিল্ডিংৰ কল্পনা কৰো৷ চাৰিওদিশ সুন্দৰ গ্লাছ আৰু ডিজাইনেৰে ভৰ্তি৷ কিন্তু আমি তেনে ধাৰণা এটা লৈ ঢাকাস্থিত কাৰ্য্যালয়লৈ মুঠেই যোৱা নাছিলোঁ৷ কাৰণ সেই মুহূৰ্তত আমি ঢাকাত আছিলোঁ, ডুবাই বা মালয়েছিয়াত নহয়৷ ইতিমধ্যে মালয়েচিয়ালৈ...
পিছদিনা ৰাতিপুৱা উঠি গম পালো যে কোনো প্ৰভাৱশালী সংগঠনে দেশব্যাপী হৰতাল আহ্বান কৰিছে৷ মনটো মৰি গ’ল৷ গোটেই ৰাতি লেপটপত কৰা কষ্টখিনি চাগে এনেই যাব এতিয়া৷ কিন্তু আমি দেখিলো যে সময়ত সকলো আহি হাজিৰ হ’ল৷ তেওঁলোকক দেখি আমাৰো হেৰুৱা উৎসাহ ঘূৰি আহিল৷
এইচেগতে আপোনালোকক বাংলাদেশৰ হৰতালৰ এটা চমু আভাষ দি থোৱাটো ভাল হ’ব৷ বৰ্তমান বাংলাদেশত চলি থকা অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত দেশবাসীৰ বাবে হৰতাল এক সাধাৰণ কথা হৈ পৰিছে৷ তেওঁলোকে হৰতালৰ মাজতে কেনেদৰে জীয়াই থাকিব লাগে, কেনেদৰে হাঁহি ফূৰ্তি কৰিব লাগে সেয়া শিকি লৈছে৷ দিনটোৰ পিছৰভাগত হৰতালৰ দিনত বাহিৰলৈ ওলোৱাটো ভাৰততকৈ বহুত সুৰক্...
মূল কথাৰ পৰা ফালৰি কাটি বহুদূৰ পালোহি, আকৌ আচল কথালৈ উভতি আহোঁ৷ সকলোবোৰ অহাৰ পিছত আমি কৰ্মশালা আৰম্ভ কৰি দিলোঁ৷ প্ৰথম মোৰ পাল আছিল৷ মই পূৰ্ব নিৰ্ধাৰিত বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়াত লাগিলোঁ৷ তেওঁলোকে উপভোগ কৰা যেনেই লাগিল৷ কেইজনমান ইংৰাজীত কেঁচা আছিল৷ গতিকে এই চেগতে মোৰ বঙালী ভাষাৰ ওপৰত থকা সীমিত জ্ঞান হেঁপাহ পলুৱাই তেওঁ...
প্ৰথম দিনটো ভালেই গ’ল৷ দুপৰীয়া সোনকালে আমাৰ কৰ্মশালা সামৰিলোঁ৷ পিছদিনা দৰকাৰ হ’লে অলপ বেছিকৈ কৰাম৷
হোটেলৰ ৰুমলৈ গৈ অঞ্জনে খোৱাৰ অৰ্ডাৰ দিলে৷ মই গা ধুই আহি দেখোঁ সি ইতিমধ্যে তাৰ ভাগৰ আধা-আধি শেষ কৰিছেই৷ আহঃ কি সুগন্ধ৷ তাৰ প্লেটখন দেখি মোৰ পিতামহ ভীষ্মলৈ মনত পৰিল৷ ৰ’ব কথাটো পৰিষ্কাৰ কৰি দিওঁ৷ শৰ-শয্যাত পৰি থকা পিতামহ ভীষ্মক টিভিত চাগে আপোনালোক সকলোৱে দেখিছে৷ সেই দৃশ্য আৰু খাদ্য ৰসিক বঙালীসকলৰ মাজত এটা ডাঙৰ সাদৃশ্য আছে...
কাৰণ? কাৰণ হৈছে মাছ৷ এলাপেচা মাছ নহয়, ইলিছ মাছ৷ সোৱাদেই যাৰ পৰিচয়৷ ইলিছৰ নাম শুনিলেই জিভাৰ পানী পৰে৷যদিও ইলিছ মাছৰ সোৱাদ অদ্বিতীয়,কিন্তু ইলিছ মাছ খাবলৈ হ’লে আপুনি ইয়াৰ কাঁইটীয়া অংশখিনি লগত মোকাবিলা কৰিব লাগিব৷ ইলিছ মাছ ৰন্ধা আৰু ইলিছ মাছ ধুনীয়াকৈ খোৱা, দুয়োটা অপূৰ্ব কলা, আৰু বঙালীসকল এইক্ষেত্ৰত অদ্বিতীয়৷ ইলিছ ম...
অঞ্জনে ইতিমধ্যে এখন শৰ-শয্যা তৈয়াৰ কৰিছেই৷ দ্বিতীয় খন নিৰ্মাণ কৰাৰ যোগাৰ কৰি থাকোঁতেই মই লৰালৰিকৈ গৈ ভাতৰ পাতত আক্ৰমণ কৰি দিলোঁ৷ আস, কি সোৱাদ!!! লিখি বুজাব নোৱাৰিম৷ বহুত ঠাইত ইলিছ মাছ খাইছোঁ, কিন্তু এইবাৰৰ সোৱাদ যেন অদ্বিতীয়৷ টেঁটুৰ গুৰিলৈকে খাই দুয়ো মুঠ চাৰিখন শৰ-শয্যা তৈয়াৰ কৰি কোনোমতে হাত মুখ দুই নিজৰ মখমলৰ শয্...
পিছদিনা ৰাতিপুৱা৷ কৰ্মশালাৰ দ্বিতীয় দিনাৰ প্ৰশিক্ষণৰ আৰম্ভণিৰ কামখিনি আগুৱাই নিয়াৰ দায়িত্ব অঞ্জনৰ আছিল৷ গতিকে সি অলপ সোনকালে ওলাই গ’ল, মই অলপ পলমকৈ যাম বুলি এঘুমটি মাৰি ল’লো৷ ১০ মান বজাত সাৰ পাই দেখোঁ অঞ্জনৰ চাৰিটা মিচড্ কল৷ তাক ফোন লগালো৷ এগালমান গালি শপনি পাৰি মোক সোনকালে আহিবলৈ দিলে৷ কিবা বোলে ডাঙৰ সমস্যা হৈছে৷
লৰালৰিকৈ নামি গৈ দেখিলো অঞ্জন মূৰ খজুৱাই বাহিৰত থিয় হৈ আছে৷ কথা গুৰুতৰ,তাৰ হিংলিছ কোনেও বুজি পোৱা নাই৷ অঞ্জনে হিন্দী আৰু ইংলিছ মিহলাই এটা অদ্ভুত ইংৰাজী কয়৷ ভাৰতত সেয়া চলি যায়, কিন্তু ইয়াত তাৰ সেই অনা নেচেল৷ এনেই অংশগ্ৰহণকাৰীসকল ইংৰাজীত কেঁচা, তাতে আকৌ অঞ্জনৰ সেই উচ্চাৰণত তেওঁলোকে বাপ বাপ দেখিছে৷ গতিকেই অঞ্জনে ত্ৰা...
অঞ্জনে চাগে মোৰ ওপৰত বেছি ভৰসা কৰিছিল৷ সি এইবাৰ কিছুমান ভয়ংকৰ শব্দ যেনে কমপিটেনচী, ইন্টাৰপাৰ্চনেল এফেকচন্,ডিচগ্ৰেচড্ ফেচিলিয়েচন আদিৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিলে৷ সি সেই ভয়ংকৰ শব্দবোৰেৰে বাক্য কিছুমান কৈ আৰামত বহি থাকে৷ সমস্যা হয় মোৰ, সেই শব্দবোৰৰ বঙালী দূৰৰ কথা, অসমীয়াত ভাবোঁতেই মোৰ অৱস্থা নোহোৱা হ’ল৷ এইফালে অংশগ্ৰহণক...
ইতিমধ্যে দুপৰীয়াৰ খোৱাৰ সময় হ’ল৷ ৰমজান মাহ চলি আছিল বাবে আমি একো খাব নাপাম বুলি ভাবি আছিলোঁ যদিও আমাক ভুল প্ৰমাণিত কৰি সুন্দৰ আহাৰৰ ব্যৱস্থা কৰা হ’ল৷ কেইজনমানে ৰোজা ৰখা নাছিল, তেওঁলোকৰ লগতেই বহি ভুৰি ভোজন কৰিলোঁ৷ এইবাৰ যদিও ইলিছ নাছিল, তথাপি বাংলাদেশৰ খাদ্য সম্পৰ্কে হোৱা আমাৰ উচ্চ ধাৰণা বাহাল থাকিল৷
খোৱা টেবুলত তেওঁলোকৰ সৈতে বিভিন্ন কথা হ’ল৷ ৰাজনৈতিক, সামাজিক আদি দিশত তেওঁলোকৰ চিন্তাধাৰা দেখি ভাল লাগিল৷ তেওঁলোক সম্পৰ্কে যেন মই (বা আমি) ভুল ধাৰণা লৈ আছো৷ এই যুৱচামে যেন নতুন বাংলাদেশ গঢ়িবলৈ বদ্ধপৰিকৰ৷ পুৰুষ নাৰী সকলোৱে খোলা-খুলিকৈ নিজা মত ৰাজহুৱাকৈ প্ৰকাশ কৰিছে, ৰাজনীতিৰ বিষয়ে আলোচনা কৰিছে৷ পিছত ভাৰতলৈ আহি এই বিষয...
ভোজনৰ পিছত সৰু সুৰা দুটামান বিষয়ত আলোচনা কৰি আমাৰ দুদিনীয়া কৰ্মশালাৰ অন্ত পেলালোঁ৷ভাষাৰ সীমাবদ্ধতা নেওচি আমি আমাৰ কথাখিনি তেওঁলোকৰ আগত প্ৰকাশ কৰিব পৰাটোৱেই আমি আমাৰ ডাঙৰ সফলতা বুলি গণ্য কৰো৷ তেওঁলোকে আমাৰ কৰ্মশালা যে উপভোগ কৰিছিল সেয়া নিশ্চিত৷ তেওঁলোকৰ অকৃত্ৰিম মন্তব্যত আমি সেই বিষয়ে নিশ্চিত হৈছিলোঁ৷ বাংলাদেশৰ কৰ্ম...
ইফতাৰ পাৰ্টীৰে কৰ্মশালাৰ অন্ত পেলোৱা হ’ল৷ আমি দুপৰীয়া ভুৰি ভোজন কৰাৰ পিছতো লাজ মান কাটি কৰি ইফটাৰ পাৰ্টীত পূৰ্ণ উদ্যমেৰে অংশ লৈ তেওঁলোকক ক’ৰবাতে এৰিলোঁ৷ পেটত আৰু একো ভৰাবলৈ ঠাই নথকাতহে আমি অনিচ্ছাস্বত্তেও ভোজন সামৰিলোঁ৷
আজি যদি মই সেই তিনিদিনলৈ ঘূৰি চাওঁ, মই ক’ব লাগিব যে মই ঢাকা গৈ সন্তুষ্ট৷ স্বাধীনতাৰ চল্লিশ বছৰৰ ভিতৰত তেওঁলোক যথেষ্ট আগুৱাই গৈছে৷ মানি লৈছোঁ,ৰাজনৈতিক অস্থিৰতাই তেওঁলোকৰ উন্নয়ন স্তব্ধ কৰিছে, কিন্তু এয়া আজি পৃথিৱীৰ বহুকেইখন দেশৰেই সমস্যা, অকল তেওঁলোকেই ভুক্তভোগী নহয়৷ এবাৰ ঢাকালৈ গৈ চাওঁক,বহল বাট পথ-অসংখ্য নিৰ্মাণ কাৰ্...
মই তাত পোৱা মানুহখিনিৰ কথা আজি ভাবিলে ক’ব লাগিব যে তেওঁলোক আটাইবোৰেই কৰ্মত বিশ্বাসী, নিজৰ লগতে দেশখনক এদিন বিশ্ব দৰবাৰত গৰ্বৰে চিনাকী কৰি দিয়াত ৷ নৱ প্ৰজন্মই এতিয়া প্ৰচলিত ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে মাত মাতিবলৈ শিকিছে৷
দেশ বিভাজন বা তাৰো আগৰে পৰা তেওঁলোকৰ এক দৰিদ্ৰতাৰ অতীত আছে, কিন্তু মই যি দেখিলো তাৰ পৰা মই নিশ্চিত যে তেওঁলোকৰ এক উজ্জ্বল ভবিষ্যত আছে৷ আৰু এই ভবিষ্যত গঢ়িবলৈ বৰ্তমানৰ কৰ্মঠ নৱ প্ৰজন্ম বদ্ধপৰিকৰ৷
← বন্ধ, অৱৰোধ, লটিঘটি ইত্যাদি -( জ্যোতি প্ৰকাশ নাথ)
বীৰ চিলাৰায় চলচ্চিত্ৰ আৰু আমাৰ ইতিহাস চৰ্চ্চাৰ প্ৰাসঙ্গিকতা (ডা: অজিত কুমাৰ পটঙ্গীয়া) →
You May Also Like
দুৰ্গা পূজা, শেৱালি আৰু কিছু অনুভৱ (দেৱ প্ৰতীম)
October 14, 2014 0
একান্ত ব্যক্তিগত — মানসী দেবী
May 16, 2019 0
শুভ নৱবৰ্ষ (সুব্রতা গোস্বামী)
January 14, 2015 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ৰবিনছন ক্ৰুছো (ইংৰাজী: Robinson Crusoe) হৈছে প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক আৰু সাংবাদিক ডেনিয়েল ডিফোৰ দ্বাৰা ৰচিত এখন উপন্যাস। এই উপন্যাসখন ২৫ এপ্ৰিল ১৭১৯ চনত প্ৰথম প্ৰকাশ পায়। উপন্যাসখনৰ...
পত্ৰ-পত্ৰিকা, স্বীকাৰোক্তিমূলক আৰু প্ৰবন্ধবাদী গ্ৰন্থখনৰ শিৰোনামৰ নায়কজন (জন্মৰ নাম ৰবিনছন ক্ৰেউট্‌জনায়াৰ (Robinson Kreutznaer)) ভেনেজুৱেলা আৰু ত্ৰিনিদাদ উপকূলৰ নিকটবৰ্তী এটি দ্বীপত আঠাইশ বছৰ দুই মাহ আৰু ঊনৈশ দিন ধৰি বন্দী হৈ আছিল।
কাহিনীটো আলেকজেণ্ডাৰ চেলকিৰ্ক (Alexander Selkirk)-ৰ জীৱনৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা বুলি ভবা হয়। তেওঁ স্কটিচ প্ৰান্তৰ আছিল। যিয়ে চাৰি বছৰ ধৰি মাচ এ টায়ৰ্ৰা (Más a Tierra) নামৰ প্ৰশান্ত মহাসাগৰীয় দ্বীপ এটাত আছিল, ই বৰ্তমান চিলিৰ অন্তৰ্গত। ইয়াক ১৯৬৬ চনত ৰবিনছন ক্ৰুছো দ্বীপ (Robinson Crusoe Island) নামেৰে পুনঃনামকৰণ ক...
লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]
প্ৰধান প্ৰবন্ধ: ডেনিয়েল ডিফো
১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্ম গ্ৰহণ কৰা ডেনিয়েল ডিফো একাধাৰে সাহিত্যিক, সাংবাদিক, ৰাজনীতিবিদ, ব্যৱসায়ী, চোৰাংচোৱা আৰু অৰ্থনীতিবিদ আছিল।[3] তেওঁৰ বিখ্যাত উপন্যাসসমূহৰ ভিতৰত 'ৰবিনছন ক্ৰুছো'ই তেওঁক অমৰ কৰি ৰাখিছে।[3]
১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত তেওঁৰ জন্ম হয়। ডেনিয়েল ডিফোৰ দেউতাকৰ নাম আছিল জেমছ্‌ ফ’ (James Foe)।[3] তেওঁৰ জন্মসূত্ৰে তথা প্ৰকৃত নাম আছিল ডেনিয়েল ফ’ (Daniel Foe)। তেওঁ ১৬৮৪ চনত এজন ধনী সদাগৰৰ জীয়েক মেৰী টাফ্‌লিক বিয়া কৰায়। ডেনিয়েল ডিফোৰ বয়স ১০ বছৰ হওঁতে তেওঁৰ মাক আনি ফ’ (Annie Foe)-ৰ মৃত্যু হয়।
১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্মগ্ৰহণ কৰা ডেনিয়েল ডিফোৰ মৃত্যু হয় লণ্ডনত ১৭৩১ চনৰ ২৪ এপ্ৰিল তাৰিখে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।[3]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
↑ Heitman, Danny. "Fiction as Authentic as Fact". wsj.com. https://www.wsj.com/articles/SB10001424127887323936804578227971298012486। আহৰণ কৰা হৈছে: ৩০ মে ২০২০.
↑ Severin, Tim, In search of Robinson Crusoe, New York: Basic Books, 2002 আই.এচ.বি.এন. 0-465-07698-X, pp. 23–24.
↑ 3.0 3.1 3.2 3.3 "Daniel Defoe". biography.com. https://www.biography.com/.amp/writer/daniel-defoe। আহৰণ কৰা হৈছে: ৩০ মে ২০২০.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
sparknotes.com
pdfdrive.com
"https://as.wikipedia.org/w/index.php?title=ৰবিনছন_ক্ৰুছো&oldid=312209"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
ইংৰাজী গ্ৰন্থ