title
stringlengths
13
148
header
stringlengths
0
3.13k
footer
stringlengths
0
2.16k
body
stringlengths
0
46k
quality
stringclasses
2 values
url
stringlengths
58
1.01k
পৃষ্ঠা:Assam Buranji.djvu/৪২
{{center|৩৮}}
লোকে ভগা ৰজাক বিস ক্ৰিয়া কৰি মাৰিলে। এঁওৰ ভোগ ২ বচৰ। ইতি। ১৯। {{gap}}পাচে চুতামলা ৰজা হৈ ৰামুগাঁও ডঁৰিকা দলঙ্গৰ ওচৰত খাৰ ঘৰ বাৰিতে নগৰ কৰি, সিঙ্গৰি ঘৰ উঠিল। হিন্দু নাম জয়ধ্বজ সিংহলৈ, গালপুৰঘাটত গোবিন্দ ঠাকুৰক নি জজ্ঞ কৰি, বহু মাটি মানুহ উচৰ্গি, তামৰ ফলি কৰি দি নিৰঞ্জন বাপুত সৰন ললে। এই দিনৰে পৰা তামৰ ফলি চলিল। আৰু এঁওৰ দিনতে ঐ সুকুলা হুদু বুৰা গোহাঁইক মাৰিলত কুঁঐগাঁয়াৰ লেচাম, এঁওৰ পাচত বাঁহগৰিয়াৰ আতন,এই দুই জনা বুৰা গোহাঁই হল; ও লাই ১, চেৰেলিয়া ১, ভগা ১, এই তিনি জনা ক্ৰমে বৰ পাত্ৰ গোহাঁই হল; ও সৰু বুৰাক মাৰিলত এই জনা ৰজা দেৱবে সহুৰ নাওবৈচা ফুকন ৰাজমন্ত্ৰি হল। আৰু পিলিঙ্গাৰ লেচাই ১, বাৰুকিয়ালৰ লাঙ্গি চঙ্গ ১, এই দুই জনা বৰ গোহাঁই হল। ঐ সন্দিকৈৰ টঙ্গচুএ কিচু দিন থাকিল, পৰে চেঙ্গবৰাৰ বেঙ্গখোআ বৰ বৰুআ হল; গৰগঁয়া ৰজা দেৱৰ সহুৰেক ৰজা সহুৰ বৰ ফুকন হল। আৰু সৰ্গদেও বিস্বনাথলৈ গৈ অনেক বামুনক দান দখিনা কৰিলে। পাচে লাকমান গাই আমাৰ ৰজা দেৱেৰে ৰন পাতিলে; পৰে সেই ৰন আমাৰ জিকিলে। সদিয়াৰ মিৰিৰেও ৰন হল; তাকো আমাৰ জিকিলে। আৰু ভটিয়াপাৰৰ পুখুৰি খনালে; ও বুৰুঙ্গ পাতি কেৰিমেৰি গৰ ও মাচখোআ গৰ ও ভোমোৰা-
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৪৩
{{rh||৩৯|}}
গুৰি আলি ও বাদুলি বৰ ফুকনৰ দ্বাৰা চেউনি আলি বন্ধালে। {{gap}}পাচে ৯ লাখ ফৌজেৰে ২২ উমৰাও সহিতে ১৫৭৭ সঁকত মজুমখা ও মিৰজামুলা দুই নবাব আহি দেস ললেহি। আমাৰ ৰজা দেও থাৱৰিব নোআৰি, নাম্‌ৰূপৰ চৰাইখোৰোঙ্গলৈ ভাগি গল; এই হেতুকে এওঁকে ভগনিয়া ৰজাও বুলিলে। পাচে বঙ্গালৰ ফৌজে ৰজা হাট বলক্তমত থানা পাতি ৰলগৈ। তাৰে পৰা মজুমখাই কৈ পঠালে বোলে, ৩ লাখ টকা ৯০ হাতি ইয়াকে চই দিএ জদি, দেস এৰি জাম; আৰু বাদ্‌সাহলৈ এক কন্যা দিয়ক। পাচে সৰ্গদেৱে ভাল বুলি বন্দি ১০০, বেঁটি ১০০, হাতি ৩০ টা, সোন দুই হাজাৰ, ৰুপ বাৰ হাজাৰ, এই খনি জৌতক দি সালঙ্ক্ৰিতাকৈ ৰমনি গাভৰুক আওৰেঙ্গজেব বাদ্‌সাহলৈ দিলে। দেস এৰি দি মিৰজামুলা ভটিয়াই গেল। সৰ্গদেও কিছু কাল ৰাজ্য ভোগ কৰি থাকি আগন্তুক ভাবি নাম্‌ৰূপত সোন ৰুপৰ ভৰাল কৰালে। এবং পুৰ্বে উজনি সিমা পাট্‌কাইৰ ওচৰত চুডাঙ্গফা ৰজা দেৱে কৰাই থোআ গৰ ও বাহৰকো পৰিস্কাৰ কৰাই, নিজেও তাৰে ই ফালে সি ফালে ঠাই চাই বাহৰ কৰাই, তালৈকো বৰ হিলৈ খাৰ প্ৰভ্ৰিতি জুধৰ সামগ্ৰি নিয়াই ৰাখি, চাবৰ নিমিতে নগৰলৈ আহি, খেদ কৰাত চকুৰ লো ওলাল; সেই চকুৰ লোএই ধাৰা বাহিক হৈ ৰোগ তুল্য হল। পাচে সেই ৰোগতে
VALIDATED
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৪৪
{{center|৪০}}
১৫৮৫ সঁকত ৰজা দেও স্বৰ্গি হল; ভোগ ৯ বচৰ। ইতি। ২০। {{gap}}পাচে পাত্ৰ মন্ত্ৰি সকলে চুতামলাৰ বই পুতেকক ৰজা নেপাতি, ১৫৮৫ সঁকত ঐ দেও ৰজাৰ নাতি চুপঙ্গমুঙ্গক ৰজা পাতিলে। এঁৱেই পেচাঙ্গ নৈৰ দখিনে সলখামৰা ঘাটব খাব ঘৰৰ বাৰিতে নগৰ কৰি, সিঙ্গৰি ঘৰ উঠিল। এই ঘৰতে হু্দু পৰাত এৰি গৈ গৰগাঁৱৰ নগৰত পাট ঘৰ উঠিল; এঁওৰে হিন্দু নাম চক্ৰধ্বজ সিংহ। বঙ্গালৰ চই দিয়াৰ কাৰন ৰাজ্যত পঁচা তুলি ৭ লাখ টকা নগৰতে গোলা ঘৰ কৰি ডাঙ্গৰিয়া সকলে সহিতে থলে; তাৰে পৰা গোলা ঘৰ হল। পৰে বাদসাহৰ ঠাইৰ পৰা সিৰপাও বঁটা অহাত অলপ অবমান কৰিলে; ও পুৰ্বে মিত্ৰ কৰি ৰাজ্য দি গল বুলি, চই নিদি উকিলক ফিৰাই পঠালে। পাচে ১৫৯১ সঁকত ৯ লাখ ফৌজেৰে ৰাজা ৰামসিংহক জুধলৈ পঠালে; সৰাই ঘাটতে প্ৰধান জুধ হল। পাচে মোমাই তামুলি বৰ বৰুআৰ পুত্ৰ লাচিত বৰ ফুকন হৈ গৈ, বঙ্গালৰ ৰন জিকি খেদি নি, মানহাত সিমা কৰি, হাদিৰাত ঐ সঁকতে চকি ঘাট নিবন্ধ কৰিলে। এঁও ফুকনেই জোগিৰঘোপাৰ ভাটিতে আসাম নগৰ কৰি, চল জেন নেদেখি এৰি আহিল। আৰু গুআহাটিৰ গৰ প্ৰাঞ্চি দোপদৰ কৰি সকলো বেৱস্থা কৰিলে। এঁও ৰজা দেওৰ দিনতে লাঙ্গি বৰ পাত্ৰ হল; এঁওকে ভাঙ্গি লাতাও বৰ পাত্ৰ
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৪৫
{{center|৪১}}
হল; ঘোৰা কোঁঅৰ বৰ ফুকন হল। পৰে ঐ লাচিতক বৰ ফুকন পাতিলত চেঙ্গবৰাৰ বেঙ্গখোআক ভাঙ্গি ঐ ঘোৰা কোঁঅৰক বৰ বৰুআ পাতিলে। আৰু বৰ গোহাঁই পৰিয়া পৰ্বতিয়া ফৈদৰ কচলুখোআক সলাল গোহাঁই পাতিলে। পুৰ্বে ঘোৰা ৰজা দেওৰ দিনতে জে লেচাইডাঙ্গ সলাল গোহাঁই হল, তাৰে পৰা এই বিসই লুপ্ত হৈ আচিলে। এঁওৰ দিনৰ পৰাহে পুনৰ প্ৰকাস হৈ প্ৰনালি ৰুপে চলিল। আৰু এঁও ৰজা দেৱেই ৰজা সহুৰ নাওবৈচা ফুকনক মাৰি, বাঁহগৰিয়াৰ ঐ আতন বুৰা গোহাঁইক ৰাজ মন্ত্ৰি পাতিলে। পচে বানকে- বিয়া নগাই গাঁও মাৰিলেহি; সেই নগাক ধৰি মাৰিলে। পৰে ১৫৯২ সকত ৰজা দেও স্বৰ্গি হল, ভোগ ৭ বচৰ। ইতি। ২১। {{gap}}এঁওৰ মৰনান্তে পুতেকটি ৰজা হব নোআৰিলে, ভায়েক চুন্যতফা ১৫১২ সঁকত ৰজা হৈ সিঙ্গৰি ঘৰ উঠি, হিন্দু মতে উদয়াদিত্য নাম ললে। এঁৱেই গুআহাটিৰ বাম গৰ ও পানি গৰ ইত্যাদি কৰি, অতি পৰিপাটি ৰুপে নিবন্ধ কৰে; আৰু পানি গৰৰ বামৰ পৰা কেই হাত, পানিত কেই হতিয়া সাল কাঠৰ খুটা খাই, ও অথাউনি পানিত বৰ বৰ ৰাইডাঙ্গৰ দুই মুৰ লোহাৰে বান্ধি, কল লগাই সিল বান্ধি, কি জোখেৰে কেনে গৰ কৰিব লাগে, ইয়াৰ কাকত পাতি অতি সুকৰ নিবন্ধ কৰিলে; ও উজনিত বৰাগি আলি কৰালে। আৰু {{gap|5em}}৬
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৪৬
{{center|৪২}}
হাৰি ১, চপা ১, এই দুই ক্ৰমে বৰ পাত্ৰ হল; এবং চাৰিঙ্গিয়া লাতাও আহোমৰ পেলন ১, লুখুৰাসনৰ ডেবেৰা ১, এই দুই ক্ৰমে বৰ বৰুআ হল; ও লালুকসোলা বৰ ফুকন হল। পাচে ঐ ডেবেৰা বৰ বৰুআই ১৫৯৪ সঁকত বিস পান কৰাই ৰজা দেওক মাৰিলে; ভোগ ২ বচৰ। ইতি। ২২। {{gap}}এঁওৰ মৰনান্তে এঁওৰ পুতেকটিও ৰজা হব নোআৰিলে, ভায়েক চুক্লনফা ১৫৯৪ সঁকত ৰজা হল; হিন্দু মতে এঁওকে ৰামধ্বজ বোলে। এঁৱেই বাৰুকিয়ালৰ ঐ লাঙ্গিচঙ্গক ভাঙ্গি, ডেবেৰা বৰ বৰুআৰ ভাগিনিএক চেঙ্গমুনক বৰ গোহাঁই পাতিলে। পাচে কাল ক্ৰমে নৰিয়া পৰি ১৫৯৬ সঁকত ৰজা দেও স্বৰ্গি হল; ভোগ ২ বচৰ। ইতি। ২৩। {{gap}}এঁওৰ মৰনান্তে চামগুৰিয়া ফৈদ কেঁঅৰৰ চুহুঙ্গক আনি, ১৫৯৬ সঁকত ৰজা পাতি, এই সঁকতে ডেবেৰা বৰ বৰুআই বিস পান কৰাই ৰজা দেওক মৰালে; ভোগ ১ মাহ, ১৫ দিন মাত্ৰ। ইতি। ২৪। {{gap}}পৰে তুঙ্গখঙ্গিয়া ফৈদৰ গোবৰ কোঁঅৰক আনি, ১৫৯৬ সঁকতে ৰজা বুলি লৈ, ঐ সঁকতে বাঁহগৰিয়া বুৰা গোহাঁই, সোলা বৰ ফুকন দুয়ে ডেবেৰা বৰ বৰুআকে সহিতে মাৰিলে। ভোগ ২০ দিন মাত্ৰ। ইতি। ২৫। {{gap}}পাচে দিহিঙ্গিয়া ফৈদৰ চুজিনফাক আনি, ১৫৯৬ সঁকত ৰজা পাতিলে। এঁৱেই বাঁহগৰিয়া বুৰা গোহাঁইৰ দ্বাৰা
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৪৭
{{center|৪৩}}
চিতামনি গৰ বন্ধালে। গুঁইমেলাৰ লালুকক বৰ গোহাঁই পাতিলে; দুঅবাৰ কিবকিৰিয়াক বৰ বৰুআ পাতিলে। পাচে এই বুৰা গোহাঁয়েই মাৰিব খোজা জানি আপুনি সিলত মুৰ মাৰি, ১৫৯৯ সঁকত ৰজা দেও মৰিল; ভোগ ২ বচৰ, ৯ মাহ ২৫ দিন। ইতি। ২৬। {{gap}}এঁওৰ মৰনান্তে চুজিনফাৰ পুতেকটি ৰজা হব নোআৰিলে; পৰ্বতিয়া চুডৈফা ১৫৯১ সঁকত ৰজা হল। পৰ্বতৰ নগৰত সিঙ্গৰি ঘৰ উঠিল; আৰু ডঁৰিকাতো নগৰ কৰিলে; নাম হল বোকা নগৰ। এঁওৰ দিনতে সোলা বৰ ফুকন গুআহাটিত থাকি মধ্যে মধ্যে বঙ্গালেৰে ৰন হৈ, প্ৰজাবোৰ মৰি ঢুকাই; মিলিলেই ভাল বুলি, ১৬০১ সঁকত বঙ্গালৰ আজমত্ৰা নবাবেৰে মিলি, গুআহাটি এৰি দি হুহকি আহি, কলিয়াবৰকে ধৰ কৰি সকলোটি বলহি। তাৰে পৰা উজাই আহি এই বৰ ফুকনেই ১৬০১ সঁকত ৰজা দেওক পৰ্বতলৈ নি, বিস খুআই মাৰিলে। ভোগ ২ বচৰ। এই জনা ৰজা দেৱেই সোলা বৰ ফুকনে বাঁহগৰিয়াক মাৰিলত, দিলিহিয়ালৰ দিঘলক ৰাজমন্ত্ৰি বাবে সহিতে বুৰা গোহাঁই পাতিলে; লাচামকলাক বৰ পাত্ৰ পাতিলে; ঐ লালুকক ভাঙ্গি মেচা ঘৰিয়াৰ সেনক বৰ গোহাঁই পাতিলে। মেচা ১, লুখুৰাসনৰ চক্ৰপানি ১, এই দুইক ক্ৰমে বৰ বৰুআ পাতিলে। ইতি। ২৭। {{gap}}এঁওৰ মৰনান্তে চুডৈফাৰ দুই পুত্ৰ ৰজা নহল, চামগুৰিয়া
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৪৮
{{center|৪৪}}
ফৈদৰ চুলিকফা ১৬০১ সঁকত ৰজা হল; এঁওকে লৰা ৰজা বোলে। এৱেই ডাউকি অলি কৰালে। আৰু সেনক ভাঙ্গি মাদুৰিয়ালৰ লাইথেপেনাক বৰ গোহাঁই পাতিলে। লুখুৰাসনৰ মবঙ্গি ১, দিহিঙ্গিয়াৰ আলন বুৰা ১, এই দুইক ক্ৰমে বৰ বৰুআ পাতিলে। ঐ সোলাক মাধভোতায়ে কাটিলত ভায়েক ভাৰ্ধৰাক বৰ ফুকন পাতিলে। এঁও পলাই গৈ বঙ্গালত সোমালত লানমাখ্ৰুৰ বন্দৰক বৰ ফুকন পাতিলে। আৰু সৰ্গদেৱে ৰাজ বঙ্গহত অতি সংসই কৰি মুখ্য মুখ্য কোঁঅৰ বুজি মাৰিবৰ উদ্যত হল; চাৰিও ফালে কোঁঅৰ বিচৰা লাগিল। এনেতে তুঙ্গখঙ্গিয়া ফৈদৰ গোবৰ ৰজাৰ পুত্ৰ লাঙ্গি গদাপানি অৰ্থাত গদাধৰ কোঁঅৰ নাম খ্যাত প্ৰধান বাহুবলি কবান বিচাৰ হোআত, বৰ ভই পাই পলাই গৈ সলাল গোহাঁইৰ দ্বাৰা কলিয়াবৰব লানমাখ্ৰু বঙ্গহৰ বন্দৰ বৰ ফুকনত আস্ৰই কৰাত, বৰ ফুকনে সকলো ফুকন ৰাজ খোআৰে পৰামৰ্স কৰি গদাধৰ কোঁঅৰকে জোগ্য হেন দেখি, ৰজা লোআ স্থিৰ কৰি, সকলো ফুকন ৰাজ খোআই গদাধৰ কোঁঅৰক আনি, সৰিয়হ তলিতে সেৱা কৰি উজাই আহি দখিনপাট সত্ৰৰ ঘাট পালেহি। পাচে এই বাৰ্তা সুনি দখিনপটিয়া বাপুএ বন্দৰ বৰ ফুকনক মতাই নি কলে বোলে, ফুকন, তুমি মোৰ প্ৰধান সিস্য; আৰু তুমি জানা, লৰা ৰজাও মোৰে সিস্য; এই হেতুকে প্ৰাই ময়েই ৰজা হৈ আচোঁ, এতেকে
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৪৯
{{center|৪৫}}
তুমি এনে কাম নকৰিবা; মই তোমাত ৰাজত্ব ভিখ্যা কৰিচোঁ। পাচে বৰ ফুকনে বোলে, অকলৰ কাম নহই, কেনেকৈ কৰিম বুলি, মান্তি নোহোআত বাপুএ বেজাৰ হৈ, তোৰ ঘৰত আগলৈ বৰ ফুকন সম্পতি নহওক বুলি সাপ দিলে। পাচে বৰ ফুকনে বোলে, অবিচাৰে জে মোক সাপ দিলে, ময়ো বুলিচোঁ, আপোনাৰ বঙ্গহতে এই সত্ৰাধিকাৰ সম্পতি নেখাকক; এই বুলি তাৰ পৰা উজাই আছি, গৰগাঁও নগৰৰ বৰ চৰাতে ১৬০৩ সঁকত উজনিয়াই সহিতে মিলি, পুনৰ গদাধৰ কোঁঅৰক সেৱা কৰি ৰজা ললে। লৰা ৰজাক উলিয়াই নি জোগান দি নামৰুপত থলে; ভোগ ২ বচৰ। ইতি ২৮॥ ইতি বুৰঞ্জি সাৰে ত্ৰিতিয় খণ্ডং। {{center|⸺⸺}} {{center|{{Xx-larger|চতুৰ্থ খণ্ড।}}}} {{gap}}পাচে ১৬০৩ সঁকৰ পৰা গদাধৰ সিংহ ৰজা হৈ কিচু দিন থকাতে লৰা ৰজাই পুনৰ ৰজা হবৰ আক্ৰান্ত কৰি বোল মাত কৰা সুনি, লৰা ৰজা দেৱক প্ৰকাৰান্তৰে মৰালে। এবং দিঘলা বুৰা গোহাঁইক মাৰি কুঁঐগঁয়া মৌক বুৰা গোহাঁই পাতিলে; এঁওৰ পাচত লঙ্ককিয়াৰ খামপেঙ্গক বুৰা গোহাঁই পাতিলে; আচুকক বৰ পাত্ৰ পাতিলে; ঐ লাইথেপেনা বৰ গোহাঁইক ৰাজমন্ত্ৰি পাতিলে; লাহনৰ টেমাক বৰ বৰুআ পাতিলে।
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৫০
{{center|৪৬}}
আৰু বৰকলাত নগৰ কৰি সিঙ্গৰি ঘৰ উঠি চুপাতফা নাম ললে; হিন্দু মতে গদাধৰ সিংহ নাম ললে। এঁৱেই দেসত পিয়ল কৰাই পিয়ল উলিয়ালে। পাচে চুলিকফা ৰজা হৈ থকাত জি জি ফুকন ৰাজ খোআই গদাধৰ সিংহক ৰজা পাতি ললে, সেই সকলক ৰাজ দ্ৰোহি বুলি সালত দি ভুৰ বান্ধি উটাই দিলে। সেই সালত দিয়া ঠাইকে সালমৰা মুখ বলে। আৰু বন্দৰ বৰ ফুকনক প্ৰান মাত্ৰ নেমাৰি, সৰ্বস্ব আগ্ৰহি বৰ ফুকন ভাঙ্গি ঘৰলৈ খেদিলে। তাৰে পৰা বন্দৰৰ বঙ্গহত ঐ গুৰু সাপত বৰ ফুকন সম্পতি গুচিল; ও বন্দৰ ফুকনৰ সাপতো সেই ঘৰ দখিনপটিয়া বাপুৰ বঙ্গহত তাৰে পৰা সত্ৰাধিকাৰ গুচিল। {{gap}}পাচে সন্দিকৈ ফুকনক বৰ ফুকন পাতি পঠাই, হিন্দুএ অনেক ৰুপে ধৰম প্ৰবৰ্তাই দেস নষ্ট কৰিব বুলি, মহন্ত সকলক চেউনি বচা আদি ঠায়ে ঠায়ে দুৰ কৰি পাতিলে। পাচে সৰ্গদেৱে দিজৈ খনাত সিল সাঁকো কৰি ৰহদৈ পুখুৰি, দল আলি, এবং তাতো সিল সাঁকো, ও অকাৰ আলি, দিহিঙ্গিয়া বৰ বৰুআই কৰা আলি, হলৌ ফুকনে কৰা আলি, খঁৰা দল খঁৰা গৰ, ও চৰাই দেওত গোটা দল পুখুৰি, এই সকল কৰম কৰিলে। তাৰে পৰা ৰাজ্যতো ৰজা ঘৰতো নিৰুপদ্ৰও চলিল। পৰে মঞ্চুলখা নবাবেৰে সুক্ৰেস্বৰৰ ইটা খুলিতে ১৬০৫ সঁকত জুধ হল। সেই জু্ধতে নবাবক পৰাস্ত কৰি, ৰঙ্গামাটি
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৫১
{{center|৪৭}}
পৰ্জন্তে বঙ্গালক খেদি থলেগৈ; এই অৱধি অহমেৰে বঙ্গালৰ ৰন নহল। এই ৰনৰ পৰা উলটি আহি মানহাকে পুনৰ ধৰ কৰি ৰাখিলেহি। পাচে উমানন্দৰ দল কৰালে। এঁওৰে দুই পুতেক বৰ জনাক লাই বুলিচিলে, সৰু জনাক লেচাই বুলিচিলে। কাল ক্ৰমে ১৬১৭ সঁকৰ ১৩ ফাগুন ক্ৰিষ্ণা চতুৰ্থিত স্বৰ্গি হল; ভোগ ১৪ বচৰ, ১০ মাহ, ১৩ দিন। ইতি। ২৯। {{gap}}এঁওৰ মৰনান্তে এঁওৰে প্ৰথম পুত্ৰ ঐ লাই গোহাঁই দেও ১৬১৭ সঁকৰ ১৪ ফাগুনত ৰজা হল। পাচে গদাধৰ সিংহ সৰ্গদেৱে চেউনি বচা আদিত পতা মহন্ত সকলক চপাই আনি, স্বস্বস্থানত পাতিলে। পৰে গৰগাঁও নগৰত সিঙ্গৰি ঘৰ উঠি চুখ্ৰুঙ্গফা নাম ললে, ও হিন্দু মতে ৰুদ্ৰ সিংহ নাম ললে। খাম্পিঙ্গ ফুকন ১, কুঁঐগঁয়া লাইচঙ্গ ১, দিলিহিয়ালৰ আফুআ- খাম্পাত ১, এই তিনিক ক্ৰমে বুৰা গোহাঁই পাতিলে; ও কেন্দুগুৰিয়া চেঙ্গকঙ্গক ৰাজমন্ত্ৰি বাবে সহিতে বৰ পাত্ৰ পাতিলে; ও লাইথেপেনা মৰিলত পুতেক কমলাকান্তক বৰ গোহাঁই পাতিলে; ও দিহিঙ্গিয়াৰ ঐ বুৰা ১, পাতৰৰ কোটা ১, দিহিঙ্গিয়াৰে ডেকা ১, সন্দিকৈৰ বৰাগি ১, এই চাৰিক ক্ৰমে বৰ বৰুআ পাতিলে। ঐ সন্দিকৈ বৰ ফুকনেই কত কাল আচিলে; এঁৱেই ঐ হিলৈ চৰাতে দুই মুৰে মগৰ লগাই বাবলৈ নাও বৈচা সিকাই, লাচ চাব লগাই সৰ্গদেৱক ৰঙ্গ
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৫২
{{center|৪৮}}
দেখাই, মগৰি চৰা ও বহৰি সেন দুইৰো খেল উলিয়ালে। এঁওৰ পাচত দ্বঅৰাৰ বৰ জনা ১, পাতৰ ১, এই দুইক ক্ৰমে বৰ ফুকন পাতিলে। তেজিত গৰ বান্ধিলে, আৰু মেটেকাত ৰঙ্গপুৰ নগৰ, ও জই সাগৰৰ দল পুখুৰি, ও ৰঙ্গনাথৰ দল পুখুৰি, ও ফাকুআ দল, ও নামডাঙ্গৰ সিল সাকো, ও ডিমৌৰ দুই সিল সাকো, খৰিকটিয়া আলি, দুবৰিয়নি আলি, মেটেকাৰ আলি, এই সকল কৰিলে। {{gap}}পৰে নগাঁঞৰ মিচা মুখৰ বাহৰলৈ গৈ, জয়ন্তাৰ দেল আক্ৰমনৰ নিমিতে ফৌজ পঠোআত জয়ন্তাৰ ৰামসিংহ ৰজা ভই পাই স্ব ইচাতে আহিল, আৰু কচাৰিলৈ কটকি পঠাই তাম্ৰধ্বজ ৰজাক অনালে। পাচে সৰ্গদেও উজাই আহি এই দুই ৰজা সহিতে বিস্বনাথতে সম্ভাসা হল। পুৰ্বে জোআ ফৌজে জয়ন্তাৰ শ্ৰী্শ্ৰীজয়ন্তি দেবিক অনাত ৰামসিংহ ৰজাৰ দুই পুতেকে আপোন ফৌজ গোটাই লৈ জুয কৰি দেবিক ৰাখিলে; আমাৰ ফৌ্জো অনেক মাৰিলে। পৰে দুই ৰজাক লৈ সৰ্গদেও ৰঙ্গপুৰলৈ আহিল। জয়ন্তা ৰজা কিচু দিন থাকি ম্ৰিত্যু হল; কচাৰি ৰজাক ৰাজ জোগ্য বঁটা দি দেসলৈ পঠাই দিলে। ভায়েক লেচাই গোহাঁই দেৱক কুমন্ত্ৰিএ বিৰোধ জন্মাই ডণ্ড কৰোআত অকাৰন জানি, পয়ে নামৰুপিয়া ৰজা পাতি ৰাজ মৰ্জদা দি প্ৰধান ৰুপে নামৰুপত থলে; এই হেতুকে নামৰুপিয়া মেল খন প্ৰধান হল। আৰু ঐ বৰাগিৰ খেলতে খাও্ন্দ
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৫৩
{{center|৪৯}}
পাতিলে। এই জনাৰ দিনৰে পৰা হাতিৰ জুধ ওলাল। পাচে নদিয়া সান্তিপুৰৰ ভিতৰৰ সিমলা গ্ৰামৰ গঙ্গা তিৰবাসি ভটাচাজ্যক অনাই, সিস্য হোআৰ অভিপ্ৰাই কৰি ৰাখিলে। এই জনাৰ দিনৰে পৰা বঙ্গালি গান বাজনা প্ৰবৰ্তে। আৰু এই জনা ৰজা দেৱৰে এজনা কুঁঅৰিৰ সন্তান সিৱসিংহ ও প্ৰমতসিংহ ; এজনা কুঁঅৰিৰ সন্তান বৰ জনা গোহাঁই দেও; এজনা কুঁঅৰিৰ ৰাজেস্বৰসিংহ; এই চাৰি জনা কোঁঅৰ হল। {{gap}}পাচে সৰ্গদেৱে প্ৰথম পুত্ৰ সিৱসিংহক জুবৰাজ পাতি লৈ, গঙ্গা দেবিক আপোন দেসৰ ভিতৰ কৰি লবৰ মনেৰে ফৌজ গোটাই লৈ ভটিয়াই, গুআহাটি পালেগৈ। ভাটিৰ কালসিলা বাহৰতে এজনা কুঁঅৰিৰ গৰ্ভে লক্ষিসিংহ জন্মিল; সেই জন্মা বাহৰৰ নামেৰেই এঁওকে কালসিলিয়া গোহাঁই দেও বুলিচিলে। পাচে গুআহাটিতে সৰ্গদেও নৰিয়া পৰি, ১৬৩৬ সঁকৰ ১৩ ভাদ্ৰ ক্ৰিষ্ণা দ্বিতিয়াত স্বৰ্গি হল; ভোগ ১৮ বচৰ, ৬ মাহ। ইতি। ৩০। {{gap}}এঁওৰ মৰনান্তে এঁওৰ প্ৰথম পুত্ৰ সিৱসিংহ জুবৰাজেই ৰজা হল। সিঙ্গৰি ঘৰ উঠি চুতনফা নাম ললে; হিন্দুমতে সিৱসিংহ নাম ললে। পাচে পিত্ৰি সৰ্গদেও পুৰ্বানুমতি মতে ঐ সিমলা গ্ৰাম নিবাসি ক্ৰিষ্ণৰাম ন্যায়বাগিস ভটাচাৰ্জ্যত সিস্য হল; এই হেতুকে ভটাচাৰ্জ্য গোসাঁই নাম হল। এই গো্সাঁ- {{gap|5em}}৭
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৫৪
{{center|৫০}}
ইকে উজনি ও ভাটি কামৰুপত মাটি, মানুহ এনে ব্ৰিতি ব্ৰহ্মোতৰ কৰি দি, গোসাঁইৰ মনস্থ ৰুপে গুআহাটিৰ নিলাচলতে সততে থাকিবলৈ ঘৰ কৰাই দিলে; এই হেতুকে পৰ্বতিয়া গোসাঁই নামো হল। আৰু গোসাঁইৰ দ্বাৰা সাস্ত্ৰানুসাৰে গুআহাটিৰ সকলো দেৱতাৰ পুজাৰ বেৱস্থা বিধি উলিয়াই, দেৱালই সকল নিবন্ধ কৰিলে; এবং অস্বক্ৰান্তত দল কৰালে, দিৰ্ঘস্বৰিতো দল কৰালে। এঁও ৰজা দেওৰ দিনতে ৰাইলুঙ্গিয়া বায়ন ১, ডোমাই ১, পুখুৰি পৰিয়া চেঙ্গমুন ১, এই তিনি ক্ৰমে বুৰা গোহাঁই হল। কেন্দুগুৰিয়া চেঙ্গকঙ্গৰ পুতেক পৰমানন্দ ১, বৰ গোহাঁই ডাঙ্গৰিয়া বিসয়ৰ পৰা আহি ৰাজমন্ত্ৰি বাবে সহিতে বৰ ৰজাৰ ভায়েক কালুগঁয়া হৰিনাথ ১, এই দুই ক্ৰমে বৰ পাত্ৰ হল। আৰু প্ৰথমে ঐ কমলাকান্ত বৰ গোহাঁয়েই ৰাজমন্ত্ৰি হল; এঁও মৰিলত ৰাজমন্ত্ৰি বাবে সহিতে ঐ হৰিনাথ বৰ গোহাঁই হল। পাচে এঁও ৰাজমন্ত্ৰি বাবে সহিতে ঐ বৰ পাত্ৰ হলগৈ কাবনে, বৰ গোহাঁই পৰিয়া দিহিঙ্গিয়া ফৈদৰ ঠানুনাথ বৰ গোহাঁই হল; ও বুৰা দদাই ১, বকতিয়াল ৰুপচন্দ্ৰ ১, এই দুই ক্ৰমে বৰ বৰুআ হল। ত{{বঙালী ৰু}}ন দুঅৰা বিজই ১, দিহিঙ্গিয়াৰ ডেবেৰা ১, বিজয়ৰ পুতেক ডেকা দুঅৰা ১, ক্ৰমে এই তিনি বৰ ফুকন হল। আৰু এই জনা সৰ্গদেৱৰে ধাই প্ৰধান হৈ আলি বন্ধালে; সেই আলিকে ধাইৰ আলি বোলে। আৰু সৰ্গদেৱে কামৰুপ পিয়ল কৰালে,
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৫৫
{{center|৫১}}
এবং বকতা পিয়ল কৰাই, কটকিৰ ভগিৰথ টেকেলা বৰুআক কাকতিয়া নাম দিলে। {{gap}}পাচে গনক জোতিসিয়া পণ্ডিত সকলোএ {{SIC|সগদেৱৰ|সৰ্গদেৱৰ}} চত্ৰভঙ্গ জোগ হৈ্চে বুলি জনালত, সৰ্গদেৱে গোসাঁইলৈ কলে। গোসাঁয়ে সেই সকল পণ্ডিতেৰে দিন স্থিৰ কৰি অনেক সাস্তি স্বস্থিয়ন কৰাই সৰ্গদেৱব চত্ৰ গুচাই আই কুঁঅৰি দেৱক চত্ৰ দি বৰ ৰজা নাম দিলে। এই জনা কুঁঅৰিৰে নাম ফুলেস্বৰি আৰু প্ৰাথেস্বৰি, এই দুয়ো নামেৰে মোহৰো মাৰিলে। পাচে বৰ ৰজাই গৌৰি সাগৰৰ দল পু্খুৰি কৰি দেৱালই পাতিলে। ভায়েক হৰিনাথ ঐ ক্ৰমে ডাঙ্গিৰিয়া হৈ কালুগাঁৱত বাৰি ঘৰ কৰিলে; এই হেতুক কালুৰ্গঁয়া বৰ পাত্ৰৰ ঘৰ বোলে। পাচে {{SIC|সগদেৱত|সৰ্গদেৱত}} জনাই,কালুগাঁৱত দল পুখুৰি কৰি দেৱালই পাতিলে। এনেতে সুদ্ৰ মহাজন কেতবোৰে গোসানিক নেমানে বুলি সুনি, দুৰ্গোত্সও পুজাৰ ভিতৰতে মোআমৰাৰ মহন্ত আদি জনচাৰেক মেধিক অনাই বৰ ৰজাই গোসানি সেৱা কৰাই, সিন্দুৰ, ৰঙ্গা চন্দন, বলিৰ ৰক্ত, এই সকল দ্ৰব্যেৰে ফোট দি নিৰ্য্যাল্য প্ৰসাদ লোঅই কিচু দুৰ্গতি কৰিলে। এই দুখকে অন্য মহন্ততকৈ মোআমৰাৰ ঠাকুৰে পেটে মৰন তুল্য মানি ললে। {{gap}}পৰে কাল ক্ৰমে বৰ ৰজা স্বৰ্গি হলত, তেঁওৰে ভনিএক দ্ৰোপদিক সৰ্গদেৱে কুঁঅৰিকৈ আনিলে; এঁওৰে নাম দিলে
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৫৬
{{center|৫২}}
অম্বিকা; এই নামেৰেও মোহৰ মাৰিলে। পাচে বায়েকৰ আদৰ্সৰেই এঁও সিৱসাগৰৰ দল পুখুৰি কৰি দেৱালই পাতিলে। {{gap}}এঁও কুঁঅৰিও মৰিলত সলাল গোহাঁইৰ জিএক এনাদৰিক আনি, সৰ্বেস্বৰি নাম দি কুঁঅৰি পাতিলে। এই নামেৰেও মোহৰ মাৰিলে; আৰু ৰাজমাঁও দেৱে দল কৰালে; এই দলকে কেৰি ৰাজমাঁওৰ দল বোলে। পাচে ১৬৬৬ সঁকৰ ২৪ আঘোন ক্ৰিষ্ণা প্ৰতিপদ তিথিত সৰ্গদেও স্বৰ্গি হল; ভোগ ৩০ বচৰ, ৩ মাহ, ১১ দিন ইতি। ৩১। {{gap}}এঁওৰ মৰনান্তে এঁওৰ পুতেকটি ৰজা নহল; ভায়েক ১৬৬৬ সঁকৰ ২৫ আঘোনত ৰজা হৈ, সিঙ্গৰি ঘৰ উঠি চুনে্নফা নাম ললে; হিন্দুমতে প্ৰমতসিংহ নাম ললে। এঁওৰ দিনত ৰাইলুঙ্গিয়া সোনাই বুৰা গোহাঁই হল, কেন্দুগুৰিয়া ম্ৰিত্যুঞ্জই বৰ পাত্ৰ হল; খামচেঙ্গ দল বন্ধা ৰাজ মন্ত্ৰি বাবে সহিতে বৰ গোহাঁই হল; বকতিয়ালৰ গেন্ধেলা বৰ বৰুআ হল। পাচে কাঠ বাঁহৰ ঘৰৰ দৰে দুটুপিয়াকৈ ৰঙ্গঘৰটো পকি কৰিলে; ও গৰগাঁও নগৰৰ দুআৰ ঘৰ কেইটা পকি কৰিলে; আৰু গোআহাটিত সুক্ৰেস্বৰত দল কৰিলে; এবং ৰুদ্ৰসিংহ সৰ্গদেও স্বৰ্গি হোআ ঠাইত দল কৰি, ৰুদ্ৰেস্বৰ নামে সিৱস্থাপনা কৰি দেৱালই পাতিলে। আৰু কামৰুপ পিয়ল কৰি কাকত পত্ৰ নিবন্ধ কৰিলে। পৰে ১৬৭৩ সঁকৰ ২৯ আহিন ক্ৰিষ্ণা নৱমি
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৫৭
{{center|৫৩}}
তিথিত সৰ্গদেও স্বৰ্গি হল; ভোগ ৬ বচৰ, ১০ মাহ, ৫ দিন। ইতি। ৩২। {{gap}}এঁওৰ মৰনান্তে এঁওৰো পুতেকটি ৰজা নহল; ভায়েক সৰু জনা গোহাঁই দেও ১৬৭৩ সঁকৰ ৩০ আহিনত ৰজা হল। বকতিয়াল বৰ বৰুয়াই বিসমে বুজাই, বৰ জনা গোহাঁই দেওক নগৰৰ বাজকৈ উলিয়াই থলে। পাচে সিঙ্গৰি ঘৰ উঠি চুৰেমফা নাম ললে; হিন্দু মতে ৰাজেস্বৰসিংহ নাম ললে। এঁওৰ দিনতে লাঙ্গমাই কলিয়া ১, কুঁঐগঁয়া ভগি ১, এই দুই ক্ৰমে বুৰা গোহাঁই হল। ঐ ম্ৰিত্যুঞ্জয়ৰ পুতেক কম্বুকণ্ঠ ১, লেচেঙ্গিয়াল ১, ক্ৰমে এই দুই বৰ পাত্ৰ হল; দল বন্ধাৰ ভায়েক নুমলি ১, মাদুৰিয়ালৰ বৰ জনা ১, এই দুই ক্ৰমে বৰ গোহাঁই হল; ঐ বিজই তৰুন দুঅৰাৰ নাতি বহিখোয়া ১, এঁওৰ দদায়েক তামুলি জনা ১, এই দুই ক্ৰমে বৰ ফুকন হল; এই নুমলি বৰ গোহাঁয়েই ৰাজ মন্ত্ৰি হল; এঁও মৰিলত লেচেঙ্গিয়াল বৰ পাত্ৰ ৰাজ মন্ত্ৰি হল। আৰু ৰঙ্গপুৰ গৰগাঁও দুয়ো নগৰত দুটা পকি তলাতল ঘৰ কৰালে; এবং দুটুপিয়া বৰটো ৰঙ্গঘৰৰ ওচৰতে দল ঘৰৰ দৰে সৰুকৈ এটা পকি ৰঙ্গঘৰ কৰিলে। এঁওৰ দিনতে বহিথোআ বৰ ফুকন, ডেকা বৰ বৰুআ, লুথুৰি কাঠকটিয়া বৰুয়া, এই তিনিএ তিনটা আলি কৰিলে; কৰোআ তিনিৰ নামেই অলি তিনটাৰ নাম হল। {{gap}}এনেতে মনিপুৰ দেস মানতৰাই ললৈহি; মনিপুৰিয়া ৰজা
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৫৮
{{center|৫৪}}
সপৰিবাৰে ভাগি আহি কচাৰি দেসত থাকি, অপোন দেস লবলৈ ফৌজ পাবৰ নিমিতে সৰ্গদেৱলৈ জনাই পঠালত, খ্যাতি ধৰম দুয়োটা হই দেখি, সকলোৰে সমালোচন কৰি, দুঅৰাৰ হৰনাথ ভিতৰুআল ফুকনক সেনাপতি ফুকন নাম দি, এঁৱে সহিতে বহু ফৌজ পঠাই দিলে। সেই ফৌজেই মৰঙ্গিৰ বাটে সোমাই, বিস্তৰ হাবি লতা কাটি পোনাই জাঁওতে বাটতে অনেক দিন হল; খোআ দ্ৰব্য বস্তু ঢুকালত সৰ্গদেৱলৈ জনাই পঠালে; এখেৰ আজ্ঞা পাইগৈ মানে বহুত ফৌজ মৰিল। এনেতে মনিপুৰ দেসৰ মানতৰাই অহম দেসৰ অনেক ফৌজ আহিচে বুলি সুনি, মনিপুৰ এৰি গুচি গল। ফৌজ উলটি অহা আজ্ঞাও পালেগৈ; পাচে মৰাৰ সেস ফৌজ লৈ সেনাপতি ফুকন উলটি আহিল। জদ্যপি ৰনেই নহল, তথাপি দেসত এই খনকে লতাকটা বন বুলিলে। আৰু বিসমকৈ নি ফৌজ মৰোআ বাবে সেনাপতিক বিহিত দণ্ড কৰি, বকতিয়াল বৰ বৰুআক পুনৰ পঠালত, বব বৰুআ গৈ ৰহা পাঁওতেই মানতৰা ভাগি গল বুলি, মনিপুৰিয়া ৰজাই সুনি বোলে, আমি সৰ্গদেৱৰ অনুগ্ৰহতেইহে দেস পাঁও, আৰু মোৰে পৰা অনেক হানি হৈচে; এতেকে মোৰ কুৰঙ্গনয়নি জিক সৰ্গদেৱলৈ দি মিত্ৰ কৰোঁ বুলি বৰ বৰুআলৈ কলত, বৰ বৰুআই মনিপুৰিয়া ৰজাক অনি সোনাৰি নৈ বহিৰতে সাখ্যাত কৰালে। তাতে অনেক জৌতকেৰে ৰজাই জিএকক সৰ্গদে-
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৫৯
{{center|৫৫}}
ৱত বিবাহ দি দেসলৈ গল। এই আপাহতে সৰ্গদেৱে বকতিয়ালৰ গেন্ধেলা বৰ বৰুআক কিতিচন্দ্ৰ নাম দি জাপিত সোনৰ চুলা ও বৰ চৰাত বহিবলৈ তলচা দিলে; আৰু পাচৰ জিয়া ৰজা পোআলি কেইটা বৰ বৰুআই জনাই লৈ, ঐ বহিয়াল বৰুআৰ তাবে দি ডাগিৰ চামিল কৰিলে। পাচে জৌতকৰ মনিপুৰিয়া মানুহ খনিক দিচৈ কাসৰতে খাত পতাই থলে। মনিপু্ৰিয়াকে এই দেসত মগল বোলে; এই কাৰন ঐ খাতক মগলুখাত বোলে। আৰু এঁও কুঁঅৰি এই খনতে এটা পুখুৰি খনালে; তাকো মগলু জিএকৰ পুখুৰি বোলে। পাচে সৰ্গদেৱে হৰগৌৰি দেৱালই কৰিলে। {{gap}}এনেতে বৰ গোহাঁই ডাঙ্গৰিয়াই চকৰিফেটি নামে এখন বুৰঞ্জি উলিয়াই, বকতিয়ালৰ ঘৰ জলমবটা বুলি কোআ সুনি, বৰ বৰুআই নৰাৰ পৰা বঙ্গহৰ মানুহ আনি দি, আচল অহম হই জেন বুজাই, সৰ্গদেৱত জনালে বোলে, বন্দি প্ৰধান হৈ খকাতে এই বেৱস্থা; আগলৈ বা কাৰ ঘৰৰ গুৰি কি লিখি থই, আৰু ৰজা ঘৰৰ বা কোন কথা কেনে দৰে লিখে; এতেকে অহম ডাঙ্গৰিয়া কাকতি কটকি জাৰ জাৰ ঘৰত জত বুৰঞ্জি আচে, সকলো খনি আনিব দিওক। এই ৰুপ জনালত সৰ্গদেৱে আজ্ঞা কৰিলে; তদনুসাৰে দেসত জাৰ জাৰ ঘৰত বুৰঞ্জি আচিলে, সকলো খনি সৰ্গদেৱে চাবলৈ বিচাৰিচে বুলি কৈ, জি কেই খন পালে তাকে চপাই লৈ, তাৰে জি কেই
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৬০
{{center|৫৬}}
খনত বিসম পালে পুৰি পেলালে। আৰু ১৬৮৫ সঁকত বকতিয়াল বৰ বৰুআক আধা কটা কৰিলত, সেই মানুহ ধৰি দিহিঙ্গিয়া ঢেকিয়াল বৰুআ প্ৰভ্ৰিতিক দণ্ড বন্ধ কৰি, সৰ্গ দেৱলৈ জনাই, লগত ফুৰিবলৈ টাঙ্গন ধৰা ললে; ও গৰ ভিতৰতে ওপৰত ধৰিবলৈ বৰ জাপি ললে; এবং পানিচোআত টুপৰ দৰে চৈৰে ঢেকেৰি চালি ললে। {{gap}}আৰু সৰ্গদেৱে গুআহাটিৰ বসিষ্ঠাস্ৰমত দল কৰালে, ও মনিকৰ্নেস্বৰ চিত্ৰাচল, এই সকলতো দল কৰালে। পৰে সৰ্গদেও ৺ কামাখ্যা সেৱা কৰিবলৈ গুআহাটিলৈ গৈ, বঠাখনাত বাহৰ কৰিলে। এই জনা সৰ্গদেও প্ৰৰ্জন্তেহে পৰ্বতিয়া গোসাঁইৰ সিস্য অচিলে; এই জনাৰ দিনতে পৰ্বতিয়া গোসাঁইৰ বঙ্গহ নাতি গোসাঁই বুলি, এঘৰ বিতি বিধানে সহিতে প্ৰিথক হৈ পাণ্ডুনাথত ঘৰ লই, আৰু ক্ৰমে সৰ্গদেৱৰো পো নাতি পৰিয়াল অনেক হল। {{gap}}পাচে গুআহাটিৰ পৰা আহি, দেৱৰগাঁৱৰ পুৰনি দল আদি কিচু গাঁও ব্ৰহ্মপ্ৰত্ৰে খহোআত নেঘেৰিটিঙ্গত ন দল কৰিবলৈ ধৰাত, মোআমৰা মহন্তে মালৌপথাৰৰ বৰ দ ঠাইকে বান্ধি লঁও বুলি, সকলো ভকতক আজ্ঞা কৰিলে বোলে, মানুহটে এচপৰাকৈ মাটি দি ভেঁটি এটি বান্ধক, আমি তাতে সত্ৰ কৰিম। পাচে সেই আজ্ঞা মতেই মাটি দি বান্ধিলত বৰ ভেঁটি হল। তাতে সত্ৰ কৰিলে,
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৬১
{{center|৫৭}}
তাকে আজিলৈকে বৰ ভেঁটি বোলে। তাকে বান্ধিবলৈ সকলো সিস্য ভকত চপাতে আলচ কৰিলে বোলে, এতেক প্ৰজা হৈচে, অৱস্যে পুৰ্ব প্ৰতিকাৰ কৰিব পৰা হব, এই বুলি জোজা হৈ থাকিবলৈ বুলিলে। এই ভেঁটিৰ কাৰনে চপা প্ৰজা অসংখ্যক বুলি সুনি, সৰ্গদেৱে ভাবিলে, পুৰ্বে বৰ জনা ককাই সৰ্গদেৱে মোআমৰা মহন্তক অভিমান দি থৈচে; সেই মহন্তৰে সিস্য প্ৰজাৰ এই প্ৰভাও সুনিচোঁ, অৱস্যে দ্বেস কৰাৰ আগন্তুক আচে; কিন্তু এই মহন্তৰ জিমান প্ৰজা ও বিভুতি, দিহিঙ্গৰ সিলিখাতলিয়া মহন্তৰো সিমান বিভুতি; এতেকে দিহিঙ্গৰ মহন্তক ভিতৰুআল কৰি থোআ ভাল জেন বুজি, দিহিঙ্গৰ অধিকাৰি মহন্তক অনাই, সততে চাঙ্গলৈ অহাজোআকৈ সৰ্গদেৱক দেখা হৈ থাকিবলৈ অজ্ঞা কৰি লিগিৰা বাব দি ভিতৰুআল কৰিলে। ক্ৰমে দেৱৰগাঁৱৰ ন দলো তৈয়াৰ হল। এনেতে নৰিয়া পৰি দেৱৰগাঁও বাহৰতে ১৬১১ সঁকৰ ২০ জৌষ্ঠ ক্ৰিষ্ণা দসমিত সৰ্গদেও স্বৰ্গি হল; ভোগ ১৭ বচৰ, ৭ মাহ, ২১ দিন। ইতি। ৩৩। {{gap}}এঁওৰ মৰনান্তে এঁওৰ ভায়েক ১৬৯১ সঁকৰ ২১ জৌষ্ঠত ৰজা হল। পাচে সিঙ্গৰি ঘৰ উঠি চুন্যেউফা নাম ললে; হিন্দু মতে লক্ষ্মিসিংহ নাম ললে। এবং এই দেসি ৰমানন্দ আচাৰ্জ্যত সিস্য হৈ ক্ৰমে অনেক ব্ৰিতি বিধান দি, পহু মৰিয়া গোসাঁই নাম দিলে; এঁওৰ ঘৰৰে ন গোসাঁই নামো চলিল।
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৬২
{{center|৫৮}}
পাচে ঐ সঁকৰে আঘোনত মোআমৰিয়াৰ নাহৰ খোৰা ও ৰাঘ মৰান দুয়েই মুখ্য হৈ আহি, পুৰ্বে খেদি থোআ বৰ জনা গোহাঁইদেৱক আগত লৈ দেখাই, বিনা ৰনে নগৰ জিনি লৈ, খোৰাৰ পুতেক ৰমাকান্ত ৰজা হল; বাঘ বৰ বৰুআ হল। সৰ্গদেৱক জইসাগৰৰ বৰ দলতে কএদ কৰি থলে। ঐ কুঁঐগয়া ভগি বুৰা গোহই, ও ঐ মাদুৰিয়াল বৰ জনা বৰ গোহাঁই, দুয়ো জনা ডাঙ্গৰিয়াক মাৰিলে; বকতিয়ালৰ কিৰ্তিচন্দ্ৰ বৰ বৰুঅকি সালত দিলে; পুতেকহঁতক কাটিলে, আৰু সৰ্গদেৱৰ ৮ চুকিয়া মোহৰ দেখি আমাৰ ভেদ হব লাগে বুলি, ৯ চুকিয়াকৈ মোহৰ মাৰিলে। পাচে সৰ্গদেৱেৰে সকলোএ আলচি ঐ সঁকৰে চতৰ বিহুত বাঘ, ৰমাকান্ত, খোৰা সকলোকে মাৰি সৰ্গদেৱে নগৰ ললে। সেই আপাহতেই কুঁঐগয়াৰ ঘনস্যাম বুৰা গোহাঁই হল, ও বাইলুঙ্গ বৰ গোহাঁই হল, এঁৱেই ৰাজমন্ত্ৰিও হল; মৰান বৰ পাত্ৰ হল, বকতিয়ালৰ ভদ্ৰসেন বৰ বৰুআ হল। এই ৰুপে সকল হৈএই মোআমৰা মহন্তক সপৰিবাৰে ধৰি আনি মাৰিলে; মোআমৰিয়াও বহুত এই সময়তে মাৰিলে। {{gap}}পাচে ক্ৰমে ঐ মৰানৰ পুতেক বৰ পাত্ৰ হল, এঁওৰ পাচত কেন্দুগুৰিয়া ৰুদ্ৰেস্বৰ বৰ পাত্ৰ হল; ও ভদ্ৰসেনৰ পাচত সন্দিকৈৰ এদাবৰিয়া বৰ বৰুআ হল, ও দিহিঙ্গিয়াৰ কাসি ১, লাহন ১, এই দুই ক্ৰমে বৰ ফুকন হল। আৰু
VALIDATED
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৬৪
{{center|৬০}}
মোআমৰিয়াই কাটিলত পুতেক নিৰ্ভয়নাৰায়ন ১, চটায়লিয়া গঙ্গাৰাম ১, এই তিনি জনা ক্ৰমে বৰ গোহাঁই হল। পৰে গঙ্গাৰামক ভাঙ্গি ১৭১৫ সঁকৰ চতত ঐ নিৰ্ভয়নাৰায়নেই আকও বৰ গোহাই হল; এদাবৰিয়াক ভাঙ্গি খেদিলত নামতিয়াল সন্দিকৈৰ ভাগতি ১, বকতিয়ালৰ জয়নাথ ১, লাহনৰ বাচকটিয়া ১, এই তিনি ক্ৰমে বৰ বৰুআ হল। পাচে ১৭০৪ সঁকৰ ২ বৈসাগত ৰাতি সিঙ্গৰি ঘৰত মোআমৰিয়াই জুই দিয়াত ঐ ৰুদ্ৰেস্বৰ বৰ পাত্ৰ ডাঙ্গৰিয়া পলাই, ভটিয়াই গুআহাটিলৈ গলত ডাঙ্গৰিয়া ভাঙ্গিলে; এবং ৰাজমন্ত্ৰি বাব ঐ ঘনস্যাম বুৰা গোহাঁই ডাঙ্গৰিয়াক দিলে। এই সময়ত মোআমৰিয়া বহুত মাৰিলে। ৬ মাহৰ পৰে অকিও ঐ ৰুদ্ৰেস্বৰকে বৰ পাত্ৰ পাতিলে। ঐ ঘনস্যাম বুৰা গোহাঁই মৰিলত, সেই ৰাজমন্ত্ৰি বাবে সহিতে পুতেক পুৰ্নানন্দ ডেকা জনা বুৰা গোহাঁই হল; ও দুঅৰাৰ সেনাপতি হৰনাথ, সন্দিকৈৰ গগৈ ১, এই দুই ক্ৰমে বৰ ফুকন হল। {{gap}}পাচে ১৭০৯ সঁকৰ মাঘত পুৰ্ব সত্ৰু মোআমৰিয়াই উজনি খনি দেস ললে। সৰ্গদেও ভটিয়াই গুআহাটিলৈ গল। বুৰা গোহাঁই ডাঙ্গৰিয়াই বৰ পাত্ৰ ডাঙ্গৰিয়াই উজনিত ৰন কৰি ফুৰাতে বৰ পাত্ৰ ডাঙ্গৰিয়াক মোআমৰিয়াই কাটিলত, সৰ্গদেৱে পৰে অনিক বৰ পাত্ৰ পাতিলে। বুৰা গোহাঁই ডাঙ্গৰিয়াই এই ৰনলৈকে বিবুধি গৰ বান্ধি ৰন কৰি আচিল। গুআহাটিত
VALIDATED
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৬৫
{{center|৬১}}
গগৈ বৰ ফুকন পলাই গলত, দিহিঙ্গিয়াৰ মেধি ১, দুঅৰাৰ সিৱনাথ ১, বুৰা চেটিয়া ১, দুঅৰাৰে ঐ সেনাপতি হৰনাথ বৰফুকনৰ পুত্ৰ ঘিনাই বদনচন্দ্ৰ ১, ক্ৰমে এই চাৰি বৰ ফুকন হল। পাচে সৰ্গদেৱে গৃআহাটিৰে পৰা কুম্পানিৰ ঘৰলৈ গুআহাটিয়া বিকা মজুমদাৰ ও দতখান্দ, দুইক উকিলকৈ পঠাই ফৌজ সহিতে মেজেৰ ওআলিচ সাহাক আনি উজাই আহি, ১৭১৫ সঁকৰ চতত মোআমৰিয়াক খেদি, ৰঙ্গপুৰ নগৰলৈ ১৭১৬ সঁকৰ সাওনত জোৰহাট বাহৰলৈ আহিল। পাচে তাতে নৰিয়া পৰি ১৭১৭ সঁকৰ ২২ সাওন ক্ৰিষ্ণা চতুৰ্থিত সৰ্গদেও স্বৰ্গি হল; ভোগ ১৪ বচৰ, ৭ মাহ, ২২ দিন। ইতি। ৩৫। {{gap}}এঁওৰ মৰনান্তে লেচাই নামৰুপিয়া ৰজাৰ পুত্ৰ আয়ুসুত গোহাঁই, এঁওৰে পুত্ৰ কদম দিঘলা গোহাঁই, এঁওৰে পুত্ৰ কিনাৰাম গোহাঁই দেওক আনি বুৰা গোহাঁই ডাঙ্গৰিয়া প্ৰভ্ৰিতি সকলোএ ৰজা পাতি সেৱা কৰিলে। আৰু সিঙ্গৰি ঘৰ মুঠিলে; সিংহাসনত বহিব নেপাই কাৰনে প্ৰথমে ৰজা হোআত বাঁহৰ চাৰি চুকিয়া খুৰা লগা হেঙ্গলাঙ্গত কাপৰ পাৰি, ৰজা পাতিব লগা জনা গোহাঁই দেওক তাতে তুলি, ডাঙ্গৰিয়া সকলত স্বৰ্গি হোআ জনা ৰজা দেৱৰ আজ্ঞা কৈ বৰ বৰুআই কই, জে সেস কালত সৰ্গদেৱে এই জনা গোহাঁই দেৱতে ৰাজ্য আগ দি গৈচে, দেওবোৰে সেৱা কৰক; এই
VALIDATED
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৬৬
{{center|৬২}}
ৰুপে প্ৰনালি মতে বৰ বৰুআই কলেই, ডাঙ্গৰিয়া সকলে সেৱা কৰি ৰজা পাতে। কিন্তু এই গৌৰিনাথ সিংহ সৰ্গদেও স্বৰ্গি হবৰ দিনাই লাহনৰ ঐ বাচকটিয়া বৰ বৰুআক ধৰি দণ্ড কৰিলে। এই হেতুকে বৰ বৰুআ নাইকিয়া হলত বৰ বৰুআ কৰ্তব্য খনি কৰম ৰজা পতা কালত কাকতিয়াৰ সিৱনাথ তামুলি ফুকনৰ দ্বাৰা কৰালে। পাচে ৰজা দেও সিঙ্গৰি ঘৰ উঠিবলৈ নহল দেখি, অহম মতে নাম নহল; হিন্দুমতে কমলেশ্বৰ সিংহ নাম হল; বাপেক জনা চাৰিঙ্গিয়া ৰজা হল। ঐ ১৭১৭ সঁকৰ ২৩ সাওনৰ পৰা এই জনা ৰজা দেৱৰ ভোগ লিখা জাই। আৰু এই জনাৰ দিনতে অনিক ভাঙ্গি কেন্দুগুৰিয়া ৰুদ্ৰেম্বৰৰ পুতেক দুৰ্গেশ্বৰ বৰ পাত্ৰ হল; নিৰ্ভয়নাৰায়নক ভাঙ্গি ঐ গঙ্গাৰাম বৰ গোহাঁই হল; এওকে ভাঙ্গি কপৌ মৰিয়া নৰহৰি বৰ গোহাঁই হল; সন্দিকৈৰ ভদৰি ১, দুঅৰাৰ শ্ৰীনাথ ১, এই দুই ক্ৰমে বৰ বৰুআ হল; সন্দিকৈৰে গেন্ধেলা ৰাজ খোআই কলিয়া ভোমোৰা দুতিয় নামে বৰ ফুকন হল; হৰদতাদি দুন্দিয়া মাৰি কামৰুপ চাফ কৰাত সৰ্গদেৱে দিয়া ত্ৰিতিয় নামে, এঁওকে প্ৰতাপবলভো বুলিচিলে। এই জনাৰ দিনতে পৰদেসি চিপাহি চাকৰ ৰাখি, দেসি চিপাহিও সিকাই তৈয়াৰ কৰে। পথৰ কলা বন্দুক কতক কিনি আনি, গুআহাটি জোৰহাট দুয়ো ঠাইত দেসিএ
VALIDATED
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৬৭
বিদেসিএ মিলাই পল্টন খাৰা কৰে, ও বুৰা গোহাঁই পৰিয়া চন্দ্ৰা গোহাঁইক পল্টনৰ কাপ্তান পাতে। পাচে ১৭১৮ সঁকত উজনিত থাম্‌তি ৰন ওলালত ফৌজ গৈ ৰন জিকি, খাম্‌তিৰ বুৰা ৰজাক কিচু খাম্‌তি সহিতে ধৰি আনিলে। পৰ বচৰত শ্ৰী শ্ৰী চন্দ্ৰকান্ত দেৱতা জন্মে। পাচে ১৭২১ সঁকৰ আহিনৰ সুকুলা পঞ্চমিত চাৰিঙ্গিয়া ৰজা দেও লোকান্তৰ গমন কৰে, শ্ৰীশ্ৰী চন্দ্ৰকান্ত দেৱতাই চাৰিঙ্গিয়া ৰজা হল। ১৭২৪ সঁকত কচাৰি ৰন হল; এই বনতে অনেকটি চিপাহি ও বন্দুক লোক্‌চান হল; তথাপি এই ৰনত সৰ্গদেৱৰ জই হল। আৰু ঐ সঁকৰ পুহ মাহে ৰজা ডাঙ্গৰিয়া দুইকো ধৰা মৰা মনস্থেৰে মন্ত্ৰনা কৰা পানিমুআ প্ৰভ্ৰিতি, বহু লোকক ধৰি মাৰে। পাচে ঐ ৰনত চিপাহি সৰঞ্জাম লোক্‌চান হলত, তাকে আনিবৰ নিমিতে ১৭২৫ সঁকত কাকতিয়াৰ বলোৰাম খঙ্গিয়া ফুকনক উকিলকৈ চলিহাৰ ভুধৰ চাঙ্গকাকতি ও গোবিন্দৰাম সৰ্ম্মা খাওন্দ ও তনুশ্যাম খাও ও মধুসৰ্ম্মা কমলা বৰিয়া দোলা কাসৰিয়া বৰা, এই সকলক লগত দি সহৰ কলিকাতাৰ শ্ৰীশ্ৰীজুত গবনৰ সাহাবৰ হজুৰলৈ পত্ৰ সন্দেস সহিতে পঠাই, বন্দুক, বাৰুজ, গোলা ও চিপাহি, ইয়াকে অনালে। এই আপাহতে খঙ্গিয়া ফুকনক পল্টনৰ দুতিয় কাপ্তান পাতিলে। আৰু কলিয়া ভোমোৰা বৰ ফুকনে সৰ্গদেৱৰ আজ্ঞানুসাৰে গুআহাটিৰ কামাখ্যাত তামৰ ঘৰ
VALIDATED
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৬৮
{{center|৬৪}}
কৰিলে, ও চাত্ৰাকাৰত দেৱালই কৰিলে। আৰু সৰ্গদেৱে জোৰহাটতে ন বাহৰ কৰিলে, ও ভোগদৈ নৈ খনালে; হাতিখোক বান্ধি কিছু হাতি ধৰালে; এবং ন আলি, ও ৰজাবাহৰৰ অলি, মহে বন্ধা আলি, কমাৰে বন্ধা আলি, চুচন্দে বন্ধা আলি, এই কেইটা আলি বন্ধালে। আৰু গৌৰিনাথ সিংহ সৰ্গদেৱৰ পৰ্বতিয়া আই কুঁঅৰি দেৱে চেউনি আলিৰ ওচৰতে এক পুখুৰি কৰালে। পাচে বসন্ত পিৰা হৈ ১৭৩২ সঁকৰ ৫ মাঘ ক্ৰিষ্ণা সপ্তমিত সৰ্গদেও স্বৰ্গি হল; ভোগ ১৫ বচৰ, ৫ মাহ, ১৩ দিন। ইতি। ৩৬। {{gap}}এঁওৰ মৰনান্তে এওৰে ভায়েক চাৰিঙ্গিয়া ৰজা দেৱেই ১৭৩২ সঁকৰ ৬ মাঘৰ পৰা ৰজা হল। সিঙ্গৰি ঘৰ উঠিবলৈ নহল দেখি অহম মতে নাম নহল; হিন্দু মতেই শ্ৰীশ্ৰী চন্দ্ৰকান্ত সিংহ নাম হল। এঁওৰে ৰাজমাঁও দেৱে ন বাহৰতে পুখুৰি খনাই উচৰ্গি, বিষ্ণুসাগৰ নাম দিলে; এবং হাতি গৰৰ ওচৰতে বুৰা গোহাঁই ডাঙ্গৰিয়াও এক পুখুৰি খনালে। এই জনা সৰ্গদেৱৰ দিনতে প্ৰতাপ বলভ বৰ ফুকন মৰিলত দুঅৰাৰ বদনচন্দ্ৰই বৰ ফুকন হল। পাচে কুকুৰা চোআ বৰা ভুতৰ পুতেক সতৰাম সৰ্গদেৱৰ প্ৰধান বলত হৈ চাৰিঙ্গিয়া ফুকন হল। দৈচুঙ্গিয়া বামুন জগধৰ চাৰিঙ্গিয়া বৰুয়া প্ৰভ্ৰিতি কিছু লোক ঐ ফুকনে সহিতে এক পৰামৰ্সি হৈ ৰাজ মন্ত্ৰি পুৰ্নানন্দ বু গোহাঁই ডাঙ্গৰিয়াক নষ্ট কৰিব খোজাত, এই কথা
VALIDATED
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৬৯
{{center|৬৫}}
{{Left|৯}}
ডাঙ্গৰিয়াই বুজ পাই, ১৭৩৬ সঁকৰ আসাৰ মাহত ঐ ফুকন প্ৰভ্ৰিতি সেই পৰামৰ্সি লোক সকলক ধৰি বৰ চৰাতে তিনিও জনা ডাঙ্গৰিয়া বৰ বৰুয়া সহিতে ফুকন সকলে বহি সোধ পাতি, দণ্ড বন্ধ কৰিলে। পৰে ১৭৩৭ সঁকৰ আহিন মাহত গুআহাটিৰ পৰা ঐ বদনচন্দ্ৰ বৰফুকন বুৰা গোহাঁই ডাজৰিয়াত ভয়েৰে পলাই, বঙ্গাল দেসলৈ গল; তেঁওৰ মুৰে দিহিঙ্গিয়াৰ ঘনশ্যাম ন ফুকন বৰ ফুকন হল। পৰে ১৭৩৮ সঁকৰ কাৰ্তিক মাহে দুৰ্গেবৰ বৰ পাত্ৰ ডাঙ্গৰিয়াও পলাই ভটিয়াই গৈ ম্ৰিত্যু হল। বৰ ফুকনে ভাটিৰে পৰা মানৰ দেসলৈ গৈ মানৰ ফৌজ সহিতে উজনিএ ওলালহি। কিচু দিনৰ পুৰ্বৰে পৰা ডাঙ্গৰিয়াৰ নৰিয়া দেখি নিজে ৰনলৈ জাব নোআৰি, এই মানৰ ৰনলৈকে ফৌজ পঠায়েই ১৭৩৮ সঁকৰ চতত ডাঙ্গৰিয়া ম্ৰিত্যু হল। পাচে সৰ্গদেৱে ডাঙ্গৰিয়াৰ বৰ পুতেক ৰুচিনাখক ৰাজমন্ত্ৰি বাবে সহিতে বুৰা গোহাঁই পাতি দিন চাৰেক মান থকাতে, বৰ ফুকনে চলেৰে আমাৰ ফালৰ ফৌজ খনি ধৰি লৈ আহি জোৰহাট পাবহি লগা হলত, ৰুচিনাথ ডাঙ্গৰিয়াই সৰ্গদেৱে সহিতে গুহাটিলৈ জাবলৈ জনোআত ন গল দেখি, সৰ্গদেৱৰ মনস্থ মতে বৰ ফুকুনে আমাৰ ঘৰলৈছে মান জানিচেগৈ হেন বুজি, সৰ্গদেৱক নগৰতে এৰি ডাঙ্গৰিয়া সপৰিবৰে ভটিয়াই গুআহাটিলৈ গল। পাচে মানে সহিতে বৰ ফুকন আহি সৰ্গদেৱক সাখ্যাত কৰি, ডাঙ্গৰিয়াৰ ঘৰ লুৰি
VALIDATED
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৭০
{{center|৬৬}}
দ্ৰব্য বস্তু ৰাজহলৈ আনিলে। আৰু ঐ অনিৰ ভায়েক ধনিক বৰ পত্ৰ পতালে, ও কপৌ মৰিয়া নৰহৰিক ভাঙ্গি ঐ নিৰ্ভয়- নাৰায়নক ৰাজমন্ত্ৰি বাবে সহিতে বৰ গোহাঁই পতালে, ও শ্ৰীনাথক ভাঙ্গি সন্দিকৈৰ ধনিক বৰ বৰুআ পতালে; নিজে মন্ত্ৰি ফুকন হৈ বুৰা গোহাঁইত খঙ্গেৰে জালৈ জাৰ নাটনি আচিলে, বুৰা গোহাঁইৰ ফলিয়া বুলি, তেনে কিচু লোকক দণ্ড বন্ধ কৰিলে। পাচে সৰ্গদেৱে মান ৰজাৰে মিত্ৰত থাকিবৰ নিমিতে তুঙ্গখঙ্গিয়া ফৈদৰে বগা কোঁঅৰৰ জিএকক আনি, জি বুলি সালঙ্ক্ৰিতাকৈ দোলা আবোআন লালিগিৰি হাতি ঘোৰা আদি দ্ৰব্যেৰে মান ৰজালৈ দিলে। অহা মানৰ সেনাপতি সকলকো জথাজোগ্যে বঁটা বাহন দি, মানৰ ফৌজক বিদাই দিলে। {{gap}}পৰে ডাঙ্গৰিয়াক আনিবলৈ মানুহ পঠোআতি ঘৰ লোৰা এবং উপসকো ৰখ্যা ন পৰা সুনি নহাত, ডাঙ্গৰিয়াই মন্ত্ৰি ফুকনলৈ সংসই কৰিহে নাহে জেন ভাবি, ডাঙ্গৰিয়াই সুনি অহিৰ বুলি, বৰ গোহাঁই বৰ বৰুআই পৰামৰ্স কৰি, ১৭৩৯ সঁকৰ সাওনত ৰপচিং চুপাদাৰৰ হতুআই মন্ত্ৰি ফুকনক কটাই সৰ্বস্ব লুটিলে। তথাপি কচিনাথ ডঙ্গৰিয়াই উজাই নাহি দিহিঙ্গিয়া বৰফুকন প্ৰভ্ৰিতি সকলো ফুকন ৰাজ খোআৰে পৰামৰ্স কৰি, ৰাজেস্বৰ সিংহ সৰ্গদেৱৰ পুতেক ৰত্নেস্বৰ সৰু জনা গোহাঁই দেও, তেঁওৰে পুতেক বিজই বৰ মুৰা গোহাঁই
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৭১
{{rh||৬৭|}}
দেও, তেঁওৰে পুতেক ব্ৰজনাথ গোহাঁই দেৱক ডাঙ্গৰিয়াৰ ভায়েক জগনাথ ঢেকিয়াল ফুকনক পঠাই আনি, সহাই লৈ তেঁওৰ পুতেককে ৰজা পতাৰ স্থিৰ কৰা সুনি, সৰ্গদেৱে ৰন কৰিবলৈকে আজ্ঞা কৰি লুখুৰাসনৰ চিকন তামুলিৰ ঘৰৰ লুকু গুআহাটিয়া ডেকা ফুকনক দিলে; এবং জোৰহাটৰ পৰা সৰ্গদেও ৰঙ্গপুৰ নগৰলৈ গল। পাচে ব্ৰজনাথ গোহাঁই দেও ডাঙ্গৰিয়া সহিতে ফৌজেৰে উজাই আহি, ঐ ডেকা ফুকনক কাটি আঘোনত জোৰহাটলৈ ঐ ঢেকিয়াল ফুকনক পঠাই ৰঙ্গপুৰৰ পৰা জোৰহাট বাহৰলৈ সৰ্গদেৱক আনি, ঐ ১৭৩৯ সঁকৰ ৫ ফাগুনত ব্ৰজনাথ গোঁহাই দেৱৰ পুত্ৰ শ্ৰীশ্ৰীপুৰন্দৰ সিংহ দেৱতাক গৰগঁয়া গুআহাটিয়া সকলোএ সেৱা কৰি জুবৰাজ পাতিলে। পৰে সেই ফাগুনৰে ১০ তাৰিখত শ্ৰীশ্ৰীচন্দ্ৰকান্ত সিংহ সৰ্গদেৱক ৰজা ভাঙ্গি, শ্ৰীশ্ৰীপুৰন্দৰ সিংহ জুবৰাজক ৰজা পাতি সকলোএ সেৱা কৰিলে। এই হেতুকে শ্ৰীশ্ৰীচন্দ্ৰকান্ত সিংহ সৰ্গদেৱৰ ৰাজ ভোগ ৭ বচৰ, ১ মাহ, ৫ দিন। ইতি। ৩৭। {{gap}}পাচে ভগা জনাক অঙ্গখ্যত কৰি স্থানান্তৰ কৰি জোগান দি থৈ ১৭৩৯ সঁকৰ ১১ ফাগুনৰ পৰা শ্ৰীশ্ৰী পুৰন্দৰ সিংহ সৰ্গদেৱে ৰাজত্ব কৰে। এঁওৰ দিনতে ঐ অনিৰ ভায়েক ধনিক ভাঙ্গি ডণ্ডেস্বৰ বৰ পাত্ৰ, ও নিৰ্ভয়নাৰায়নক ভাঙ্গি বাৰুকিয়ালৰ মালভোগ বৰ গোঁহাঁই, ও ধনিক ভাঙ্গি সন্দিকৈৰ
VALIDATED
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৭২
{{rh||৬৮|}}
ঘিনাই বৰ বৰুআ,ও ঘনস্যামক ভাঙ্গি পুতেক নিৰ্গুণ বৰ ফুকন-এই সকল বিসয়া হল। এঁও বৰ ফুকনেই ৰজা হোৱাত কাৰ্বাৰ কৰা আপাহত পানি জাপিত সােনৰ চুলা পালে। পাচে মান আলুঙ্গমিঙ্গি বৰ গােহাঁই ফৌজেৰে অহাত, মাচখােআ গৰতে বৰ ৰন হল। এই ৰনতে পৰাস্ত হৈ মন্ত্রিবৰ্গে সহিতে ১৭৪০ সঁকৰ ২৪ ফাগুনত সপৰিবাৰে সৰ্গদেও গুআহাটিলৈ গৈ, ঐ নিৰ্গুনক ভাঙ্গি পাতৰৰ গগৈ ন ফুকনক বৰ ফুকন পাতি মানেৰে ৰন কৰিবলৈ পঠোআত ৰনুআ কোঠতে নৰিয়া পৰি বৰ ফুকন খাগৰি জানত মৰিলত, ঐ ঘিনাই বৰ বৰুৱাক বৰ ফুকন, ও লাহনৰ গুআহাটিয়া ডেকা ফুকন ভিচোক বৰ বৰুআ পাতি, সেই ৰনলৈকে পঠোআত পৰাং-মুখ প্রজুক্ত গুহাটিৰ পৰা ও পৰদেসলৈ সপৰিজনে সর্গদেও ভাগি গল। এই হেতুকে ভােগ ১ বচৰ, ১৪ দিন। ইতি। ৩৮।. ইতি বুৰঞ্জি সাৰে চতুর্থ খণ্ডং। <center>{{X-larger|'''পঞ্চম খণ্ড ।'''}}</center> {{gap}}পাচে মানৰ ঐ আলুঙ্গমিঙ্গি বৰ গােহাঁয়ে শ্রীশ্রীচন্দ্রকান্ত সিংহ সৰ্গদেৱক পুনৰ ৰজা পাতি থৈ দেসলৈ গল । ৰজা হৈ সৰ্গদেৱে মটকৰ মাতিবৰ বৰ সেনাপতিৰ ভায়েক কলিব-ৰক বুৰা গােহাঁই পাতিলে, ও অনিৰ ভায়েক ধনিক বৰ পাত্ৰ
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৭৩
{{rh||৬১|}}
পাতিলে ; ঐ নির্ভয়নাৰায়নক ধৰি আনি সর্গদেওৰ দ্রোহি বুলি মানে মাৰিলত, দিহিঙ্গিয়া ফৈদৰ গােবিন্দক বৰ গােহাঁই পাতিলে ; সন্দিকৈৰ ঐ ধনিক বৰ বৰুআ পাতি, সৰ্গদেৱৰ দ্রোহি বুলি মানে মাৰিলত, দুঅৰাৰ জুতকিয়া বৰুআক বৰ বৰুআ পাতিলে ; এওঁকে ভাঙ্গি খেৰেমিয়াল কচাৰিৰ পতালক বৰ বৰুআ পাতিলে ; দুঅৰাৰ বদন্‌-চন্দ্ৰৰ পুতেক জম্মিক বৰ ফুকন পাতিলে, এওঁক ভাঙ্গি বকতিয়ালৰ ভদ্রচন্দ্ৰক বৰ ফুকন পাতিলে, এওঁকো ভাঙ্গি লানমাখ্ৰৰ লম্বােদৰক বৰ ফুকন পাতিলে। পাচে ঐ বৰ বৰুআই দিঘলি ঘাটত জইপুৰ নামে এক কিলা কৰি, মানেৰে জুধ কৰা মনস্থেৰে থকাত মান ৰজাই সৰ্গদেৱলৈ বহুত ৰাজ জোগ্য অলঙ্কাৰ দি, সজাতি ফুকনে সহিতে মিঙ্গি মহাতিলােআ বজুক পঠোআত, সিহঁত আহি বৰ বৰুআৰ ঐ প্রাৰম্ভ দেখি, চলকৈ ধৰি বৰ বৰুআক মাৰিলে। এই বার্তা সর্গদেৱে সুনি বৰ বৰুআক মৰাত অমিল ৰুপে মান অহা জেন বুজি, বুৰা গােঁহাইক ৰনলৈ আজ্ঞা কৰি ঐ ভদ্রচন্দ্ৰক বৰ বৰুআ পাতি, ১৭৪২ সঁকৰ ২ চতত সৰ্গদেও গুআহাটিলৈ গৈ, বৰ গােঁহাই পৰিয়া মিৰি সন্দিকৈৰ ধনঞ্জয়ক বৰ গােহাঁই পাতিলে; ও ধনি বৰ পাত্ৰ মৰিলত খৰাসলক বৰ পাত্ৰ পাতিলে। উজনিত মানে ঐ বুৰা গােঁহাইক ৰন জিকি ধৰি কএদ কৰি থৈ, মিল ৰুপে সৰ্গদেৱলৈ কটকি পঠালে; নহাত ৰন হল ; ৰনত ঠাৱ-
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৭৪
{{rh||৭০|}}
ৰিব নােআৰি গুআহাটিৰ পৰাও ভাগি গল। এই হেতুকে শ্রীশ্রীচন্দ্রকান্ত সিংহ সৰ্গদেৱৰ পুনৰ ৰাজ লােগ ২ বচৰ, ৮ দিন। ইতি। {{gap}}পাচে মিঙ্গি মহা তিলােআই সৰ্গদেৱত নিৰাসা হৈ, ঐ বগা কোঁঅৰৰ পুতেক জোগেস্বৰ সিংহক ১৭৪৩ সঁকৰ ১২ আঘোণত ৰাজ্য স্থিৰ হবৰ মনস্থেৰে লােক দৰ্সক ৰুপে ৰজা নাম দি, নিজে ৰাজত্ব কৰি আচিলে। পৰে হাদিৰা চকিৰ পৰা শ্রীশ্রীচন্দ্রকান্ত সিংহ সৰ্গদেও ফৌজ ধৰি লৈ গুআহাটি আক্র-মন কৰি, চিৰিঙ্গৰ ৰাধানাথক বৰ বৰুআ পাতি, ক্রমে ক্রমে উজাই ঠায়ে ঠায়ে মানেৰে ৰন কৰি জিনি. মহগৰৰ ঘাট পালেহি। মানৰ দেশৰ পৰা আৰু বহু ফৌজেৰে মিঙ্গি মহা বালা বৰ গোহাঁই পালেহি ; উভই দলৰে মহগৰতে ৰন হল। এই ৰনতে ঠাৱৰিব নােআৰি, ১৭৪৪ সঁকৰ জেঠত সৰ্গদেও ভাগি ভটিয়াই পৰদেস পালেগৈ। এখেত বৰ গোহাঁয়ে এই দেশৰ খাটি থকা ভাল মানুহ খনিত বাজে অপাইকান চমুআৰ ঘৰমুৰি ও পাইকানৰ পােআমুৰি ৫ টকিয়াকৈ বৰঙ্গনি ধন তােলাই লৈ দেসলৈ গল। এই সঁকতে উতৰ পৰিয়াই মানেৰে ৰন পতাত, মানে ৰন জিকি বহু মানুহ মাৰিলে। আৰু এই সঁকতে শ্রীশ্রীচন্দ্রকান্ত সিংহ সৰ্গদেও বৰুআ ফুকন আটাইকে এৰি, অকলেই বঙ্গাল পাৰৰ পৰা স্ব ইচা ক্ৰমে মানৰ লগ লৈ আহি ৰঙ্গপুৰ নগৰ
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৭৫
{{rh||৭১|}}
সােমালহি; কিন্তু মানে ৰাজত্ব নি দি জোগান দি ৰাখিলে। পৰে মিঙ্গি মহা তিলােআক ১৭৪৫ সঁকৰ আহিনত মিঙ্গি মহা- নান্দ ক্যাডেঙ্গ মগাউন আহি বদলি কৰিলেহি।। {{gap}}পাচে মানে কুম্পানিৰ সিমাত জোকালত, ঐ সঁকৰ চতত কুম্পানিৰ ফৌজে এই দেসৰ হাদিৰা চকিলৈ ক্রমে ক্রমে উজাই, গুআহাটি, দৰঙ্গ, নগাঁও, কলিয়াবৰ প্রভ্ৰিতি স্থান আক্রমন কৰি ধিৰে ধিৰে আহি, ইংৰেজি ১৮২৫ সনৰ ২ ফিব্রুয়াৰি ১৭৪৬ সঁকৰ ২১ মাঘত স্যাম ফুকনৰ এক বাবলৈ, ৰঙ্গপুৰ নগৰ ললেহি। তাৰে পৰা কতক মানক দেসলৈ জাৰলৈ এৰি দিলে ; সেইবােৰ দেসলৈ গল। দেসলৈ ন গৈ থকা স্যাম ও নেবাৰু দুই ফুকনক সিংহতৰ সেনা খনি সহিতে এজেণ্ট নবাব গবনৰ জানৰেল ডেবিড ইস্কাট সাহাবে ভটিয়াই দি পঠালে; এবং শ্রীশ্রীচন্দ্রকান্ত সিংহ সৰ্গদেও ও জোগেশ্বৰ সিংহ ৰজা দেও দুয়াে জনাক ভটিয়াই পঠালে। এই পর্জন্তে দেসত মানে অনেক দুর্গতি কৰিলে, ও ঠায়ে ঠায়ে নগাঁও প্রভ্ৰিতি বিস্তৰ লােকক মাৰিলে। পাচে শ্ৰীশ্রীচন্দ্রকান্ত সিংহ সৰ্গদেৱক কুম্পানি সৰকাৰৰ পৰা কিছু মুজুৰা দি প্ৰবৰ্তাই ৰাখিলে। জোগেশ্বৰ সিংহ ৰজা দেও ১৭৪৭ সঁকৰ কার্তিক মাহত ভাটি জোগিঘোপা স্থানে লােকা-ন্তৰলৈ গল। {{gap}}১৭৪২ সঁকৰ ৩ চতৰ পৰা ১৭৪৬ সঁকৰ ২১ মাঘ পর্জন্তে
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৭৬
{{rh||৭২|}}
মানৰ এই খনি দিনৰ ভিতৰত হােআ বৰ বিসয়া মটকৰ ঐ কলিবৰেই কএদৰ পৰা মুকলি হৈ, পুনৰ বুৰা গােহাঁই হল ; পৰে মানে মাৰিলত টেপৰলিয়াৰ ৰুপেস্বৰ ১,কলিসন ১, এই দুই ক্ৰমে একে ফৈদৰে বুৰা গোহাঁই হল ; ও পিজলি বৰ পাত্র হল, ও জাইৰৌ কলিয়াৰ ফৈদৰ ফোঁটালৰ পুতেক বৰ গােহাঁই হল ; খামৃতিৰ জাবৰ বৰ বৰুআ হল, তাৰ পৰে দুঅৰাৰ বদন চন্দ্ৰৰ পুত্ৰ পিয়ালি বৰ বৰুআ হল, তাৰ পৰে সন্দিকৈৰ বালি বৰ বৰুআ হল, তাৰ পৰে ভাটিৰ পৰা আহি ঐ ভদ্রচন্দ্ৰ বৰ বৰুআ হল ; লুখুৰাসনৰ বগাদমৰা বৰ ফুকন হল, এঁওকে ভাঙ্গি ঐ পিয়ালি বৰ ফুকন হল। জি হেতু ১৭৪২ সঁকৰ ৩ চতৰে পৰা স্বতন্ত্র ৰজা নাই কিয়া হল, এতেকে মানৰ দিন বােলা জাই; ৩ বচৰ, ১০ মাহ, ১৯ দিন। ইতি। {{gap}}পাচে দিখৌ মুখতে ঐ ইস্কাট সাহাবে ফৌজৰ কর্তা ৰিচাৰ্ড কর্নেল সাহাব সহিতে পৰামৰ্স কৰি প্ৰথমে ৮ ঘৰ কাকতিৰ হাতে এই দেসৰ জমা জমিৰ তাবত কাকত বুজি লৈ, দখিন পাৰে ধনসিৰি নদি, ও উতৰ পাৰে বিশ্বনাথৰ ভাটিৰ ভৰলি নদি, এই দুই নদিকে মধ্য সিমা ধৰি উজনি নামনি দুই খণ্ড কৰি, সদৰৰ আজ্ঞা মতে নামনি খণ্ডত ইস্কাট সাহাবেই কমিশ্যনৰ মহা মন্ত্রি চুনিয়ৰ খিতাপ লৈ অধিকাৰ হল ; উজনি খণ্ডত ৰিচার্ড কর্নেল সাহাব কমিস্যনৰ মহা মন্ত্ৰি জুনিয়ৰ খিতাপ লৈ অধিকাৰ হল। এই কাৰন নামনি
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৭৭
{{rh||৭৩|}}
খণ্ডক চুনিয়ৰি মোতালক, ও উজনি খণ্ডক জুনিয়ৰি মোতালক বুলিচিলে। পাচে সৰ্গদেও সকল দিনৰ দৰে ফুকন বৰুৱা কাকতি কটকি খাওন্দ সভা পণ্ডিত, এবং ভগা বৰ ফুকন বৰ বৰুআ সকলোকে সেই সেই নামেৰে জোগ্যানুসাৰে বিতি দি ৰাখিলে। আৰু জমা স্থিৰ হবৰ নিমিতে ঐ ধনঞ্জই ভগা বৰ গোহাঁই, ও বুৰা গোহাঁই পবিয়া পিজৌ ভগা দিহিঙ্গিয়া ফুকন, ও চিৰিঙ্গৰ কাসিনাথ চেটিয়া ফুকন ও বঙ্গালি চন্দ্রাব ৰাই, এই সকলক বৰ কাকতি, পাখি কাকতি আদি মানুহ লগত নিবন্ধ কৰি দি, জুনিয়ৰি মােতালক তাৱত খনিকে এজেন্টি মােতালক বাজকৈ পিয়ল কৰালে। এই জুনিয়ৰি মােতালকৰ ওপৰে উতৰ পাৰে দিহাঙ্গ দিবাঙ্গ নদিএ পচিম সিমা, ও দখিন পাৰে বুৰি দিহিঙ্গ নদিএ দখিন ও পচিম সিমা, এই ৰুপে সিমা পাতি, ওপৰ খণ্ড এজেন্টি মোতালক কৰি প্ৰিথকাই ৰাখিলে। এই এজেন্টি মােতালকৰ ভিতৰতে মটক, খাম্‌তি, চিংফ, নগা, আবৰ, মিচিমি, সদিয়া ইত্যাদি অনেক জাত অনেক গ্রাম আচে। আৰু চিৰিঙ্গৰ জনার্দনক বৰ বৰুআ, ও জুনিয়ৰি মোতালকতে ঐ লম্বোদৰক বৰ ফুকন পাতিলে। আৰু বৰ বৰুআক সৰকাৰলৈ তােলা ধনৰ এসত দুই টকাৰ দৰে লবলৈ কমিস্যন লগাই দি, তাৱত মােতালকৰ তচিলদাৰ অর্থাত সাধনি পাতিলে। বৰ ফুকনক ৫০ গােট লিকচৌ, ৩০০ টকা দৰমহা দি সোধৰ অৰিকাৰ পাতি, ৫০ <center>১০</center>
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৭৮
{{rh||৭৪|}}
টকা জৰিমানা অর্থাত ধন দণ্ড, ও ৩০ টা বেতৰ কোব, ও ৬ মাহ পর্জন্তে লােআ লগাই কএদ, এই সকল কৰিবৰ খ্যমতা দি, অহমিয়া ৫ কুম্পানি চিপাহিৰ কাপ্তান পাতিলে। {{gap}}পাচে ১৭৪৭ সঁকৰ ১৬ কার্তিক, ইংৰেজি ১৮২৫ সনৰ ৩১ আক্তুবৰ পৰ্জন্তে হাকিমি কৰি থাকি, ঐ ৰিচাৰ্ড কর্নেল সাহাব ভটিয়াই গল। তেঁওৰ সলনি ১৭ কার্তিক ১ নবেম্বৰৰ পৰা ঐ কমিস্যনৰ মহা মন্ত্রি জুনিয়ৰ খিতাপকে লৈ শ্ৰীশ্ৰীজুত পুর্বকে কুপৰ কর্নেল সাহাব অধিকাৰ হলহি। পৰে ১৭৪৮ সঁকত ঐ চুনিয়ৰ সাহাব উজাই আহি জুনিয়ৰ সাহাব সহিতে একত্ৰ হৈ, বৰ গােহাঁই পৰিয়া দিহিঙ্গিয়া ফৈদৰ মাধৰাম চাবেক সলাল গােহাঁইক বৰ গােহাঁই পাতি, প্ৰবৰ্তাৰ কাৰন মেলৰ জমাৰ অর্ধ ডাঙ্গৰিয়াক দিলে। আৰু জনার্দনক ভাঙ্গি ঐ ভদ্রচন্দ্রক তচিলদাৰিএ সহিতে বৰ বৰুআ পাতিলে। পাচে ১৭৫০ সঁকৰ ১৪ জেঠ, ইংৰেজি ১৮২৮ সনৰ ২৬ মেই মাহত ঐ জুনিয়ৰ কর্নেল সাহাবক সলাই, কাপ্তান জান ব্ৰায়েন ন্যুবিন সাহাব অধিকাৰ হৈ কমিস্যনৰ মহা মন্ত্রি জুনিয়ৰ খিতাপ ভিতৰ কৰি, ঐ এজেন্টি মােতালকে সহিতে একাধিপত্যৰ নিমিতে পুলিটিকেল এজেন্ট খিতাপ লৈ প্রকাস কৰিলে। আৰু ভদ্রচন্দ্ৰক বৰ বৰুআ ভাঙ্গি ঐ ৰাধানাথক বৰ বৰুআ পাতিলে। বাহুৰ মত প্রবর্তাৰ হেতু নিজ পাওনা লিকচৌ সহিতে ১৫০০ টকাৰ পাইক নিজ মেলতে বৰ বৰুআক
VALIDATED
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৭৯
{{rh||৭৫|}}
দিলে। মাধৰাম বৰ গোহাঁইক তচিলদাৰ পাতিলে। লম্বাে-দৰ বৰ ফুকনে কর্মত সুস্তি কৰাত কাপ্তানি গুচাই, সােধ পােচৰ পুর্ব দত্ত এক্তাৰ মহকুফ কৰিলে। আৰু ঐ সঁকৰে ফাগুন চতত মাউৰ হৈ বহুত প্রজা হানি হল। পাচে ১৭৫২ সঁকৰ ১২ সাওন, ও ইংৰেজি ১৮৩০ সনৰ ২৬ জুলাই মাহত ন্যুবিন সাহাব ম্রিত্যু হল। তেঁওৰ মুৰে শ্ৰীশ্ৰীজুত পুর্বকে অজিটন জেম্‌চ মিথি সাহাব একটিন পুলিটিকেল এজেন্ট হৈ অধিকাৰ হল। পৰে ১৭৫৩ সঁকৰ ১৭ কার্তিক ইংৰেজি ১৮৩১ সনৰ ১ নবেম্বৰ মাহত ঐ একটিন জনাক সলাই শ্ৰীশ্ৰীজুত পুৰ্বকে মেজেৰ আদম ওআইট সাহাব পুলিটিকেল এজেন্ট হৈ দেসাধিকাৰ হলহি। {{gap}}ঐ পিয়ল মতে জুনিয়ৰি মােতালকত সাহাব সকলে জমা লগােআৰ নিবন্ধ। ১০০ গােটত ২৭টা ওপৰ ভগন গৈ, থকা ৭৩ গােটত ৯ টকাৰ দৰে কাৰিৰ খাজনা ; ১০০ গােটত ২২ টা ওপৰ ভগন গৈ, থকা ৭৮ গােটত ৮ টকাৰ দৰে পাইকান চমুআৰ খাজনা ; ও সোনােআলৰ গোটত ১৮ টকা, মৰিয়াৰ গােটত ১৫ টকা, মিৰি ডফলাৰ বহতাৰ গােটত ৩ টকা, দেৱ- লিয়াৰ গোটত ৪॥ টকা, আৰু ১৭৫০ সঁকৰ পৰা গােট পাইকত চই টকাকৈ মাটি মিৰিৰো খাজনা লগালে ; এই ক্রমে পাই-কৰ খাজনা লগালে। এই ৫ ৰকমৰ পাইকৰ ওপৰ ভগন কাৰিৰ দৰেই ১০০ গােটত ফুকন বা ৰাজখােআ বা বৰুৱাৰ
VALIDATED
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৮০
{{rh||৭৬|}}
লিকচৌ ৫টা, এতদৰ্ধ লগুআ ২।টা, একুনে ৭।টা গােট, হাজৰকিয়াৰ সেই দৰে ৭।টা, সইকিয়াৰ ৫টা, পাঁচ কুৰিত সইকিয়াৰ গাৰ কুৰি সহিতে ৫ বৰাৰ ১। পােআৰ দৰে ৬। বাৰিক। মােটত এই ২৭টা। আৰু পাইকৰ গােটত ৩ জন থাকে, একো জনক পােআ বোলে। এই সাহাবানৰ দিনত পােআ পাইকৰ ২ পুৰা মাটিৰ দৰে গােটে ৬ পুৰা হই; এই নিৰিখত কৈ জি পাইকে বৰ্হাই মাটি খাই, সেই বৰ্হা মাটি খনি কাটনি হই; এবং অপাইকান চমুআই খােআ মাটি তাৱত খনি এই কাটনি ; এই কাটনি মাটিৰ পুৰাত ১ টকাৰ দৰে খাজনা লগালে। কিন্তু তজবিজ মতে সাবুদি দেৱোতৰ ব্ৰহ্মোতৰ নানকাৰ নাখেৰাজ মাটি জি খনি হল, তাৰ পুৰাত।। আধলিয়া দৰে খাজনা লগালে। আৰু সৰকাৰি খাতৰ জি খনি খাতোআল পাইক, সেই পাইকৰ গোটত ১৭৪৯ সঁক পর্জন্তে ১৫০ পুৰা ধান ধৰি তাৰে অনা বনা বেচ বুলি ৩০ পুৰা বাদ দি, বাকি ১২০ পুৰাৰ দৰে ২২।। মােন চাউল লগালে ; চাউল দিব নােআৰিলে মােনে টকা দৰে, গােটে ২২৷। টকা দিব লাগে। কিন্তু ১৭৫০ সঁকৰ পৰা গােটে ১৮০ পুৰা ধানৰ দৰে অনা বনা বেচ নিদি, গােটে ৩৩ মােন চাউল বা ৩৩ টকা লগালে। আৰু পাইকত বাজে জি খাতত গৰু মহ থাকে, তাৰ গৰুৰ হালত মহৰ গােটত ধান একে নিৰিখে ৪০,৪০ পুৰা দৰে ৭।। মােন ৭।। মােন চাউল,
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৮১
{{rh||৭৭|}}
৭॥ টকা ৭॥ টকা দিবলৈ লগালে। আৰু সাইৰাত মহাল নাম দি জত হাট ঘাট বিল ফাট বাট পুর্বৰ কাটলুআ আচিলে, সকলােবােৰ ১৭৪৯ সঁক পর্জন্তে ৰাজ সৰকাৰৰ দৰেৰেই ৰাখিচিলে ; ১৭৫০ সঁকৰ পৰা লিলাম ডাকি খাজনা প্রতি বচৰ লগাইচিলে। ঐ পিয়ল কৰাই খাতােল সহিতে মাটি মিৰি বাজকৈ ওপৰত লিখা কেও ৰকম খাজনাৰ পাইক প্রথমে জমা কৰে, ৫৬৯ গােট অহমিয়া চিপাহি সহিতে মােট ১৮০৫১ গােট। {{gap}}পৰে ১৭৫৪ সঁকৰ সেস চত মাহত শ্ৰীশ্ৰীজুত কুম্পানি বাহাদুৰে উপৰি উক্ত পুর্বৰ ৰজা শ্ৰীশ্ৰীপুৰন্দৰ সিংহ সৰ্গদেৱকে কুম্পানি সৰকাৰলৈ প্রতি বচৰ ৫০,০০০ পঞ্চাশ হাজাৰ টকা লালবন্দি ৰুপে দিয়াকৈ, কেৱল জুনিয়ৰি মােতালকতে পুলিটিকেল এজেন্ট সাহাবক গুচাই, ৰাজত্ব দিলে। কিন্তু পুলিটিকেল এজেন্ট সাহেবেই ঐ লালবন্দি লােআৰ গৰাকি হৈ উভই সৰকাৰৰে সকলাে কথাৰ দ্বাৰ ৰুপে পল্টন সহিতে বিস্বনাথত থাকিলগৈ ; এই হেতুকে উতৰ পাৰে জি জুনিয়ৰি চুনিয়ৰি দুই মোতালকৰ ভৰলি নদিএই মধ্য সিমা আচিলে, সেই সিমা উঠাই বিস্বনাথৰ ওপৰে কচু জানকে সিমা কৰিলে। আৰু সৰ্গদেৱক তক্ত দিয়া কালত ৰজা হােআ কালে বৰ বৰুআই জি ৰুপে নিতি প্রভিতি জনাই ও বুজাই, সেই ৰুপে শ্ৰীজুত মেজেৰ আদম ওআইট পুলিটিকেল এজেন্ট
VALIDATED
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৮২
{{rh||৭৮|}}
সাহাবে অনেক নিতি জনাই বুজাই তক্ত দিলে। পাচে ১৭৫৫ সঁকৰ ১ প্রথম বৈসাগ, ইংৰেজি ১৮৩৩ সনৰ ১২ এপ্ৰেল মাহৰ পৰা শ্ৰীশ্ৰীপুৰন্দৰ সিংহ সর্গদেৱে পুনৰ ৰাজত্ব কৰে ; এতেকে এই পর্জন্তে ঐ জুনিয়ৰি মােতালকত সাহাবানৰ ভােগ হই ৮ বচৰ, ২ মাই, ৯ দিন। ইতি। ইতি বুৰঞ্জি সাৰে পঞ্চম খণ্ডং সমাপ্তং। {{center|<poem>এতদাসামদেশীয়ভুপানাং চৰিতং ময়া। লিখিতং শ্রীকাশিনাখতাম্বুলীফুকনাজ্ঞয়া।। </poem>}} <center>⸻</center>
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৮৩
<center>{{Xx-larger|আসাম দেশৰ ডাঙ্গৰিয়াগান প্রভ্ৰিতি বিসয়াৰ নিবন্ধ।}} </center> <center>⸻</center> {{gap}}সম্প্রতি মৰ্জনাদুনুসাৰে বিসয়াৰ নাম লিখা জাই। জি জি একে মৰ্জদাৰ সেই সকলক একে চেদৰ মাজতেই লিখা জাব ; তাতেলিখাৰ আগ পাচ ক্রমেই মর্জদাতাে আগ পাচ আছে, সেই আগ পাচকে চেদে চেদেও, এবং চেদৰ মাজত লিখা সকলােতো বুজিব। {{gap}}বুৰা গােহাঁই, ও বৰ পাত্ৰ গােহাঁই, ও বৰ গােহাঁই, এই তিনি জনাৰ একে মৰ্জদা ; কেঁকোৰা দোলা, আৰোআন বাঁহৰ উকা, মাজ পোনে নালতে একো খনি গামোচা বন্ধা, সােনৰ চুলাৰে পানি জাপি, টুপি জাপি, পাখি বিচনি, দুখনৰ দৰে নাল লগা ঘুৰনিয়া বিচনি, কেপ কৰা তলচা। কিন্তু ঘৈনি সকলে এইবােৰ দ্ৰব্যৰ একোকে নেপাই, কেৱল পহিঁচাঙ্গি ও ডালবৰৈ লগা সােনৰ চুলাৰে সিয়া জাপি, ইয়াকে পাই। ঐ তিনি জনাৰে জি জনা ৰাজমস্ত্রি হই, ৰাজহত অগ্ৰসৰ ৰূপে ফুৰে, ও জকাইচুকিয়া নামক মানুহ এক হাজাৰ পাই, ইয়াত বাজে একো লৰ নাই। সদিয়া খােআ গােহাঁই, সলাল গোহাঁই, মৰঙ্গি খােআ গােহাঁই, এই তিনি জনাক দাঁতিয়লিয়া গোহাঁই বােলে; সি তিনি জনাতকৈ কিছুমান কম। বৰ
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৮৪
{{rh||৮০|}}
বৰুআ ও বৰ ফুকন দুয়াে সমান ; কিন্তু গুআহাটি দুৰ দেস কাৰন, তাত বৰ ফুকনৰ কিচু এক্তিয়াৰ বৰ্হা; আৰু দুয়াে জনাৰ পহিঁচাঙ্গি ও বানতেৰে আউঠি সিয়া বৰ জাপি, ৰুপৰ চুলাৰে পানি জাপি, কোনাে জনাক সােনৰ চুলাও দিএ ; ও খেৰ, পাখি বিচনি, টুপি জাপি, দিঘল নলিয়া ঘুৰনিয়াৰে আগ খৰা বিচনি, চাল কঠ বানতব মচুলা, ৰুপৰ বেৰি দিয়া লাখুটি। নাওবৈচা ফুকন, পানি ফুকন, ভিতৰুআল ফুকন, দুই ডেকা ফুকন, দুই দিহিঙ্গিয়া ফুকন, ন ফুকন, চেটিয়া ফুকন, এই ন জনাও সেই সমানেই; কিন্তু উকা বৰ জাপি। নেওগ ফুকন, নিয়াই সােধা ফুকন, চাঙ্গৰুঙ্গ ফুকন, এই তিনি সমান, ঐ ৯ জনাৰে নিচিনা। নিবুকিয়াল বাজ খােআ, বচা ৰাজ খোআ দুই সমান, লােহাৰ ঢেকৰ লগা চাঙ্গি মাত্র পাই। দিহিঙ্গিয়া ৰাজ খােআ ২, সলগুৰিয়া ৰাজ খােআ ২, অভইপুৰিয়া ৰাজ খােআ ৩, নামডঙ্গিয়া ৰাজ খােআ, দিখৌ মুখিয়া ৰাজ খোআ, গজপুৰিয়া ৰাজ খােআ, দৈয়াঙ্গিয়া ৰাজ খােআ ৩, ঘিলাধৰিয়া ৰাজ খোআ, এই ১৪ জনা একে সমান ; গুআহাটিত থাকিলে পহিঁচাঙ্গি পাই। দুই চেটিয়া পাত্র বৰুআ, দুই ঘৰফলিয়া বৰুআ, চাঙ্গৰুঙ্গৰ বৰুআ, এই ৮ জনা একে সমান। এই পর্জন্তে ৰাজুআ বিসয়া গল। {{gap}}চোলাধৰা ফুকন, খাৰঘৰিয়া ককন, ঢেকিয়াল ফুকন, নাওসলিয়া ফুকন, তামুলি ফুকন, এই ৫ জনা সমান;
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৮৫
{{rh||৮১|}}
<center>১১</center>
ৰুপৰ চুলাৰে পানি জাপি, পহিঁচাঙ্গি, খেৰ, টুপি জাপি, পাখি বিচনি, দিঘল নলিয়া ঘুৰনিয়া বিচনি, ৰুপেৰে বেৰি দিয়া লাখুটি, চাল কঠ, এই সকল পাই; জদি খেৰ, বিচনি, টুপি নেপাই, তেতিয়া চোলাধৰা, খাৰঘৰিয়া, ঢেকিয়াল, এই তিনি পৰ্হিচাঙ্গি পাই ; নাওসলিয়া ফুকন, তামুলি ফুকন, দুয়ে ঢেকৰ দিয়া চাঙ্গিহে পাই। চিৰিঙ্গ ফুকন, কাথ বৰুআ, সুলপানি বৰুআ, এই তিনি সমান ; ৰুপৰ চুলাৰে পানি জাপি, পৰ্হিচাঙ্গি, ৰুপেৰে বেৰি বন্ধা লাখুটি, দিঘল নলিয়া ঘুৰনিয়া বিচনি পাই। জালভাৰি ফুকন, গন্ধিয়া বৰুআ, মজুমদাৰ বৰুআ, খনিকৰ বৰুআ, সেনচোআ বৰুআ, এই ৫ জনা সমান; ঢেকৰ দিয়া চাঙ্গি পাই। ৰজা জোআঁই সকল বিসই নেপাই থাকিলেও ৰুপৰ চুলা, পৰ্হিচাঙ্গি আদি বৰ ভণ্ডাৰ বৰুআ তুল্য মর্জদা পাই; আৰু চাৰিও কোস বানত সিয়া কঠ লই; আৰু তিনি জনা ডাঙ্গৰিয়াৰ লৰি গােহাঁইবােৰ হলে ৰুপৰ চুলা, ঢেকৰ দিয়া. চাঙ্গি পাই, বহু কঠ ঐ ৰকম বানত সিয়া। চাঙ্গমাই বৰুআ, তিপমিয়া ৰাজ থােআ, হাতি বৰুআ, কুকুৰাচোআ বৰুআ, এই পাঁচ জন সমান। দোলা কাসৰিয়া বৰুআ ২, চাওডাঙ্গ বৰুআ ২, জৰাধৰা বৰুআ, বেজ বৰুআ,এই চই জনা সমান। দুলিয়া বৰুআ ৩, দৰবধৰা বৰুআ,কাঠকটিয়া বৰুআ, মলিয়া বৰুৱা, ঘিও বৰুআ, পাখি মৰিয়া।
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৮৬
{{rh||৮২|}}
বৰুআ, এই ৮ জন সমান। গজ পুৰিয়া বৰুআ, সিলাকুটি বৰুআ, চৰাই মৰিয়া বৰুআ, ধেনু চোঁচা বৰুআ, জুতকিয়া বৰুআ, দুঅৰি বৰুআ, এই ৬ চই জন সমান। এই পর্জন্ত ভিতৰুআল। ৰাইডঙ্গিয়া ফুকন, পৰ্বতিয়া ফুকন, খঙ্গিয়া ফুকন, চাৰিঙ্গিয়া ফুকন, তিপমিয়া ফুকন, এই পাঁচ জন সমান; ঢেকৰ লগা চাঙ্গি পাই। ৰাইডঙ্গিয়া বৰুআ, পর্বতিয়া বৰুৱা, খঙ্গিয়া বৰুআ, চাৰিঙ্গিয়া বৰুআ, তিপমিয়া বৰুআ, এই ৫ জন সমান। নামৰুপিয়া বৰুআ, পুৰনি মেল বৰুআ, মাজু মেলৰ বৰুআ, সৰু মেল বৰুআ, মাহি মেলৰ বৰুআ, ন মেলৰ বৰুআ, গাভৰু মেলৰ বৰুআ, কলিচেঙ্গৰ বৰুআ, এনাই ঘৰিয়া বৰুলা, এই ৯ সমান। এই পর্জন্তে মেলডগিয়া। দেৱলিয়াৰ বৰুআহঁতক হলে সদৰত সেৱা চলােআহে বোলে। এই পর্জন্তে বিসয়াৰ তাৰ তম্য মৰ্জদা বুজিবৰ কাৰন নাম লিখা গল। ইতি। {{gap}}ডাঙ্গৰিয়া সকল ঘৰৰ পৰা ওলালে আগত ৰিলতিয়া গায়নে গাই জাই, ও কালিয়াই কালি মাৰি জাৰ পাই। ৰজা চুলিৰে খৰচি, চুলি লগা দাৰে লগত পালি ধৰি জাৰ পাই; হাতি ঘোৰাত বানত বানভ সিয়া জৰি, ভৰিত নপুৰ, ঘােৰাত উঠা হালধিয়া পাটৰ তলচা, হাতি উঠা কাপৰ, আগত দোলা চৈৰে আগুআ জাব পাই; গৰৰ চুকৰ কিছু ভিতৰ সোমালে গায়নে কালিয়াই গাৰ বজাব নেপাই; বাটত সৰ্গদেৱেৰে
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৮৭
{{rh||৮৩|}}
দেখা দেখি হলে সৰ্গদেও হাতিত উঠি গলে ডাঙ্গৰিয়াও হাতিত উঠি দেখা দিব পাই; সর্গদেও দোলাত বা ঘােৰাত গলে, ডাঙ্গৰিয়াও ঘােৰাত উঠি বা কেপ কৰা তলচাৰ নুৰাতে উঠি দেখা দিব পাই। আৰু ৰাজমাওঁ দেও, ৰৰ জনা আই কুঁঅৰি দেও, পৰ্বতিয়া আই কুঁঅৰি দেও, এই কেই জনাক সৰ্গদেৱৰ দৰেই সকলোৱে সম্মান কৰে, কিন্তু সিঙ্গৰি ঘৰ উঠিলেহে ডাঙ্গৰিয়া সকলে সেৱা কৰে। দাঁতিয়লিয়া ডাঙ্গৰিয়া ৩ তিনি জনাৰে বাটত সৰ্গদেও ভেঁটা ভেঁটি হােআতো এই ক্রমেই। আৰু চাৰিঙ্গিয়া তিপমিয়া আদি মেল খােআ গােহাঁই দেও সকলেৰে তিনি জনা ডাঙ্গৰিয়া ভেঁটা ভেঁটা হলে দোলাতে থাকি, ডাঙ্গৰিয়া সকলক গোহাঁইদেও সকলে বাট এৰি দিব পাই। দাঁতিয়লিয়া তিনি জনাৰে জদি ঘাই তিনি জনা ভেঁটা ভেঁটি হই, তেতিয়া গােহাঁইদেও সকলৰ দৰেই দাঁতিয়িলিয়া তিনি জনাই ঘাই তিনি জনাক বাট এৰি দিব পাই। যদি দাঁতিয়লিয়া তিনি জনাৰে ঐ মেল খােআ গোঁহাই সকল ভেঁটা ভেঁটি হই, তেতিয়া বাট এৰি দিয়া দিকৈ জাই; জিহেতু সৰ্গদেৱৰ নিজ ভাই বা পো এনে মেল খোআ গােঁহাই দেও সকলক সকলেই বৰ্হাই গৌৰৱ কৰে।বৰ বৰুআ , বৰ ফুকন প্রভ্ৰিতি চৰাৰ ফুকন ও খেৰ বিচনি, লোজা চমুৱা ফুকন আদি সকলোএ চাঙ্গিৰ পৰা নামি তিনি জনা ডাঙ্গৰিয়াক দেখা দিব পাই; চাঙ্গি লুকাৱ পাই।
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৮৮
{{rh||৮৪|}}
এই ৰুপে ডাঙ্গৰিয়া আহি বৰ দুআৰৰ মুখতে দোলা,আৰোআন, দা, জাঠি, বৰচি আদি সকলাে আহিলা এৰি, ৩ গচ মান ৰঙ্গা জাঠি বৰচিৰে নগৰত সােমাই ; ওপৰত সােনৰচুলাৰে পানি জাপি ধৰি আহি বৰ চৰা উঠিলেই, বৰ বৰুআ মুখ্যে জি কেই জনা চৰাৰ ফুকন পুব ফালে বহি থাকে তাৰ পৰা উঠি, চৰাৰ পচিম ফালে ফকামৰ কোঠা সােমাই বহেগৈ ; বহোঁতে চালে সহিতে তিনি খনিয়া কঠৰ তলিয়ৰি খন গুচাই, এবং বানতৰ মচুলা গুচাই, বৰ কাপৰ একো খনকে ঘুৰাই পকাই মচুলাকৈ লই ; পাচে ডাঙ্গৰিয়া আহি জি খনিতে বহে, তাৰ পোনেই পানি পাচত লেকামেৰে বেলাত ভৰি ধুই বুলনি কাপৰত ভৰি দি আহি, তলতে পিঠিয়া ওপৰত কেপ কৰা তলচা দিএ, তাতে বৰ খুটাতে পিঠি দি পচিম মুখে বহে; পিক চোবা পেলাবলৈ আগ ফালে চুপ কৰা পাত দিএ। বৰ বৰুআকে আদিকৈ চৰাৰ ফুকন অথবা ঐ চমুআ ফুকনেই ডাঙ্গৰিয়া সকলৰ নিচৈ ওচৰ চাপিব লাগিলে, খেৰত বহিব পাই; কিচু দুৰ হৈ বহাত হলে চৰাৰ ফুকন লােকে ঐ ক্রমে মেলা দুখনিয়া কঠতে কাপৰৰ মচুলা লৈ বহে। ঐ চমুআ ফুকন সকল দুখনিয়া চাল কঠৰ নুৰাত বহে; সমই মতে বুৰা গােঁহাই বৰ পাত্ৰ গােহাঁই এই দুই ডাঙ্গৰিয়া বহা খুঁটা দুটাৰ মাজ পোনে পচিম ফালে ফকামৰ কোঠাত চৰাৰ ফুকনৰ সাৰিতকৈ কিছু পচিমলৈ হুহকি দুখনিয়া মেলা চাল কঠতো
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৮৯
{{rh||৮৫|}}
বহে; কিন্তু কাপৰৰ মচুলা নাই। জদি ডাঙ্গৰিয়া আগ হৈ বহাত বৰ বৰুআ বা চৰাৰ ফুকন কোনাে জনা পাচে আহে, তেতিয়া বৰ বৰুআ হলে ঢৰা আৰ দি, ই কেই জনা হলে মানুহৰ আৰতে চৰাৰ দখিন টুপে ভৰি ধুই, খেৰত আই চোঙ্গাই চৰাৰ মাজেই গৈ, ঐ ক্ৰমে পচিম ফালে মেলা কঠত বহেগৈ । কিন্তু সৰ্গদেৱৰ আজ্ঞাৰে কটকি গৈ নেমাতিলে, নগৰলৈ ডাঙ্গৰিয়া সকল নাহে; এবং সৰ্গদেৱৰ আজ্ঞা নহলে কোনাে বৰুআ ফুকন আদি সৰকাৰি কামৰ লােক ডাঙ্গৰিয়া সকলৰ ঘৰলৈ জাব নেপাই। আৰু নিমন্ত্রন মতে কাজত ডাঙ্গৰিয়া , সকল আহিলে, বিদাইৰ সময়ত বটাৰে পাতলি তামােল বটা ঢকাৰে ঢাকি ভিতৰ তামুলিএ সজাই দিও, হেঙ্গদানধৰাই নি ডাঙ্গৰিয়া সকলক দিব পাই; তাকে দিলেই এক খ্যনাে বিলম্ব নকৰি ডাঙ্গৰিয়া সকল উঠি জাব পাই। আৰু ডাঙ্গৰিয়া সকল ভিতৰৰ বৰ ঘৰৰ টুপলৈ জাব লাগিলে, আগে বৰ বৰুআ বৰ ঘৰৰ টুপলৈ জাব পাই; পাচে ডাঙ্গৰিয়া সকল ভিতৰলৈ জাই। জখলা মুখৰ মাটিতে সুদা লেকামেৰে ভৰি ধুই সোমাই জাই; লগত খাটনিয়াৰে পাখি বিচনি, খন নিএ, তামুলি হাঁচটি খন নিএ, টেকেলা বৰাই খালি তলচা খন নিএ, বৰ ঘৰ টুপতে তলচা দিএ, ডাঙ্গৰিয়া তাতে বহেগৈ। এই ৰুপে সৰ্গদেৱে ডাঙ্গ-
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৯০
{{rh||৮৬|}}
ৰিয়াৰে কথা বার্তা হােআত, বৰ ঘৰ টুপত সৰ্গদেও বহা কোঠালিৰ পুব ভাগৰ উতৰ ফাললৈ সােমাই, ৩ জন বৰভণ্ডাৰ বৰুআ বহে, এবং সেই মৰ্জদা পালে আনাে বহে। এই তিনিৰ দখিনে সেইটো কোঠাৰে টুপৰে জোৰাৰ চতিৰ পুব মুৰৰ খুঁটাৰ পৰা টুপলৈকে জুৰি উতৰা দখিনা সাৰিকৈ চৰাৰ ফুকন সকল বহে। ঐ চমুআ ফুকন কেই জনা হলে সেইটো চতিৰে পচিম মুৰৰ খুঁটাৰ ওচৰৰে পৰা টুপলৈকে জুৰি উতৰা দখিনা সাৰিকৈ বহে। ডাঙ্গৰিয়া সকলে বহাত সৰ্গদেৱৰ সমুখে ঐ চমুআ ফুকন সকলৰ ওচৰৰ পৰা পুবলৈ জুৰি পুবা পচিমা সাৰিকৈ উতৰলৈ মুখকৈ টুপতে বহে। ওজা লিগিৰা ও অবনুআ লিগিৰা পচিম খন চালিৰ তলত বহিব পাই, ইতৰ বৰুআফুকন পুবৰ খন চালিৰ তলত বহিব পাই; বনুআ কেইটা লিগিৰা সৰ্গদেৱৰ ওচৰতে খাটৰ পচিম ফালে থাকে, টুপৰ জোৰাৰ ঐ চতিৰ দখিন হৈ টুপলৈ ওলাই বহিব নেপাই। ইয়াতে জদি বৰ মেল হই, তেতিয়া হলে প্রথমে সৰ্গদেও ওলাই সেই খাটত বহিলেই ঐ চমুআ ফুকন এজনাই মেল মাতিবলৈ ওজা লিগিৰাত আজ্ঞা কই, ওজা লিগিৰাই কুকুৰা চোআ বৰাত আজ্ঞা কই, কুকুৰা চোআ বৰাই বৰ বাট ঘৰত থকা কুকুৰা চোৱা বৰুআ ও পাঁচনি বৰাত আজ্ঞা কই; আৰু বৰ বাট ঘৰৰ ভিতৰ টুপৰ আৰ ঢৰা গুচাই দিএ, পাচে
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৯১
{{rh||৮৭|}}
ৰাজুআ বনুআ তামুলি পাঁচনিহঁতে তামােলৰ হাঁচটি, চোঁঅৰ বিচনি, পিকবান আদি লৈ সৰ্গদেৱৰ ওচৰত বহেগৈ। তেতিয়া লিগিৰা ওচৰত থাকিব নেপাই, কেৱল তামুলি লিগিৰাটি মাত্ৰ লুকাই ওচৰতে থাকে। আৰু ওজা লিগিৰাৰ লগতে কুকুৰা চোআ বৰুআ বহেগৈ; এবং পচিম খন চালিৰ দখিনে মুৰে জে এখনি চালি থাকে, তাৰ তলতে নাপিতৰ ওজা এটা দুই তিনি জন নাপিতে সহিতে গৈ বহিব পাই। পাচে কুকুৰা চোআ বৰা এটাগৈ বৰ বৰুআ গএৰহ চৰাৰ ফুকন সকলক মেললৈ জমাই আনেগৈ ; সেই সকল আহি বহিলে মজুমদাৰ বৰুআই ডাঙ্গৰিয়া সকলক চৰাৰ পৰা আনেগৈ ; ডাঙ্গৰিয়া সকল বহিলেহি মেল কৰে। ডাঙ্গৰিয়া সকল চৰাত বহোঁতে বৰ বৰুআ সততে অকলে বহোঁতে জি জি ঠাইত বহে, তাৰ ক্ৰম পৰে লিখা জাব। কিন্তু ডাঙ্গৰিয়া সকলৰ বৰ ঘৰৰ টুপৰ পৰাও জেতিয়া ভিতৰলৈ নিএ, তেতিয়া ডাঙ্গৰিয়াৰ মানুহ লগত জাব নেপাই ; হাচটি, বিচনি, তলচা, ইও বৰ বৰ টুপতহে থাকে, কুকুৰা চোআ বা কিম্বা বাজ গলিয়া লিগিৰা এটাই কেৱল কাপৰ খন নি দিএ, তাতে ডাঙ্গৰিয়া বহেগৈ। ইতি। {{gap}}বৰ বৰুআ ঘৰৰ পৰা অহাত দুফালে দুই লাৰি টাঙ্গন ধৰা আহে। আগত ৰুপৰ চুলাতে পানি জাপি, টুপি জাপি, খেৰ, পাখি বিচনি, পাঁচনি হতিয়া বিচনি, সেই আগ খৰা
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৯২
{{rh||৮৮|}}
ৰুপৰ বেৰি দিয়া লাখুটি, এই সকল লৈ আহি, বৰ দুআৰৰ পৰা মাটিএ নগৰ সােমাই ; ওপৰত পাচৰ পৰা বৰ জাপি ধৰি আহে। বৰ চৰা উঠি নিজ ঠাইত বহোঁতে পানি পাচত ভৰি ধুই, তিনি খনিয়া মেলা চাল কঠত বানতৰ মচুলা লৈ বহে। আগত পাতত বালি দিএ, তাতে পিক চোবা পেলাই। এই ক্রমেই সি কেই জনা চৰাৰ ফুকনো আহি আপােন অপােন ঠায়ে ঠায়ে চৰাত বহে; কিন্তু ফুকন সকলৰ টাঙ্গন ধৰা নাই, আৰু বৰ জাপি ভিতৰলৈ নানে। জেতিয়া বৰ বৰুআ ও ফুকন সকল চাঙ্গলৈ জাব লগা হই, দোলাকাসৰিয়া চৰাৰ টুপৰ সমুখে উজনিৰটো খুঁটাত ধৰি ভৰি ধুই, তামােলৰ হাঁচটি আপােনাৰ কঁকালতে খুচি লই, সোঁ হাতে পাখি বিচনি খনি লৈ সােমাই জাই। আৰু বাটত বৰ বৰুআ অহাত মেল খােআ গােহাঁই দেও সকলেৰে এবং দাঁতিয়লিয়া গােঁহাই তিনি জনাৰে ভেঁটা ভেঁটি হলে, বৰ বৰুআ দোলাৰ পৰা নেনামে এবং ফুকন সকলাে নেনামে ; বাট এৰি দিয়া দিকৈ জাই। ৰজা দেৱৰ নিচৈ পাে বা ভাই এনে মেল খােআ গােহাঁই দেও হলে কিছু গৌৰৱ বাৰ্হে। খেৰ বিচনি লােআ চমুআ ফুকন কেই জনাৰে ভেঁটা ভেঁটি হলে, বৰ বৰুআ বৰ ফুকনৰ আগত চমআ ফুকন কেই জনা ঠাইতে পদুলি এটা সােমাই, তেনেই বৰ জাপিৰে ঢাকে; ই কেই জনা
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৯৩
{{rh||৮৯|}}
<center>১২</center>
ফুকনৰ আগত চমু ফুকন সকল বাট এৰি দি আতৰি জাই। এবং দাঁতিয়লিয়া তিনি গােঁহাই ও মেলখােআ গোহাঁই দেও সকলৰে জদি চমুৱা ফুকন ভেঁটা ভেঁটি হই, দোলাৰ পৰা নামে, দোলাও কিছু কাসৰিয়াকৈ নি জাপি আৰ দিএ। বৰ ভণ্ডাৰ বৰুআ সকলে হলে বৰ বৰুআৰ আগত দোলা লুকাই নামি দেখা দিএ । মেলখোআ গোঁহাই ও দাঁতিয়লিয়া গোঁহাই দেও সকলৰ আগতো এয়ে ক্রম ; চৰাৰ ফুকনৰ আগত হলে জাপি আৰ দি বাট এৰি এৰি জাব পাই ; ইতৰ ফুকন বৰুআক চাঙ্গিৰে জোআ চৰাৰ ফুকন লোকে দেখিবলৈ পাব নেপাই। ইতি। {{gap}}চমুআ ফুকন কেই জনাই ঘৰৰ পৰা অহাত আগত ৰুপৰ চুলাৰে পানি জাপি, টুপি জাপি, খেৰ, পাখি বিচনি,দিঘল নালেৰে ঘুৰনিয়া বিচনি, ৰুপৰ বেৰিৰে লাখুটি, ইয়াকে লৈ আহে। দোলাকাসৰিয়া চৰাৰ টুপৰ চৰাৰ ফুকনে ভৰি ধোআটো খুঁটাৰ নাম পচিম ফালৰটো খুঁটাৰ গুৰিতে লাখুটি ধুই ভিতৰলৈ জাই; সেই ভৰি ধোআৰ পােনে সেই চৰাৰ পচিম বাৰতে পানি জাপি আৰি থই। বটত অহাত তিনি বৰ ভণ্ডাৰ বৰুআৰে ভেঁটা ভেঁটি হলে, বৰুআ একতিয়া হৈ ফুকনক বাট এৰি দিব পাই, ইতৰ ফুকন বৰুআই জাপি আৰ দি আতৰি জাব পাই ; আৰু বৰ ভণ্ডাৰ বৰুআ তিনিক ইতৰ ফুকন বৰুআই দেখা দেখি হলে, এফলিয়া হৈ বাট এবি
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৯৪
{{rh||৯০|}}
দিব পাই। অপৰ এই চমুআ ফুকন কেই জন জদি মাটিএ আহে, ওপৰত বৰ জাপি ধৰে ; বৰ বৰখুন ও টান ৰদত তিনি বৰ ভণ্ডাৰ বৰুআ, এবং বৰুআ নামেৰে থাকিলে ঢেকিয়াল, চোলাধৰা, খাৰঘৰিয়া, ইবিলাকেও মাটিএ অহাত বৰ জাপি ধৰাই আহে ; সদাই নােআৰে, তদিতৰে মাটিএ অহাত বৰ জাপি ধৰাব নেপাই। আৰু তিনি বৰ ভণ্ডাৰ বৰুআৰো ঐ ঘুৰনিয়া বিচনি ও বেৰি দিয়া লাখুটি আচে ; এবং ডঁৰিকা দুআৰৰ বাজৰ চতিটৰ পুবৰটো খুঁটাতে তিনিও ভৰি ধুই সােমাইগৈ। বৰঘৰ টুপলৈ জাঁওতে তিনি জনা ডাঙ্গৰিয়া, ও বৰ বৰুৱা বৰ ফুকন আদি চৰাৰ ফুকন,ও খেৰ বিচনি লােআ চমুআ ফুকন, এই সকল আৰ ঢৰা খনৰ পচিম মুৰে ওলাই সােমাই ; তিনি জনা বৰ ভণ্ডাৰ বৰুআ গএৰহ ইতৰ ফুকন বৰুআ ঐ ঢৰাৰ পুব মুৰে ওলাই সােমাই। চৰাত বৰ বৰুআ বহাত ওচৰলৈ জাব লাগিলে, চমুআ ফুকন কেই জনাই তিনি খনিয়া চাল কঠৰ নুৰাত বহে ; এবং বৰ বৰুআৰ পানি চোআলৈ গলেও চমুআ ফুকন কেই জনাক বহিবলৈ পাটি ঢৰা দিএ ; তদিতৰ ফুকন বৰুআই আঠুলে বহে। ইতি। {{gap}}আৰু বৰ ভণ্ডাৰ বৰুআ হলেই ৰুপৰ চুলা, পৰ্হিচাঙ্গি পাই, এই দুটা দ্রব্য লবলৈ জনাব নে লাগে; সােনৰ খাৰু ও টেমি লবলৈ জনাব লাগে আৰু চোলাধৰা, খাৰঘৰিয়া, ঢেকিয়াল এই তিনি বৰুৱা হৈ থকাত হলে বৰ ভণ্ডাৰ বৰুআৰ তুল্যই।
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৯৫
{{rh||৯১|}}
তিনি লৰি গোঁহাঁই ও ৰজা জোঁআইক বাজকৈ নাওসলিয়া ফুকন, তামুলি ফুকন, এই কেই জনে ৰুপৰ চুলাত বাজ দ্রব্যলৈ জনাব লাগে, দিলেহে লব পাৰে । খেৰ বিচনিও এই ৰুপ। ইতৰ সকলে হলে ৰুপৰ চুলালৈকে জনাব লাগে । অপৰ বৰ ভণ্ডাৰ বৰুআৰ নামেৰে চমুআ ফুকন বৰুআ জন কিচুএ ভিতৰলৈ জাঁওতে, বৰ ভণ্ডাৰ বৰুআই ভৰি থোৱা খুঁটাটোৰ পচিমটো খুটাতে ভৰি ধোএ। ইতি। {{gap}}বৰ চৰাত সৰ্গদেও বহাত জি কোঠাত সৰ্গদেও বহে, সেই কোঠাৰ পৰা দখিনলৈ মাজত একোঠা এৰি, তাৰ ওচৰৰ কোঠাত চতিৰ তলতে দুই খুঁটাৰ মাজত পুব ফালৰ পৰা লানিকৈ বুৰা গোঁহাই, বৰ পাত্ৰ গােহাঁই, বৰ গোহাঁই, এই তিনি জনা বহে; সুদা মাটিতে আগ ফাললৈ পিক চোবা পেলাই। বৰ গােহাঁই ডাঙ্গৰিয়াৰ বাম কাসৰে পৰা সদিয়া খােআ, সলাল, মৰঙ্গি খােআ, এই তিনি বহে। কিন্তু কোনাে সময়ত ইয়াতে বিপৰিতো হই; কোন সময়ত গোটেইটো চতিৰে পুব খুঁটাৰে পৰা দখিনলৈ ক্রমে তিনটা খুটাত, বুৰা গোহাঁই আদি তিনি জনা বহে। তেতিয়া সেইটো চতিৰে পচিমটো খুঁটাৰে পৰা দখিনলৈ লানিকৈ বৰ বৰুৱা আদি ফুকন ৰাজ খােআ সকল বহে। এই ক্রমে বহাত দাঁতিয়লিয়া তিনি জনা চৰাৰে দখিন টুপৰে জোৰাৰ চতিৰ পুবৰটো খুঁটাতে, খাইলাতৰ খুঁটাতে, ঘৰিয়াল ধৰা
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৯৬
{{rh||৯২|}}
খুটাতে, ক্ৰমে বহে। আৰু এই থিয় লানিৰে বহাত জি জনা ডাঙ্গৰিয়া জিটো খুঁটাত বহে, সৰ্গদেও নবহাতো সেই জনা ডাঙ্গৰিয়া সেইটো খুঁটাতে বহে। ডাঙ্গৰিয়া সকল ঐ পথলিয়া দৰে বহিলে, সেইটো চতিৰে পচিম ফকামৰ খুঁটাৰে পৰা দখিনলৈ সাৰিকৈ পিৰালিত বৰ বৰুআ আদি চৰাৰ ফুকন ৰাজখােআ বহে ; এই সকলৰ পাচত দেঁওধাই, বাইলুঙ্গ, চেটিয়া পাত্ৰ বৰুআ, ঘৰফলিয়া বৰুআ, এই সকল বহে । এই দখিন ফালৰ চৰাৰ সভা বৰ বৰুআই নেওগ ফুকনৰ দ্বাৰাই নিৰোপন কৰাই। সৰ্গদেও বহা কোঠাৰ উতৰৰ কোঠাও উদঙ্গেইহে; কিন্তু ওচৰতে তামুলি লিগিৰা, বৰ তামুলি, ও পিকদান ধৰা, চোঁঅৰ লােআ, পাঁচনি, কদাচিত হাতবিচনি লােআ লিগিৰা, এই পাঁচ জন বহেগৈ । সেই উদঙ্গ কোঠাৰ উতৰ কোঠাৰ চতিৰ তলতে সোঁ মাজে বাট ৰাখি, সেই বাটৰে পুব কোসৰে পৰা সেই চতিৰ মুৰৰ পুবটো খুঁটাৰ ওচৰ খনিতে পাঁচনি বৰাটো জে বহে, তালৈকে লানি হৈ ৰঙ্গা চুলি লগা দুই এক খম দাৰে পাঁচনিব পালি বহে ; এই খুঁটাৰে পুবৰ ফালে কিছু দখিন ফলিয়া হৈ চমুআ পাঁচনি বৰাটো বহে। ঐ বাটৰে পচিম কোসৰে পৰা তৰােআলেবে লিগিৰাহঁতৰ পালি বহে; সেই লগেই পচিম ফাললৈ লানি হৈ বাজে চমুআ ফুকন বৰুআও কিচু বহে। ঐ তামুলি লিগিৰাহঁত বহাটো চতিৰ পচিমটো
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৯৭
{{rh||৯৩|}}
ফকামৰ খুটাৰে পৰা উতবলৈ লানি হৈ, ঐ বৰ বৰুআৰ সমুখে খেৰ বিচনি লােআ চমুআ ফুকন সকল বহে। ঐ সকলৰ লানিতে পাচত বৰ ভণ্ডাৰ বৰুআ তিনি জন বহে। এই সকলৰ পােনেই উজনি ফালে ফকামৰ কোঠাত মেল খােআ গােহাঁই দেও সকল বহে ; এঁওবােৰক মাজতকৈ লৈ দুয়াে কাসে চমুআ পাঁচনি হঁত এই কোঠাতে বহে। এই উতৰ কোঠাৰ উতৰ কোঠাতে পচিম ফালে সৰ্গদেৱৰ দোলা থই। পুব ফালে গন্ধিয়া, ও মলিয়া ভৰালি, পেৰাভাৰি, এই সকলে নিজ কৰম কৰে। এই ফালৰ সভা পাঁচনি বৰা কুকুৰাচোআ বৰুআই নিৰোপন কৰে ; খলাৰ সভাৰ নিৰোপন হলে ঢেকি- য়াল ফুকন বা বৰুআ, দোলাকাসৰিয়া বৰুআ, চাউডাঙ্গৰ বৰুআ, এই সকলে কৰে। কিন্তু ঢেকিয়াল বৰুআ বা ফুক- নেহে চৰাত বহিব পাবে ; দোলাকাসৰিয়া বৰুআ, চাউ- ডাঙ্গৰ বৰুআ খলাতেহে বহিব পাই। অৰু সৰ্গদেও বহা কোঠাৰ পুব ফালৰ ফকামৰ কোঠাত তামুলি দাৰে, বৰ তামুলি দাৰে বৰ তামুলিহঁত বহে। এই কোঠাৰ দখিন ফকামৰ কোঠাত উতৰ ফালে হেঙ্গদান ধৰা, ও দখিন ফালে সভা পণ্ডিত, এই সকল বহে। ইয়াৰ দখিন ফকামৰ কোঠাত গনক জোতিসিয়া বহে, ইয়াৰ দখিন ফকামৰ কোঠাত কটকিহঁত বহে, ইয়াৰ দখিন ফকামৰ কোঠাত কাকতিহঁত বহে, আৰু দখিন টুপৰ উজনি ফালে খাওন্দহঁত বহে,
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৯৮
{{rh||৯৪|}}
ভাটিৰ ফালে তিনি জনা ডাঙ্গৰিয়াৰ হাতি মুৰিয়াহঁত বহে। ইতি। {{gap}}সততে সৰ্গদেও থকা নগৰব বৰ চৰাটো বৰ বৰুআ আদি চৰাৰ ফুকন জনেক দুজন নবহি, উদঙ্গে থব নেপাই। জদি সৰ্গদেও অন্য নগৰ বা বাহৰলৈ জাই, তেতিয়া নগৰ জদিবা উদঙ্গেই, তেও চৰা উদঙ্গে নেথাকে ; নিয়াই সােধা ফুকনেই সততে সেই চৰাত বহে ; আৰু সেই নগৰলৈ ৰজা দেও নাহে মানে সেই ফুকনেই বৰ বৰুৱাৰ এক্তিয়াৰি কৰম খনি চলাই। এই হেতুকে নিতে বৰ চৰাত বহাৰ ক্ৰম লেখা জাই। বৰ পাত্ৰ ডাঙ্গৰিয়া বহাটো খুটাতে সদাই বৰ বৰুআ বহে; কিন্তু ৰোজ ৰোজ দুপৰ মাৰিলেই বৰ বৰুআ চৰাত বহে ; দুপৰ চাৰি ডণ্ড মাৰিলেই পানি চোআলৈ গৈ জিৰাই, তিনি পৰ মাৰিলেই আকও চৰাত বহেহি ; গধুলি ৪ চাৰি ভণ্ড মাৰিলেই উঠি জাই। মেলৰ নেওগ বৰা ইত্যাদিএ বৰ বৰুৱা বহাৰ পােনেই খলাত দুসাৰি হৈ আঠুলৈ বহি কথা জোগাই। আৰু বৰ বৰুআ নিতে পৰত পানি চোআতে থাকি, ৰাতি পুআ চাৰি ডঁৰিয়াত বাজ ঘৰলৈ গৈ খাই বৈ দুপৰত নগৰ সােমাইহি চৰাৰ ফুকন সকলে হলে থকুৰা দিয়া ঢৰাৰে চাৰিও ফালে ঢাকি চৰাতে পৰ দিএ; ৰাজ খােআৰো এই ক্রম। আৰু নগৰৰ ভিতৰৰ পালি ঘৰত সােআ চাঙ্গ বা পিৰা কোনেও লব নে পাই, মাটিৰ ভেঁটি
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/৯৯
{{rh||৯৫|}}
কৰি লই; কোনােএ তাতে কাঠৰ চলিয়া পাটকে লই ; এবং আঠুআ লব নেপাই, খৰম পাইজাৰ ইয়াকো লব নেপাই, বুলনি ঢৰাহে লই; চৰিয়া পিক পেলােআ ইয়াকো ধাতুৰ লব নেপাই, কাঠৰহে লব পাই; বেৰা কাঁহি মাই- হাম ইয়াত বেৱহাৰ কৰিব নেপাই, কাঁহৰ বান বা কাঁহি ইয়াত বেৱহাৰ কৰে। এবং ডঁৰিকা দুআৰৰ বাজ খনৰ বুজ বিচাৰৰ কর্তা বৰ বৰুআ, এই কাৰন বৰ বৰুআৰ নিত পৰ; ঐ দুআৰৰ ভিতৰ খনিৰ বুজ বিচাৰৰ কর্তা ঢেকিয়াল বৰুআ, এঁওৰো নিত পৰ। আৰু চৰাতে বৰ বৰুআ জিটো খুঁটাতে বহে, সেইটো খুটাৰ দখিন ফালে নাওবৈচা ফুকন বহে; ইয়াৰ দখিনটো খুঁটাতে উতৰ ফালে ডেকা ফুকন, দখিন ফালে দিহিঙ্গিয়া ফুকন বহে; পচিম ফালে ঐ বৰ বৰুৱা বহাৰ খুঁটাটৰ পচিমটো খুঁটাতে ন ফুকন বহে ; এইটো খুঁটাৰ উতৰৰটো খুটাতে ভিতৰুআল ফুকন বহে; ন ফুকন বহাটৰ দখিনটো খুটাতে নেওগ ফুকন বহে; কিন্তু বৰ খুঁটাতকৈ ভিতৰ ফাললৈ আগ বাৰ্হি সােমাই বৰ বৰুআদি কোনাে বহিব নেপাই, ঐ বৰ খুঁটাকে সিমা কৰি ফকামৰ কোঠাত পথলিয়াকৈ মেলা কঠতহে বহে। আৰু দখিন টুপৰ পুব ফালে টুপৰ জোৰাৰ খুঁটাৰ দখিন পুব কোনতে চাঙ্গৰুঙ্গ ফুকন বহে ; এঁওৰে দখিনেই নিয়াই সােধা ফুকন বহে। এই টুপৰ জোৰাৰ খুঁটা ও তাৰে
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১০০
{{rh||৯৬|}}
ফকামৰ খুঁটা এই দুইৰ মাজতে থিয়কৈ এটিয়া কঠ মেলি ফকামৰ কোঠাতে বচা ও নিবুকিয়াল দুই ৰাজখোআ বহে। জেতিয়া গুআহাটিৰ ফুকন ৰাজখোআ সকল আহে, তেতিয়া চৰাৰ দখিন টুপৰ ঘঁৰিয়াল ধৰা খুঁটাৰ দখিন টুপতে থিয়কৈ কঠ একোটা পাৰি ৰাজখােআ সকল বহে। পানি ফুকন আদি ফুকন সকল মৰ্জদাৰ আগ পাচ ক্রমে উজনিয়া ফুকন সকলৰ মাজে মাজে বহে। দবঙ্গি ৰজা ও বানি ৰজা আহিলে, দাঁতিয়লিয়া গোঁহাই তিনি জনা বহা দখিন টুপৰ জোৰাৰ চতিৰ পুবৰটো খুঁটাতে বহে। আৰু নিতে চৰাত বৰ বৰুআ বহাত বৰ বৰুআৰ সমুখৰ উতৰ ফালৰ খুঁটাটৰ দখিনে ভিতৰ সােমাই ফকামৰ কোঠাত ডাঙ্গৰিয়া সকলব এবং চাৰি সত্ৰি- য়াৰ খাটনিয়াৰ ও সভা পণ্ডিত দুই এক জন বহি, কথা বার্তা জনাই। এই সকলৰ পুব ফালে সেই কোঠাতে বৰাহঁতে খলাৰ পৰা আগ কৰা কথাকে মুখ দি সুধি বুজাব কাৰন বৰ কটকি এটা বহে। এইটো খুঁটাৰ ওচৰকৈ পিৰালিতে মােটোকোআ চালতে বৰা কাকতিটো বহে। পচিম ফালে ভিতৰুআল ফুকন বহাৰে পৰা দখিনলৈ ফকামৰ কোঠাৰ মাজে মাজে কটকি দলৈ কাকতিহঁত বহে। ইতি বুৰঞ্জি সাৰে সষ্ট খণ্ডং। <center>⸻⸻</center>
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১০১
<center>{{Xx-larger|সপ্তম খণ্ড।}}</center>
<center>১৩</center>
বৰ সবাহত মহন্ত সকলৰ নির্মালি লােআত সৰ্গদেও বৰ চৰাৰ বহা কোঠাৰ অগ্নি কোনৰ খুঁটাতে সৰুকৈ ভেঁটি এটি কৰাই তাতে দস্তুৰ মতে বহে। চাৰি সত্ৰিয়া সকলে সর্গদে-ৱৰ সিৰতে নির্মালি দিএহি; তাতকৈ নাম সকলে হাতত দিএহি ; তাতকৈ নাম সকলে ভকতৰ হাতৰ পৰা আপুনি নিৰ্মালিৰ সৰাই নি আগ বৰ্হাই দিএহি, সর্গদেৱে সেই সৰা-ইৰ পৰা আপােন হাতে লই; তাতকৈ নৰম সকলে নিল-গতে দেখা দি আসিৰ্বাদ কৰে, সৰ্গদেৱৰ পাঁচনিতে নিৰ্মালিৰ সৰাই আনি আগ বহাই দিএহি, সর্গদেৱে আপোন হাতে লই। আৰু চাৰি সত্ৰিয়া অধিকাৰি হলে সৰ্গদেৱৰ আগত বহিবলৈ কলা পাতৰ ওপৰত বগা কামলি পাই; ডেকা অধিকাৰে জোৰ কলা পাত পাই; বৰ চৰাত হলে উতৰ টুপৰ পৰা একোঠা সােমাই, তাতে ঢাৰি কঠতে কাপৰৰ তলচা বৰ গাৰু লৈ বহে; ইতৰ সকলে কামলি দিলেহে পাই; নিদিলে কোনাে সকলে কলা পাত পােআও আচে , নােপােআও আচে। এবং সৰ্গদেৱক সাখ্যাত কৰাত চাৰি সত্ৰিয়াক বাপু, তাতকৈ নাম মহন্ত, তাতকৈ নাম মেধি, এই ক্রমে বোলে। এই মহন্ত সকল বৰ বৰুআৰ তাবে চোকৰধৰা বৰাৰ দ্বাৰা চলাচল কৰে। গুআহাটিত হলে সত্ৰিয়া বৰুআ এটা
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১০২
{{rh||৯৮|}}
বৰ ফুকনৰ তাবে থাকি চল কৰ কৰে। পৰ্বতিয়া গােঁসাই সকলক গৰ ভিতৰলৈ অনাত সৰ্গদেৱৰ দুলিয়াই পৰ্হিচাঙ্গিৰে বা বিদেসি নলকিৰেই আনে, অগিত বাখৰ পতা সােনৰ চুলাৰে পানি জাপি আনে; দুআৰৰ মুখৰ বাওলিৰ ভিতৰ দুআৰ ঘৰৰ বাহিৰ সেই খনিতে সেই চাঙ্গি এৰে ; তাতে ঘােঁৰাত উঠি বানত সিয়া বৰ জাপি ওপৰত ধৰাই গােঁসাই ঘৰৰ জখলা মুখৰ চাউডাঙ্গ চৰাৰ ওচৰলৈকে আহি, তাতে ঘােৰাৰ পৰা নামি পইজাৰেৰে জখলা মুখলৈকে গৈ, তাতে পইজাৰ পিক পেলােআ ডাবৰ এৰি, গোসাঁই ঘৰৰ টুপতে ৰঙ্গা থঙ্গাত বহেগে। আগতে কাসৰিয়াকৈ নিৰ্মালিৰ সৰাই ও উপহাৰৰ সৰাই থই ; এক কাসৰে তাওকিনে গামােচাই খই। পাচে সৰ্গদেও আহি সেই টুপতে বানতত বহি, গাে- সাঁইক সেৱা কৰে, গোঁসায়ে মুৰতে নিৰ্মালি দি ধৰি সৰ্গদেৱক আসিৰ্বাদ কৰে। এনেতে চোলাধৰা ফুকনে, জদি ফুকন নে- থাকে, গােঁসাই ঘৰিয়া কৰ্ম্মকাৰক ফুকনেই গােঁসাইক ভেঁটাই, আৰু ঘৰত সততে গােঁসাই বহাত ওপৰত পানকটা চন্দো- আৰ তৰে। পহুমৰিআ গােসাঁই সকলৰৰ এয়ে ক্রম; কিন্তু সােন চুলাৰ বাখৰ, ও ঐ চন্দোআৰ, ও বহাত ৰঙ্গা কামলি, ও নলকি, এই কেই বিধ নাই; বগা কামলিতহে বহে। আৰু পৰ্বতিয়া গােসাঁইৰ ঘৰৰ নাতি গােসাঁইৰ পর্বতিয়া গােসাঁইৰ দৰেই ক্রম। এই নাতি গােসাঁইৰ ঘৰৰে
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১০৩
{{rh||৯৯|}}
পহুমৰিয়া গােঁসই সকল সিস্য ; এই হেতুকে ঐ তাৰতম্য থাকিল, এবং ৰাজ ঘৰত কদাচিত একত্রে বহা হলেও মাজত ঠকুৰা লগা আৰ ঢৰা দিএ। <center>{{Xx-larger|বিসয়া পতাৰ স্থানৰ নিয়ম।}}</center> {{gap}}তিনি জনা ডাঙ্গৰিয়া পাতিব লাগিলেই, বৰ চৰাৰ উতৰ টুপৰ ঘঁৰিয়াল ধৰা খুঁটাতে ধৰাই বা ওচৰতে থিয়কৈ সৰ্গ- দেৱৰ আজ্ঞা সুনালেই কাপৰ দিএ, তাতে ডাঙ্গৰিয়া বহে; অন্যবােৰ মানুহ দস্তুৰ মতে আঠুলৈ বহে। পাচে কথা সুনুআ সকলে কব লগা তাৱত কথা কই; তাতে ডাঙ্গৰিয়াই প্রত্যুতৰ প্রার্থনা সৰ্গদেৱলৈ সেই কথা সুনুআ সকলৰ দ্বাৰাই জনাই। তাৰ পৰা উঠি চৰাৰ মাজৰ নিজ ঠাইত তলচাত বহেগৈ ; কিন্তু কোন জনা নিজ ঠাইত নবহি, সেই উঠা- তেই বাজ ঘৰলৈ জাইগৈ। জাঁওতে জদি পুৰ্বৰে পৰা অনাই প্রস্তুতে থই, দোলাতে জাবলৈ পাই; জদি দোলা প্রস্তুতে নে- থাকে, ৰাজ সালৰ ঘােৰা দিএ ; তাতে উঠি ঘৰলৈ জাই। দাঁতিয়লিয়া তিনি জনাক চৰাৰ দখিন টুপৰ ঘঁৰিয়াল ধৰা খুঁটাৰ কাৰতে সি তিনি জনাৰ ক্ৰমেই পাতে। বৰ বৰুআ বৰ ফুকন আদি গুআহটিয়া উজনিয়া দুয়াে দল চৰাৰ ফুকনক পাতিব লগাত প্রথমে সপত খুআই ; এই সপত খুউআ কৰম প্রথমেই ডাঙ্গৰিয়া ৩ জনা ও দাঁতিয়লিয়া তিনি জনা এই চই জনাতো আচে। পাচে বৰ বৰুআ বহা খুঁটাৰ
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১০৪
{{rh||১০০|}}
চতিটৰ সোঁ মাজতে সৰ্গদেৱৰ আজ্ঞা সুনালেই খেৰ দিএ, তাতে আঠুলৈ বহে; অন্য মানুহাে আঠুলৈ বহে। পাচে কথা সুনুআ সকলে কব লগা খনি কই; তাকে সুনি হােআ জনাই প্রত্যুতৰ প্রার্থনা সৰ্গদেৱলৈ জনায়েই, নিজ ঠাইত দস্তুৰ মতে বহেগৈ । আৰু ডাঙ্গৰিয়া সকলৰ এজনা জিয়া হৈ থকাতে এজনাক পাতিব লাগিলে, বৰ কটকি এটা গৈ আগৈএ ঘৰতে সৰ্গদেৱৰ আজ্ঞাৰে ডাঙ্গৰিয়া ভাঙ্গি, দোলা আৰআন কাৰ্হি আনিলেহে, পাচে এজনাক পাতিব পাই। কিন্তু তিনি জনা ডাঙ্গৰিয়াৰে পৰা বৰ বৰুৱাক বাজকৈ দুয়ে দল চৰাৰ ফুকন পর্জন্তে পাতিব লগা হলেই, বৰ বৰুআ চৰাত বহি থকাতেহে পাতিব পাই। আৰু এই পর্জন্তে পতাত পাতি- বলৈ জোআ বৰুআ ফুকন এটিয়াকৈ জাব নেপাই ; মজুমদাৰ বৰুআ, ও খেৰ বিচনি পােৱা চমুআ ফুকন, আন ফুকন বৰুআও জাক পাঁচে, মুঠে দুই তিন চাৰি ইমান বৰুআ ফুকন কথা সুনাবলৈ জাই। ৰাজখােআ সকলক হলে, চৰাৰ দখিন টুপে কথা সুনাই পাতিএই বা নৌ পাতোঁতেই বৰ বৰুআ জতে থাকে ততে গৈ, কথা সুনুআ গৰাকিএ বৰ বৰুআত জনাই থব পাই। চেটিয়া পাত্র বৰুআ ঘৰফলিয়া এই দুইক টুপৰ জোৰাৰ পচিম ফালৰ ফকামৰ কোঠাত পাতে, ঐ টুপতে চাঙ্গৰুঙ্গ বৰুআহঁতকো পাতে। ঐ তিনি জনা ডাঙ্গৰিয়াৰে পৰা দুয়াে দল চৰাৰ
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১০৫
{{rh||১০১|}}
ফুকন পৰ্জন্তে কথা সুনাই পতাতেহে, অকলেই বা লগেৰেই মজুমদাৰ বৰুআই কথা সুনুআ নিয়ত; তদতিৰক হলে অন্য ফুকন বৰুআও কথা সুনাই, কদাচিত মজুমদাৰ বৰুআকো পাঁচে। খেৰ বিচনি লোআ চমুআ ফুকন সকলক চৰাৰ উতৰ টুপে পাতে; পাচে বৰ বৰুআত কৈ থইগৈ। তিনি বৰ ভণ্ডাৰ বৰুআ, জালভাৰি ফুকন, গন্ধিয়া বৰুআ, মজুমদাৰ বৰুআ, খনিকৰ বৰুআ, সেনচোআ বৰুআ, দুই দোলাকাসৰিয়া বৰুআ, তিপমিয়া ৰাজখোআ, হাতি বৰুআ, ঘোৰা বৰুআ, এই সকলক দোলাকাসৰিয়া চৰাৰ টুপতে পাতে। দুই চাউডাঙ্গৰ বৰুআক উজনি জখলা মুখৰ চাউ- ডাঙ্গৰ চৰাত পাতে। বৰ বাটঘৰৰ মাজ কোঠা চাঙ্গৰ ওপৰতে কুকুৰাচোআ বৰুআ, পাঁচনি বৰা, বৰ তামুলি, এই সকলক পাতে। এই ঠাইতে কুকুৰা চোআ বৰা এটাই দুঅৰি বৰুআটো পাতি, বাজ দুআৰতকৈ দিএগৈ। বৰ বাট ঘৰৰ পেটে পুব ফালে চাঙ্গমাই সালৰ নিচাঙ্গতে চাঙ্গ- মাই বৰুআ, জৰাধৰা বৰুআ, বেজ বৰুআ এই সকলক পাতে। তিনি দুলিয়া বৰুআক নেওগ বৰাহঁতকো সৰ্গদেৱৰ দোলা ঘৰত পাতে। এতদ্ভিন বিসয়া খনি এবং মেলডগিয়া ফুকন বৰুআ খনিকো ডঁৰিকা দুয়াৰত পাতে। দেৱলিয়া সেৱা চলো- আহঁতক ঐ দুআৰৰ বাজ খনিতে পাতে। ঐ ঠাইতে হাজৰিকাহঁতকো পাতে। মেলডগিয়াৰ টেকেলাৰ বৰুআ,
VALIDATED
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১০৬
{{rh||১০২|}}
নেওগ, বৰা, এইবােৰক লেখাৰু কুকুৰাচোআ বৰাই নিজা মেল ঘৰ কিম্বা দোলাঘৰতে নিজ মেলৰ আই কুঁঅৰি দেও বা গােঁহাই দেৱৰ আজ্ঞাৰে পাতে। কুকুৰা চোআৰ নেওগ বৰা এইবােৰক বৰ বাটঘৰতে ওজা লিগিৰাই সৰ্গদেৱৰ আজ্ঞাৰে পাতে। চাউডাঙ্গৰ সইকিয়া বৰাহঁতক ঐ চাউডাঙ্গ চৰাতে পাতে ; দোলাকাসৰিয়া বৰা ও বৰ নেওগ ইহঁতক ঢেকিয়াল বৰুৱা দোলাকাসৰিয়া বৰুআৰ পালিৰ মুখৰ ওলাই, বহা ঘৰটিতে পাতে। আৰু মেলডগিয়া ও বৰ বৰুআ, বৰ ফুকন, ও ডাঙ্গৰিয়া সকলৰ বিসই, ও বিলাতত বাজে নেওগ, টেকেলা বৰাবােৰ সৰ্গদেৱৰ আজ্ঞাৰেহে হই; হাতি ঘােৰাৰ দুই বৰ বৰা, গুৱাহাটিৰ দুই বৰ বৰা, উজনিৰাে দুই বনুআ, বৰা, এইবােৰ সৰ্গদেৱৰ আজ্ঞাৰেহে হই; কিন্তু কাঁৰিৰ সইকিয়া খনি মাত্র উজনিয়াৰ বৰ বৰুআই পাতে, ভাটিৰ খনি বৰ ফুকনে পাতে। জুৰাৰ বৰা খনি গা মেলৰ বৰুৱা ফুকনেই পাতে। {{gap}}তজবিজ মতে অপৰাধিক ডণ্ড কৰাৰ নিয়ম। সগদেৱে হলে জি ৰকনে ডণ্ড কৰাৰ ইচা হই তদৰুপে কৰে, ইয়াত নিয়ম নাই। ডাঙ্গৰিয়া সকলে হলে ধুমেৰে খুন্দি প্রান মাৰে, ও তােম বান্ধি পানিত ডুবাই প্ৰনি মাৰে, অন্য প্রকাৰে এবং অস্ত্রাঘাতে প্রান মাৰিব নেপাই; আৰু চকু কাৰ্হে, নাক কান কাটে, আঠুৰ ঘিলা কাৰ্হে। বৰ বৰুআই হলে
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১০৭
{{rh||১০৩|}}
তেঁওকে মুখ্য কৰি ফুকন বৰুৱা ৰাজখােআই আপােন আজ্ঞাৰে পতা ভঙ্গা কৰিব পৰা বিসয়া, ও তাতকৈ নাম পাইকান, এই সকলক নাক কান কাটে ; ইয়াতকৈ ওপৰ লােকক সৰ্গদেৱৰ আজ্ঞা পালেহে গঁতা গৰাল, কোব, ঢাকা এনে ডণ্ড কৰিব পাৰে। চৰাৰ ফুকন, খেৰ বিচনি পোআ চমুআ ফুকন, বৰ ভণ্ডাৰ বৰুআ আদি মেলডগিয়া ফুকন বৰুআ পর্জন্ত, এই সকলে হলেও বৰ বৰুৱাৰ দৰেই ডণ্ড কৰে; কিন্তু নাক কাটিব নােআৰে। আৰু টেকেলা দুলিয়া এই দুই খেলত বাজেহে পৰা খনি ডণ্ড কৰিব পাৰে ; এই খেলৰ মানুহক গঁতা গৰাল, কোৰ, ঢকা, এনে ডণ্ডহে কৰিব পাৰে। দুৰ দেসাধিকাৰ কাৰন বৰ ফুকনে হলে ডাঙ্গৰিয়া সকলৰ দৰেই ভণ্ড কৰে, চোৰক হলে কাটে ; ও অস্ত্ৰৰে প্ৰান মৰা ডণ্ড, উজনিত হলে চাউডাঙ্গে কৰে, ভাটিত হলে বুৰুকে কৰে। ইতি। {{gap}}বৰ বৰুআ ফুকন আদি ফুকন বৰুৱাতকৈ এই সকলৰ স্ত্ৰিৰ মৰ্জ্যদা কিচু অধিক; এই হেতু তাকো লেখা জাই। এই সকলৰ ঘৈনিএকহঁতক সৰ্গদেৱৰ ঘৰত অমুক ফুকনমি বা বৰুআনি বােলে, ডাঙ্গৰিয়া কেই জনাৰ হলে অমুক ডাঙ্গৰিয়াৰ ঘৈনি বলে। ডাঙ্গৰিয়া বােৰৰ ঘৈনি সকলৰ পহিঁচাঙ্গি, আৰু নগৰৰ ভিতৰলৈ জেতিয়া জাই বৰখুন বা মদ নিবাৰনার্থে সৰু দৈয়া সিয়া জাপি মুৰত
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১০৮
{{rh||১০৪|}}
লৈ, উজনি খন চাউডাঙ্গৰ দুয়াৰে সােমাই ; সেই ফালৰ চাউডাঙ্গৰ চৰাতে বহেগৈ। লগৰে বনুআ এজনিএ কলা পাত দুখন নিব পাই, তাকে পাৰি দিএ, তাতে ঘৈনি বহে। কুঁঅৰিবােৰৰ ঘৰলৈ গলেও সেই ক্রমেই পাত দিএ, তাতে বহে। বৰ বৰুআ, বৰ ফুকন, কিম্বা চৰাৰ ফুকন, অথবা খেৰ বিচনি পােআ চমুআ ফুকন, এই সকলৰ বৰুআনি বা ফুকননি সকল জোআতো পহিঁচাঙ্গিৰেই গৈ, নগৰ সােমােআত মাটিএ মুৰত সিয়া জাপি লৈ, ঐ দুআৰেই সােমাই। ঐ চৰাতে ডাঙ্গৰিয়া সকলৰ ঘৈনি সকলৰ নাম হৈহে এখনিয়া কলা পাতত বহে। এই ক্রমেই চমুআ ফুকননিহঁতো ক্রমে নাম সাৰিত বহে। কুঁঅৰি সকলৰ ঘৰতো এই ক্রমেই এখনিয়া পাতত বহিবলৈ দিএ ;তদিতৰ ফুকননি বৰুআনিৰ বহাত পাত নাই, মাটিতেহে বহে। ঐ উজনি খন চাউডাঙ্গৰ দুআৰকে কালুগঁয়া দুআৰকো বলে, লিগৰি দুআৰো বােলে ; মাটি ঘৰৰ দুআৰো বােলে ; নামনি খন চাউডাঙ্গৰ দুআৰকে কমলাবৰিয়া দুআৰো বােলে, গােঁসাই ঘৰৰ দুআৰো বােলে ; দোলাকাস- ৰিয়া চৰাৰ টুপৰ সমুখৰ খনকে ডঁৰিকা দুআৰ বােলে ; নগৰৰ বাজে গৰৰ পুৰৰ খনকে পানি দুআৰ বােলে ; দখি- নৰ খনকে বৰ দুআৰ বােলে; পচিমৰ খনকে ন দুআৰ বােলে ; উতৰ ফালে দুআৰ নাই, পিচ ফাল দেখি ঘৰ কাৰেঙ্গ বােলে। আৰু জে ঐ সিয়া জাপি লই, তাতে
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১০৯
{{rh||১০৫|}}
<center>১৪</center>
বানতৰ ওপৰত অনেক বৰনিয়া সুতা, এবং ৰুপ সােনৰ গুনাৰে বনকৰা বৰ ২ জৰু লগাই, ওপৰ টুপত পােআল মনিৰে গথা ডাল পাত লাগে অ। সােনৰ চুলাতে গচ কৰি দিএ। এই ৰুপে সোনৰ চুলাৰে সিয়া জাপিকে ডাঙ্গৰিয়া- বােৰৰ ঘৈনি সকলে, ও বৰ বৰুআ, ও বৰ ফুকন, চৰাৰ ফুকন, চমুআ ফুকন, এবং তিনি বৰ ভণ্ডাৰ বৰুআ, এই সকলৰ ঘৈনিবােৰেও লই। কিন্তু দুই এক খান বনৰ তাৰতম্য কৰি চুলা ও জৰু লই, আত বাজে চমুআ জাল ভাৰি ফুকন আদি ৫ জন, ও মেল ডগিয়াৰো ফুকন কেইজন, এই সকলৰ ঘৈনিবোৰেও সমই মতে তাৰতম্য ৰুপে ঐ চুলাও লই, জৰু লই। ইতৰ সকলৰ ঘৈনিবোৰে ঐ চুলাতে ডাল পাত হিনকৈ চপা একো পাহ লই ; তদিতৰ সকলে সবে চপা লগােআ লোআও আচে, লব পােআও আচে। ইতি বুৰঞ্জি সাৰে সপ্তম খণ্ডং। <center>⸻</center> <center>{{Xx-larger|অষ্টম খণ্ড।}}</center> {{gap}}অথ আসাম মতে গন্তিৰ নিৰুপন। আসাম পণ্ডিতে আপােন ৰিতি মতে খুনলুঙ্গ খনলাই নামি অহাৰে পৰা চুকাফা ৰজা এই দেসে উপস্থিত হােআ বচৰ চিপ ইত তাওচিঙ্গা হই, অর্থাত ৬৬০ বছৰ হই, কিন্তু এই ৬৬০ বচৰ খুনলাইৰ
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১১০
{{rh||১০৩|}}
৭০ বচৰ ভােগ সহিতেহে হই। আৰু মুঙ্গকঙ্গিয়া অহমিয়া উভয়েই বচৰৰ লেখ তাওচিঙ্গা ধৰি কৰে। কিন্তু সেই লেখত স বা হাজাৰ ৰাখি নকৰাত ভুল হই জেন লাগে, তথাপি তাওচিঙ্গাৰ ভিতৰৰ বচৰ একোটাৰ নামকেহে লাক্লি বোলে ও লেখেও। এতেকে তাকে বুজিবৰ নিমিতে এই প্রস্তাৱতে লিখা জাই। {{gap}}হিন্দু সাস্ত্ৰত প্রতি বচৰতে প্ৰজাৰ সুভাসুভ বুজাৰ কাৰন ৬০ বচৰ পর্জন্ত সিমা ধৰি প্ৰভও ও বিভও ইত্যাদি ক্রমে ৬০টা বচৰৰ নাম লিখে ; সেই নামক বচৰতে নামানুসাৰে সুভাসুভ বুজে। ৬০ বচৰ এই ক্রমেই গত হলে, পুনৰ সেই প্রভৱাদি কৰি আৰম্ভ কৰে। কিন্তু লৌকিক ও সাস্ত্ৰিকতাে সঁকাদি- ত্যৰ সঁকেৰেহে বচৰৰ সংখ্যা ও নাম ১৭৬০ সঁকৰ বচৰ ও ১৭৬১ সঁকৰ বচৰ বুলি চলে। এই ৰুপে মুঙ্গকঙ্গিয়া অহমি- য়াই ৬০ বচৰক তাওচিঙ্গা নাম দি, লেঙ্গ তাওচিঙ্গা, চঙ্গ তাওচিঙ্গা বুলি লেখ কৰে। তাকে প্রথমে ধৰোঁতে মুখ্যচান্দ্র মানে ৩০ দিনিয়া মাহ ধৰে ; তাতে চান্দ্র আঘােনৰ প্ৰথম দিনকে বচৰটৰ প্রথম মাহৰ প্রথম দিন বুলি লৈ, ঐ ৩০ দিনিয়া মাহেৰে ১২ মহিয়াকৈ বচৰ পাতে। এই দৰে পতা মাহৰ ক্রমিক নাম ডেন ত্যিঙ্গ ১, ডেন কাম ২, ডেন চাম ৩, ডেন চি ৪, ডেন হা ৫, ডেন কক ৬, ডেন ত্যিত ৭, ডেন পেত ৮, ডেন কাও ৯, ডেন চিপ ১০, ডেন চিপ, ইত ১১, ডেন
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১১১
{{rh||১০৭|}}
চিপ চঙ্গ ১২, এই বাৰ মাহেৰে বচৰ হই, এনে ৬০ বচৰে তাওচিঙ্গাটো হই। {{gap}}প্রতি তাওচিঙ্গাৰ বচৰবােৰৰ নাম। কাপত্যেও ১, ডাপপ্লাও ২, ইঙ্গিত ৩, মুঙ্গমাও ৪, প্লেকচি ৫, কাতচেও ৬, খুতচিঙ্গা ৭, কঙ্গত ৮, তাওচান ৯, কাবাও ১৩, কাপমিত ১১, ডাপকেও ১২, ৰাইত্যেও ১৩, মুঙ্গপ্লাও ১৪, প্লেকঙ্গি ১৫, কাতমাও ১৬, খুতচি ১৭, কঙ্গচেও ১৮, তাওচিঙ্গা ১৯, কামুত ২০, কাপচান ২১, ডাপবাও ২২, ৰাইমিত ২৩, মুঙ্গকেও ২৪, প্লেকত্যেও ২৫, কাতপ্লাও ২৬, খুতঙ্গি ২৭, ৰুঙ্গমাও ২৮, তাওচি ২৯, কাচেও ৩০, কাপচিঙ্গা ৩১, ডাপমুত ৩২, ৰাইচান ৩৩, মুঙ্গও ৩৪, প্লেকমিত ৩৫, কাতকেও ৩৬, খুতত্যেও ৩৭, ৰুঙ্গপ্লাও ৩৮, তাওঙ্গি ৩৯, কামাও ৪০, কাপচি ৪১, ডাপচেও ৪২, বাইচিঙ্গা ৪৩, মুঙ্গমুত ৪৪, প্লেকচান ৪৫, কাতৰাও ৪৬, খুতমিত ৪৭, ৰুঙ্গকেও ৪৮, তাওত্যেও ৪৯, কাপ্লাও ৫০, কাপঙ্গি ৫১, ডাপমাও ৫২, ৰাইচি ৫৩, মুঙ্গচেও ৫৪, প্লেক- চিঙ্গা ৫৫, কাততমু ৫৬, খুতচান ৫৭, ৰুঙ্গৰাও ৫৮, তাওমিত ৫৯, কাকেও ৬০, এই তিনি কুৰি বচৰেই এক তাওচিঙ্গা জাই। পুনৰ বাৰ কাপত্যেও নামক বচৰকে আদি কৰি আকও তিনি কুৰি বছৰিয়াকৈ তাওচিঙ্গা লেখে। {{gap}}এই লেখৰেইহে খুনলুঙ্গ খুনলাই স্বৰ্গৰ পৰা নামি অহাৰে
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১১২
{{rh||১০৮|}}
পৰা এই সৌমাৰলৈ চুকাফা ৰজা অহালৈকে ওপৰেই চিপ ইত তাও ১ চিঙ্গা গল বুলি, চিপ চঙ্গ তাওচিঙ্গাৰ প্রথম লাক্লি কাপত্যেওৰ পৰা চুকাফা ৰজাৰ সৌমাৰৰ ভােগ লেখে । সম্প্রতি চিপ ইত বুজাৰ কাৰন অহমৰ লাই সাস্ত্র অর্থাত ৰাজ নিতি সাস্ত্র মতে নেতা লিখা জাই। লেঙ্গ ১, চঙ্গ, ২, চাম ৩, চি ৪, হা ৫, ৰুক ৬, ত্যিত ৭, পেট ৮, কাও ৯, চিপ ১০, চিপ ইত ১১, চিপ চঙ্গ ১২, এই ক্রমেই গৈ চাও ২০, চাও ইত ২১, চাও চঙ্গ ২২, এবং চাম চিপ ৩০, চি চিপ ৪০, চি চিপ লেঙ্গ ৪১, পাক ১০০, চঙ্গ পাক ২০০, ৰিঙ্গ ১০০০; লিত সাস্ত্র অর্থাত ধৰম সাস্ত্ৰৰ মতে হলে ত্যিঙ্গ প্রথম, কাম দুতিয়, এই ক্রমেও লেখে। আতে নৰাৰ হলে লুঙ্গ ১, হোক ৬, হিঙ্গ ১০০০; ৰ স্থানে হ উচাৰন, এই মাত্র ভেদ। <center>'''⸻'''</center> <center>{{Xx-larger|'''অথ আসাম ৰজা ইন্দ্র বংসিৰ প্রস্তাও'''।}}</center> {{gap}}ভৈৰবি নদিৰে পৰা দিক্কৰ বাসিনি অর্থাত সদিয়াৰ কেচাই খাতি পৰ্জন্তে সৌমাৰ পিঠ বােলে ; এই সৌমাৰ পিঠৰে পুর্ব হিৰকুট পৰ্বতৰ দখিন স্বর্নাদ্ৰিৰ উতৰ এই সিমাৰ মধ্যতে বিহগাদ্রি নামক পর্বতৰ উপৰি ৰত্ন ভুমি নামক স্থানতে সুন্দৰ স্থান দেখি, এক সময়ত সখি গন সহিতে সচি ও ইন্দ্র উভয়েই ক্রিড়া কৰি ফুৰিচিলে। সেই পৰ্বতৰ গুহাতে
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১১৩
{{rh||১০৯|}}
বসিষ্ট মুনি থাকে ; তাৰে পৰা স্নান কৰিবলৈ মুনি ওলাই তেঁওৰ ফুলনিতে ক্রিড়া কৰা দেখি, কুপিত হৈ ইন্দ্রক অন্ত্যজা স্ত্রিত পতিত হ বুলি সাপ দি, সেই স্থান এৰি ৰত্ন পিঠৰ ইসান কোনৰ নিলাচললৈ মুনি গুচি গল। পৰে ইন্দ্র ততখ্যনে কানে নুসুনা, কলাও, বােবাও, এনে দৈত্যাকাৰ মনুস্য হল। ইন্দ্ৰৰ সেই অৱস্থা দেখি সখিগন সহিতে দুস্খাতুৰা হৈ সচি স্বৰ্গলৈ গুচি গল । এনেতে সেই পর্বত নিবাসি অন্ত্যজৰ এক সুন্দৰি স্ত্রি ফুৰি ফুৰি ঐ ইন্দ্ৰৰ ওচৰ চপাত, কামােদ্বেগ দ্বাৰা উভয়েৰে সংগত হলত ইন্দ্র সাপৰ পৰা মােচন হৈ, ঐ স্ত্ৰিত কলে বােলে, তােমাৰ গৰ্ভত এটি পুত্র আচে; কালত জন্মি সেয়ে ৰজা হব, এই বুলি ইন্দ্ৰ স্বৰ্গলৈ গল ; ঐ স্ত্রিও আপোন ঘৰলৈ গল । {{gap}}পৰে ঐ গর্ভৰ পৰা জন্মা কালত আকাসত দেৱতা সকলে হৰ্সিত হৈ অনেক বাদ্য কৰিলে, গন্ধর্ব সকলে গান কৰিলে, তদপেখ্যাতে অপ্সৰাই নর্তন কৰিলে, দসো দিস প্রসন হল, সৰোবৰ সকল অতি নির্মল হল, এনে কালতে অতি সুলখ্যন বালক এটি জম্মিল ; সেই বালকৰে নাম থেনখাম। পৰে ঐ বালক জুবা হলত কোনাে এক সময়ত ইন্দ্রে আসুৰিক মতে পুজা কৰিবলৈ চোম দেও নামে এক দেৱতা, ও এখনি হেঙ্গদান নামে অস্ত্র, ও এজোৰ ঢাক নামে বাদ্য, ও কাইচেঙ্গ- মুঙ্গ নামে দুজুৰি কুকুৰা, এই সকল দ্রব্যাদি সকলো দ্ৰব্যৰ
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১১৪
{{rh||১১০|}}
গুন ও কৰম উপৰি উক্ত খনি বুজাই দিলেহি। ঐ সকল দৈবিক দ্রব্যৰ প্ৰভাৱেৰেই অতি বলৱন্ত হৈ, স্বর্নাদ্রি পর্জন্তে আক্রমন কৰি ৰজা হল। পূৰ্বে ঐ বিহগাদ্রিপতি খুন্তুন বংসি ৰজা তেঁওৰ লগতে লাওখ্ৰি পণ্ডিত, ও স্বর্নাদ্রিপতি খুনবান বংসিৰজা তেঁওৰ লগতে পূজাকজি পণ্ডিত আচিলে। কিচু কালৰ পৰে এক সময়ত ইন্দ্ৰ আহি খুন খুনবানৰ সন্তানক মন্ত্ৰি কর্মার্থে, ও দেও পণ্ডিতৰ অংস লাওখ্ৰি ও পূজাকজি, এই দুইৰ সন্তানক কর্মনিবাহৰ নিমিতে চিনাই দি গলহি ; এই সকল সহিতে স্বৰ্নাদ্ৰি পর্জন্তে ৰাজত্ব কৰি আচিল। {{gap}}ঐ খেনখামৰে ১৮ জনা কুঁঅৰি হল। পাচে এঁওৰে প্রথমে খুনলুঙ্গ জন্মিল ; তাৰ পৰে খুনলাই জন্মিল ; তাৰ পৰে ক্রমে আৰু ৯৮ জন কোঁঅৰ জন্মি, মুঠে ১০০ কোঁঅৰ হল। পাচে থেনখাম ৰজাই নিজ ৰাজত্বৰ ভিতৰৰ পর্বতে সহিতে জুৰি পৰ্বতে পর্বতে ঐ ৯৮ জন কোঁঅৰক ৰজা পাতিলে। খুনলুঙ্গ খুনলাইক দুইক লগতে ৰাখি, সম ভুমি পর্জন্তে আক্ৰমনৰ নিমিতে চোম দেও আদি সকলাে দৈবিক দ্রব্য, ও ঐ ৪ জন মন্ত্রি পণ্ডিত, কিচু সেনা, ইয়াকে দি নিতি নিৰ্বন্ধ সিকাই পঠাই দিলে। ঐ দুই ভায়েকে লােহাৰ সিকলিৰে স্বৰ্নাদ্রিৰ পৰা নামি মুংৰিমুংৰামতে স্থিতি হােআতে, প্রিথিবিৰ অনেক অনেক লোকে লগ ললেগৈ । এনেতে কাইচেঙ্গমুঙ্গৰ বিচাৰ হোআত উপৰি উক্ত মতে
VALIDATED
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১১৫
{{rh||১১১|}}
লঙ্গো গৈ স্বর্নাদ্রিৰ পৰা থেনখাম ৰজাৰ আজ্ঞা মতে পাহৰি এৰি অহা দ্রব্য সকল আনি দিলে। জাঁওতেই জি লঙ্গোএ খেহ দেস খনৰ কথা উপৰি উক্ত মতে জনাই গৈচিলে, সেই বাবেই তাক থেনখাম ৰজাই হেঙ্গদান খন দিলে, এখেতাে তাক খেহ দেসৰ ৰজা পাতিলে । পৰে পুর্বোক্ত ক্ৰমে মঙ্গল চাই মুংৰিমুংৰামতে নগৰ কৰি ৰজা হল। তাতে দুয়াে ভায়েকে কাঁজিয়া কৰিলত খুনলুঙ্গ গৈ থেনখামৰ আজ্ঞা মতে মুংখুংমুংজাও দেসত ৰজা হলগৈ ; খুনলাই মুংৰি মুংৰামতে ৰজা হল। ইয়াৰ পৰে আৰু জি জি হৈ গল, সেই সকল ওপৰতে লিখা আচে। মিলা হেন দেখি, হিন্দু সাস্ত্ৰৰ এই মত লিখা গল। ইতি বুৰঞ্জি সাৰে অষ্টম খণ্ডং সমাপ্তং। <center>{{Css image crop |Image = Assam_Buranji.djvu |Page = 115 |bSize = 369 |cWidth = 74 |cHeight = 54 |oTop = 372 |oLeft = 150 |Location = center |Description = }}</center>
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১১৬
{{rh|১১২|{{X-larger|আসাম দেসৰ পুৰ্বিয় ৰজাগণৰ নামাৱলি ফৰ্ড}}।|}}
{| border="1" cellpadding="5" cellspacing="0" |- | rowspan="2" align="center"|নম্বৰ। || rowspan="2" align="center"|ৰজাগনৰ নাম || colspan="3" align="center"|ৰাজত্ব প্ৰাপ্তেৰ সন || ভোগৰ সংখ্যা |- | লাক্নি ||মোতাবেক সংখ্যা|| ইংৰেজি সন |- | ১ || সৌমাৰ দেশলৈ প্ৰথমে অহা চুকাফা ৰজা ||১ কাপত্যেও || ১১৫১|| ১২২৯||৩৯-৪-১৫ |- | ২ ||ততপুত্ৰ চুতেওফা || ১ কামাও || ১১৯০ || ১২৬৮ || ১৩ |- | ৩ ||ততপুত্ৰ চুবিনফা || ১ ডাপমাও || ১২০৩ || ১২৮১ || ১২ |- | ৪ ||ততপুত্ৰ চুখ্ৰাঙ্গফা || ২ মুঙ্গমাও || ১২১৫ || ১২৯৩ || ৩৯ |- | ৫ || ততপুত্ৰ চুখাঙ্গফা || ২ ৰাইচিঙ্গা || ১২৫৪ || ১৩৩২ || ৩২ |- | ৬ || তদভাত্ৰি চুতুফা || ৩ প্লেকঙ্গি || ১২৬৮ || ১৩৬৪ || ১২ |- | || অৰাজক || ৩ খুতঙ্গি || ১২৯৮ || ১৩৭৬ || ৪ |- | ৭ ||তদভাত্ৰি ত্যাওখামথি || ৩ কাপচিঙ্গা || ১৩৮০ || ১৩৮ও || ৯ |- | || অৰাজক || ৩ কামাও || ১৩১১ || ১৩৮৯ || ৯ |- | ৮ ||ততপুত্ৰ চুডাঙ্গফা ওৰফে বামুণিকোঁঅৰ|| ৩ তাওত্যেও ||১৩২০||১৩৯৮||৯ |- | ৯ ||ততপুত্ৰ চুজাঙ্গফা || ৩ কজৰাও || ১৩২৯ || ১৪০৭ || ১৫ |- | ১০ ||ততপুত্ৰ চুফকফা ||৪ ৰাইত্যেও || ১৩৪৪ || ১৪২২ || ১৭ |- | ১১ ||ততপুত্ৰ চুচেনফা || ৪ কাচেও || ১৩৬১ || ১৪৩৯ || ৪৯ |- | ১২ ||ততপুত্ৰ চুহেনফা || ৪ তাওচিঙ্গা || ১৪১০ || ১৪৮৮ || ৫ |}
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১১৭
আসাম দেসয় পুর্বিয় ৰজাগনৰ নামাৱলি ফৰ্দ। ১১৩ বুৰা গােহাঁই ডাঙ্গৰিয়াৰ নাম। বৰ গোহাঁই ডাঙ্গৰিয়াৰ নাম। বৰ পাত্ৰ ডাঙ্গ- ৰিয়াৰ নাম। বৰ বৰুৱাৰ নাম। বৰ ফুকনৰ নাম। থাওমুংক্লিংলুং মাঙ্গৰায় | থাওমুঙ্গকানং ততপুত্র থাওৰুৰ | ততপুত্ৰ চাওবিন তথা তথা তথা তথা চাওফ্ৰংডাম খুনতানাকৰ তাফ্ৰি খিন তথা তথা তথা তথা চাওথাইথুম ত্যাতাঁনবিন তথা তথা তথা তথা নাঙ্গচুখাম খেনলুঙ্গ নাংনিম তথা তথা তথা ত্যাওফাঙ্গবান ৰেক নাঙ্গৰাঙ্গ
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১১৮
{| class="wikitable" |- !নম্বৰ। !ৰজাগনৰ নাম। | !ৰাজত্ব প্ৰাপ্তেৰ চন | !ভোগৰ সংখ্যা |- |---- | | |'''লাকনি।''' |'''মোতাবেক সঁক''' |'''ইংৰেজি চন''' | |--- |১৩ |ততপুত্ৰ চুপিমফা |৪ মুঙ্গকেও |১৪১৫ |১৪৯৩ |৪ |--- |১৪ |১ ততপুত্ৰ চুহুনমুঙ্গ ওৰফে স্বৰ্গনাৰায়ণ দিহিঙ্গিয়া ৰজা |৪ ৰুঙ্গমাও |১৪১৯ |১৪৯৭ |৪২ |--- |১৫ |৪ ততপুত্ৰ চুক্লেনমুঙ্গ গৰগঁয়া ৰজা |৫ কাৰাও |১৪৬১ |১৫৩৯ |১৩ |--- |১৬ |ততপুত্ৰ চুখামফা খোৰা ৰজা |৫ ৰাইমিত |১৪৭৪ |১৫৫২ |৫৯ |--- |১৭ |ততপুত্ৰ চুচেঙ্গফা ওঃ বুধি স্বৰ্গনাৰায়ন ওঃ প্ৰতাপসিংহ |৬ ডাপৰাও |১৫৩৩ |১৬১১ |৩৮ |--- |১৮ |ততপুত্ৰ চুৰমফা ওৰফে ভগাৰজা |৬ কাকেও |১৫৭১ |১৬৪৯ |৩ |--- |১৯ |ততপুত্ৰ চুত্যিঙ্গফা ওৰফে নৰিয়া ৰজা |৭ ৰাইঙ্গি |১৫৭৪ |১৬৫২ |২ |}
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১১৯
বুৰা গোঁহাই ডাঙ্গৰিয়াৰ নাম । আসাম দেসৰ পুৰ্বিয় বজাগনৰ নামাৱলি ফদ । ১১৫ ব্ৰ গোঁহাই ডাঙ্গৰিয়াৰ নাম । বৰ পাত্ৰ ডাঙ্গ- ৰিয়াৰ নাম । ফনলুঙ্গ থামপেঙ্গ ৰাজমন্ত্রি ঐ নাঙ্গাঙ্গ 'ফনলুঙ্গ খাম- মন্ত্রি ফ্রাঙ্গেমুঙ্গ ৰাজ- ১ পেঙ্গ কিলিঙ্গ গাম ২ ১ কনচেজ ৰাজম ি১ ত্যা ও গংৰাই তনগাম ৰাজ- লাঙ্গিপুৰা মন্ত্রি নাজন নাপেতত্যাও ভতপুত্র ফ্রঙ্গডাম তথা ৩ নং কনজान আইখেক ৰাজ- মন্ত্রি G চাওপেত তথা ৩নং বলিয়া , থামপেত চেঙ্গমুনলুনিয়া তা খামচিন থকৰক ৰাজ- মি ১ সোনা বো 8 মৰানৰ লাকু মুকুলা হুজু ২ সৰু বুৰা ৬ | ৰাজম ১ মোমাই তামুলি পিলিঙ্গা १ ঐ সক বুৰা ৮ ঐ লুকুলা হুছ সৰু বুৰা ঐ লাকু ২ গাছে। তথা তথা ১ সৰিয়হ চপৰা গোআ২ | তথা ৩ হাতি হাতি পোখালি ৩ | ঐ সৰু বুৰা ৰাজ- টেমা ২ পোআনি ১ ঐ লুকুলা 9 • টঙ্কচু ২ পানিসিঙ্গিয়া নেওগ হালধি- | ঠেলা পিচাই ও সৰুচকুআও ঐ ৪ নং ও ঐ ১ নং ৭ ঘৰ বৰুআৰ নাম । বৰ ফুকনৰ নাম।
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১৩৭
{{rh|||১৩৩}}
{{gap}}হিন্দু সঁক ৬০ৰে হৰিলে জি সেস অঙ্ক থাকে সেই অঙ্ক তলৰ লেখত চাই আহম মতে বচৰৰ নাম বুজিব। কিন্তু ১ বৈসাগৰ পৰা মুখ্য চান্দ্ৰে আঘোনৰ প্ৰথম দিনলৈকে কোনো কথা ঘটিলে, হিন্দু সঁকত ১ বচৰ বাৰ্হে, তাক কাটিলে আহম লাক্লিৰে মিলিব। {{Dhr|2em}} {| class="wikitable" |- | || ত্যেও|| প্লাও|| ঙ্গি|| মাও|| চি|| চেও|| চিঙ্গা|| মূত|| চান|| ৰাও|| মিত|| কে |- | কাপ|| ১১|| || ১|| || ৫১|| || ৪১|| || ৩১|| || ২১|| |- | ডাপ|| || ১২|| || ২|| || ৫২|| || ৪২|| || ৩২|| || ২২ |- | ৰাই|| ২৩|| || ১৩|| || ৩|| || ৫৩|| || ৪৩|| || ৩৩|| |- | মুঙ্গ|| || ২৪|| || ১৪|| || ৪|| || ৫৪|| || ৪৪|| || ৩৪ |- | প্লেক|| ৩৫|| || ২৫|| || ১৫|| || ৫|| || ৫৫|| || ৪৫|| |- | কাত|| || ৩৬|| || ২৬|| || ১৬|| || ৬|| || ৫৬|| || ৪৬ |- | খুত|| ৪৭|| || ৩৭|| || ২৭|| || ১৭|| || ৭|| || ৫৭|| |- | ৰুঙ্গ|| || ৪৮|| || ৩৮|| || ২৮|| || ১৮|| || ৮|| || ৫৮ |- | তাও|| ৫৯|| || ৪৯|| || ৩৯|| || ২৯|| || ১৯|| || ৯|| |- | কা|| || ৬০|| || ৫০|| || ৪০|| || ৩০|| || ২০|| || ১০ |} {{Dhr|3em}} {{Css image crop |Image = Assam_Buranji.djvu |Page = 137 |bSize = 369 |cWidth = 62 |cHeight = 104 |oTop = 470 |oLeft = 147 |Location = center |Description = }}
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Assam Buranji.djvu/১৪০
{{rh|১৩৬||}}
{{center|ইয়াদাণ্ড ইংৰেজি সন ও বাঙ্গালা সঁক লা্ক্লি।}} {{gap}}ইংৰেজি সনৰ ১৩ আপ্ৰেল ইস্তক ৩১ ডিচেম্বৰতক ৭৮ আট সতৰ অঙ্ক বাদ দিলে মোতাবেক সঁক পোআ জাব, ও ১ জানুআৰি ইস্তক ১২ আপ্ৰেল পৰ্জন্ত ৭৯ অঙ্ক বাদ দিলে মোতাবেক সঁক হব। {{gap}}মোতাবেক সঁক ১ বৈসাগ ইস্তক ১৮ পৌস পৰ্জন্ত ৭৮ অঙ্ক জোগ দিলে ইংৰেজি সন পোআ জাব, এবং ১৯ পৌস ইস্তক ৩০ চৈত্ৰ তক ৭৯ অঙ্ক জোগ দিলে ইংৰেজি সন পোৱা জাব। {{gap}}মোতাবেক সঁক ইস্তক ১ বৈসাগ লাঃ ৩০ কাৰ্তিক ৫৬১ অঙ্ক বাদ দিলে আহম লাক্লিৰ অঙ্ক সংখ্যা পোআ জাব, ও ১ আঘোন ইস্তক ৩০ চৈত্ৰ তক ৫৬০ অঙ্ক বাদ দিলে ঐ ৰুপ হব। {{center|{{Dhr|6em}}ইতি।}} {{Dhr|3em}}{{center|⸻⸻}}
PROOFREAD
https://upload.wikimedia…Buranji.djvu.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/১
<center> {| style="background-color:PeachPuff"> |{{dhr}} <span style="color:DarkOrange">{{center|{{Xx-larger|অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত}}}}</span> {{dhr|2em}} {| style="margin-left: auto; margin-right: auto; border: none;" |- | {{Css image crop |Image = Aswakranta_Devalayar_Itibritta_Hem_Chandra_Sarma_Shashi_Mohan_Bhattacharyya_1982_Jayanta_Sarma_Collection.pdf |Page = 1 |bSize = 383 |cWidth = 143 |cHeight = 132 |oTop = 170 |oLeft = 50 |Location = center |Description = }} || |- style="text-align: center;" | <small><span style="color:DarkOrange">ওপৰ দেৱালয়, বিষ্ণুমন্দিৰ</span></small> {{dhr|4em}} || |- | || {{Css image crop |Image = Aswakranta_Devalayar_Itibritta_Hem_Chandra_Sarma_Shashi_Mohan_Bhattacharyya_1982_Jayanta_Sarma_Collection.pdf |Page = 1 |bSize = 383 |cWidth = 143 |cHeight = 125 |oTop = 365 |oLeft = 191 |Location = center |Description = }} |- style="text-align: center;" | || <small><span style="color:DarkOrange">নাম দেৱালয়, কুৰ্মজনাৰ্দন</span></small> |} {{dhr|2em}} <span style="color:DarkOrange">{{center|{{larger|‘অশ্বক্ৰান্তসমং তীৰ্থং নাস্তি ব্ৰহ্মাণ্ডগোচৰে’}}}}</span> {{dhr}} |}</center>
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/২
{{Dhr|3em}} {{center|{{Xx-larger|'''অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত'''}}}} {{Dhr|10em}} {{center|<poem>লেখক {{X-larger|শ্ৰীহেমচন্দ্ৰ শৰ্মা}} অধ্যাপক, বজালী মহাবিদ্যালয়, পাঠশালা আৰু {{X-larger|শ্ৰীশশীমোহন ভট্টাচাৰ্য্য}} দলৈ, অশ্বক্ৰান্ত দেৱালয়, উত্তৰ গুৱাহাটী</poem>}} {{Dhr|10em}} {{center|{{larger|'''দ্বাপৰেতু কুৰুক্ষেত্ৰং অশ্বতীৰ্থং কলৌযুগে'''}}}} {{Dhr|3em}}
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৩
{{Dhr|3em}} {{gap}}''Aswakranta Dewalayar Itibritta'' :-A brief account of Aswakranta Dewalay (temple) written by Prof. Hem Chandra Sarma and Sri Shashi Mohan Bhattacharyya and published by Sri Sashi Mohan Bhattacharyya, North Gauhati, Gauhati-30. {{Right|'''Price : Rs. Three Only'''}} {{Rule}} {{Dhr|4em}} প্ৰকাশক<br/> শ্ৰীশশীমোহন ভট্টাচাৰ্য, দলৈ, {{Dhr|3em}} [ লেখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ] {{Dhr|3em}} প্ৰথম প্ৰকাশ : ১৯৮২ {{Dhr|3em}} '''মুল্য—তিনি টকা''' {{Dhr|3em}} মুদ্ৰক:<br/> শ্ৰী প্ৰশান্তকুমাৰ শৰ্মা, বি. এচ-চি<br/> পূৰ্বদেশ মুদ্ৰণ<br/> ৰিহাবাৰী<br/> গুৱাহাটী-৭৮১০০৮ {{Dhr|3em}}
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৪
{{Dhr|4em}} {{Css image crop |Image = Aswakranta_Devalayar_Itibritta_Hem_Chandra_Sarma_Shashi_Mohan_Bhattacharyya_1982_Jayanta_Sarma_Collection.pdf |Page = 4 |bSize = 383 |cWidth = 116 |cHeight = 150 |oTop = 152 |oLeft = 137 |Location = center |Description = }} {{Dhr}} {{center|{{X-larger|উৎসৰ্গ}}}} {{Dhr}} {{gap}}যি গৰাকী সুসাহিত্যিক, শিক্ষাবিদ, সমাজকৰ্মী, সংগঠক আৰু ধৰ্মপ্ৰাণ মহান ব্যক্তিৰ দিহা পৰামৰ্শ আৰু অনুপ্ৰেৰণাৰ ফলত অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্তই পোহৰৰ মুখ দেখা পালে, সেইজনা শ্ৰদ্ধাভাজন, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিৰিধৰ শৰ্মাদেৱৰ পৱিত্ৰ স্মৃতিত এই ক্ষুদ্ৰ পুথিখনি উৎসৰ্গ কৰা হ'ল। {{Dhr|4em}}
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৫
{{Dhr|3em}} {{center|<big>॥ আগকথা ॥</big>}} {{gap}} অসমীয়া সংস্কৃতিৰ ঘাই সুঁতিৰ লগত উত্তৰ গুৱাহাটীৰ সম্পৰ্ক অতি প্ৰাচীন আৰু নিবিড়। প্ৰাচীন কালত কিৰাত, অসুৰ আৰু দানৱ ৰজাসকলে এই ঠাইত ৰাজধানী স্থাপন কৰি ৰাজ্য শাসন কৰিছিল। পালবংশী ৰজাসকলৰ দিনত ঠাইখন ‘দুৰ্জয় নগৰ’ নামেৰে জনাজাত হৈছিল। জনশ্ৰুতি আৰু বুৰঞ্জীৰ মতে ইয়াত ধৰ্মপাল আৰু কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজ্যৰ ৰাজধানী আছিল। কোচৰজা পৰীক্ষিত নাৰায়ণ উত্তৰ গুৱাহাটীত ভালেমান দিন থাকি পৰীক্ষিত পুখুৰী আৰু গড় নিৰ্মাণ কৰিছিল। ইবোৰৰ ভগ্নাৱশেষ এতিয়াও দেখা যায়। আহোম শাসনৰ কালত উত্তৰ গুৱাহাটীত পানী ফুকনৰ বাহৰ আৰু দোপদৰ আছিল। মোমাই কটা গড় আজিও এই নগৰৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত বৰনদীৰ মুখত হোৱা নৌ যুদ্ধত মোগলসকলে পৰাজয় বৰণ কৰিছিল। ৰংমহলৰ ৰণত মোগল সেনাপতি চৈয়দ চানা আৰু চৈয়দ ফিৰোজক অসমীয়া সৈন্যই বন্দী কৰিছিল। বংগদেশ জয় কৰাৰ কাৰণে মহাৰাজ ৰুদ্ৰসিংহই ষোড়শ শতিকাত উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰত বাহৰ কৰিছিল। কানাই বৰশী বোৱা শিলালিপিয়ে বক্তিয়াৰ খিলিজিক বন্দী কৰা কথাৰ উপৰিও আন বহুতো ঐতিহাসিক তথ্যৰ সাক্ষ্য বহন কৰিছে। {{gap}} পুৰাণত এই স্থানক ‘পূব কাশী ক্ষেত্ৰ’ বোলা, হৈছে। সীতা পৰ্বত নাইবা দীৰ্ঘেশ্বৰী পাহাৰৰ দাঁতিত মাৰ্কণ্ডেয় মুনিৰ আশ্ৰম আছিল। আশ্ৰমৰ কাষেৰে পুষ্পভদ্ৰা নৈ বৈ গৈ বৰলুইতৰ বুকুত আশ্ৰয় লৈছে। উত্তৰ গুৱাহাটীৰ উত্তৰ দিশত অৱস্থিত নটুৱা নচা পৰ্বতত নৃত্য গীতেৰে দেৱতাসকলক সন্তুষ্ট কৰি বেউলাই মৃত স্বামীৰ জীৱন পুনৰ ফিৰাই পাইছিল বুলি জন প্ৰবাদ আছে। মণিকৰ্ণেশ্বৰত এতিয়াও বেউলাৰ শিলৰ ভুৰ আছে। বুৰঞ্জীবিদ কনকলাল বৰুৱা আৰু গেইটৰ মতে নটুৱা নচা পৰ্বত উত্তৰ-পূব ভাৰতৰ নৃত্য-গীতৰ প্ৰধান ক্ষেত্ৰ আছিল। ভাগৱত পুৰাণ আৰু বৈষ্ণৱ গ্ৰন্থৰ মতে ৰুক্মিণী দেৱীক হৰণ কৰি আনি ভগৱান শ্ৰীকৃষ্ণই অশ্বক্ৰান্তত জিৰণি লৈছিল।<br/>
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৬
{{gap}} অশ্বক্ৰান্তত দুটি মন্দিৰ আছে। এটি কূৰ্মৰূপী ভগৱান জনাৰ্দন বিষ্ণুৰ আৰু আনটি অনন্তশায়ী বিষ্ণুৰ মন্দিৰ। মন্দিৰৰ পূব অংশত ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত ভগৱান বিষ্ণুৰ পাদপদ্মৰ চিহ্ন আছে। {{gap}} স্বৰ্গদেউ শিৱসিংহৰ দিনত ১৭২০ খৃষ্টাব্দত অনন্তশায়ী বিষ্ণুৰ মন্দিৰটি নিৰ্মিত হৈছিল। জনাৰ্দন বিষ্ণুৰ মন্দিৰ দৰঙী ৰজাই সজায় বুলি জনা যায়। যোগিনীতন্ত্ৰত অশ্বক্ৰান্তৰ উল্লেখ আছে আৰু কামৰূপৰ বুৰঞ্জীৰ মতে এই তীৰ্থৰ উত্তৰে দ্বাদশ তীৰ্থ, গয়া তীৰ্থ আৰু বিষ্ণুপদ আছে। বিষ্ণুপদত পিণ্ডদান পিতৃপুৰুষৰ আত্মাৰ সদ্‌গতিৰ কাৰণে এক পবিত্ৰ কাৰ্য। {{gap}} গেজেটিয়াৰৰ মতে ১৭৫১ খৃষ্টাব্দত ৰাজেশ্বৰ সিংহৰ দিনত দীৰ্ঘেশ্বৰী বা সীতা পৰ্বতৰ ওপৰত য'ত সতীৰ কেশ পৰিছিল তাতে এটি মন্দিৰ নিৰ্মিত হৈছিল। কামৰূপৰ বুৰঞ্জীৰ মতে অশ্বক্ৰান্ত আৰু দীৰ্ঘেশ্বৰী মন্দিৰৰ মাজৰ অংশতে বৃন্দাবন ক্ষেত্ৰ অবস্থিত। জনশ্ৰুতি মতে এসময়ত দুয়োটি তীৰ্থ ক্ষেত্ৰৰ মাজৰ স্থানক বৃন্দাবন ক্ষেত্ৰ নাইবা কাশী ক্ষেত্ৰ বোলা হৈছিল। {{gap}} ১৬৩৬ শকত মহাৰাজ ৰুদ্ৰসিংহই বংগদেশ জয় কৰাৰ আশাৰে ৰজাদুৱাৰত উপস্থিত হয়। কিন্তু তেওঁৰ বৰ্তমান ৰুদ্ৰেশ্বৰৰ দৌল থকা ঠাইত বসন্ত ৰোগত পৰলোক প্ৰাপ্তি হৈছিল। পিছত তেওঁৰ পুত্ৰ প্ৰমত্ত সিংহই ৰাজপাটত উঠি ১৬৭১ শকত সেই স্থানত এটি মন্দিৰ নিৰ্মাণ কৰি ৰুদ্ৰেশ্বৰ শিৱৰ মূৰ্ত্তি প্ৰতিষ্ঠা কৰিছিল। {{gap}} ইয়াৰ উপৰিও মণি শৈল পৰ্বতত মণিকৰ্ণেশ্বৰ শিৱৰ মন্দিৰ আছে। এই মন্দিৰ ৰাজেশ্বৰ সিংহৰ দিনত ১৬৭৭ শকত নিৰ্মাণ কৰা হৈছিল। কামৰূপৰ বৰঞ্জীত মণিকৰ্ণেশ্বৰ পৰ্বতক চাহবুৰুজ বোলা হৈছে। যোগিনীতন্ত্ৰ আৰু কামৰূপৰ বুৰঞ্জীৰ মতে কাষেৰে মংগলা বা বৰনদী বৈ গৈছে। {{gap}} নগৰৰ দক্ষিণে ব্ৰহ্মপুত্ৰৰ বুকুত কলি পৰ্বতত কলিৰ মূৰ্তি আছে। সেই ফালে চালে সকলো পুণ্য নষ্ট হয় বুলি মানুহৰ বিশ্বাস। কামৰূপৰ বুৰঞ্জীয়ে স্থানখনিক কৰ্মনাশা বুলিছে। {{gap}} লুইতৰ বুকুত এটি দ্বীপত উমানন্দ মন্দিৰ আছে। কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰৰ মতে এই দ্বীপক ভস্মাচল বা ভস্মশৈল বোলে। ইয়াতে মহাদেৱে কামদেৱক ভস্ম কৰিছিল বুলি প্ৰসিদ্ধি আছে। উমাক আনন্দ দিবৰ কাৰণে মহাদেৱ হেনো এই স্থানত চিৰ জাগ্ৰত আৰু বিদ্যমান। উমানন্দ মন্দিৰ গদাধৰ সিংহৰ পৃষ্ঠপোষকতাত গড়গঞা সন্দিকৈ ফুকনে ১৬১৬ শকত নিৰ্মাণ কৰাইছিল।<br/>
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৭
{{gap}} উমানন্দৰ দক্ষিণে এটি শিলাময় দ্বীপত উবশী কুণ্ড অৱস্থিত। কামৰূপৰ বুৰঞ্জীয়ে তাত জল্পেশ্বৰ শিৱ, বিষ্ণুপদ আৰু গয়া তীৰ্থ আছে বুলি কৈছে। কনকলাল বৰুৱাৰ মতে তাত এটি বৌদ্ধ মূৰ্তি আছে। ইয়াত থকা ব্ৰাহ্মী লিপিত খোদিত শিলালিপি ইতিহাসৰ অমূল্য সম্পদ। ইয়াৰ বাহিৰেও ৰজাদুৱাৰৰ প্ৰসিদ্ধ দৌল গোবিন্দ মন্দিৰৰ উপৰিও নগৰৰ ঠায়ে ঠায়ে অৱস্থিত মন্দিৰ, দৌলদেৱালয়, থান আৰু পবিত্ৰ পীঠে নগৰখনিত এটি ধৰ্মীয় আৰু পৌৰাণিক বাতাবৰণ অব্যাহত ৰাখিছে। {{gap}}মধ্যযুগীয় বৈষ্ণৱ আন্দোলনৰ লগতো এইখন ঠাইৰ বিশেষ সম্পৰ্ক আছিল। দক্ষিণপাট সত্ৰৰ প্ৰতিষ্ঠাতা বনমালীদেৱে অশ্বক্ৰান্তৰ অনন্তশায়ী বিষ্ণুৰ মন্দিৰত ভালেমান দিন ধৰি ভাগৱত পাঠ আৰু চৰ্চা কৰিছিল। বৰ্তমান সময়তো এই নগৰত আউনীআটী, গড়মূৰ আৰু দিহিং সত্ৰৰ শাখা সত্ৰ আছে। {{gap}} অসমীয়া ভাষা সাহিত্যৰ বেদীলৈ উত্তৰ গুৱাহাটীৰ লেখত ল'বলগীয়া বৰঙণি আছে। ষোড়শ শতিকাৰ কবি অনন্ত কন্দলিয়ে মণিকৰ্ণেশ্বৰৰ ওপৰত থকা তেওঁৰ মণ্ডপত বহি কুমাৰহৰণ কাব্য ৰচনা কৰিছিল। সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী অসমীয়া বুৰঞ্জী সাহিত্যৰ এটি অমুল্য বস্তু। বিশ্ববিশ্ৰুত পণ্ডিত আনন্দৰাম বৰুৱাই ইংৰাজী আৰু সংস্কৃত মাধ্যমত পাণ্ডিত্যপূৰ্ণ গ্ৰন্থ ৰচনা কৰি বিশ্বৰ দৰবাৰত অসম তথা ভাৰতবৰ্ষৰ মৰ্যাদা আৰু গৌৰৱ বৃদ্ধি কৰিছিল। আনহাতে হৰকান্ত সদৰামিনৰ আত্মজীৱনীখনিক উল্লেখযোগ্য তথ্য সম্বলিত জাতীয় দলিল ৰূপে চিহ্নিত কৰিব পাৰি। প্ৰত্নতাত্বিক সোণাৰাম চৌধুৰীৰ বাক্যৰণ আৰু পুৰাবৃত্ত সম্পৰ্কীয় আলোচনা আৰু শিক্ষাবিদ উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ গবেষণামূলক প্ৰবন্ধ অসমীয়া সাহিত্য ভঁৰালৰ বহুমূলীয়া সম্পদ। {{gap}} সংগীত জগতৰ প্ৰতিও উত্তৰ গুৱাহাটীৰ বৰঙণিৰ অভিলেখ আছে। মণিকৰ্ণেশ্বৰ, দিহিংসত্ৰ আৰু মাজগাঁৱৰ অংকীয়া ভাওনাই এসময়ত অসমৰ কলা-কৃষ্টিপ্ৰেমীসকলৰ মাজত আলোড়ন সৃষ্টি কৰিছিল। মধ্যমখণ্ডৰ বোকা ভাওনা, ভাওনাৰ ইতিহাসত এটি নতুন সম্পদ। সংগীতজ্ঞ লক্ষ্মীৰাম বৰুৱাই শাস্ত্ৰীয় আৰু আধুনিক গীতেৰে অসমবাসীক উদ্বুদ্ধ কৰিছিল। কুৰি শতিকাৰ আৰম্ভণিতে ৰংমহলে অসমীয়া চখীন যাত্ৰাৰ আদৰ্শ অসমবাসীৰ আগত দাঙি ধৰিছিল। ৰুদ্ৰেশ্বৰ-বিহলঙণিৰ নাম প্ৰসংগ আজিও গৌৰৱৰ উচ্চ শিখৰত অধ্যুষিত।<br/>
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৮
{{gap}}ভাস্কৰ্য আৰু স্থাপত্য শিল্পৰো এসময়ত এই ঠাইত বিপুলভাৱে চৰ্চা হৈছিল। পালবংশীয় ৰজা, কোচ ৰজা আৰু আহোম ৰজাসকলৰ দিনত শিলালিপি লিখা, শিলত মূৰ্ত্তি অঁকা, শিলৰ খুটা তৈয়াৰ কৰা, শিলৰ তোৰণ সজা, শিল আৰু ইটাৰ মন্দিৰ আৰু গৃহ নিৰ্মাণ কৰা সুদক্ষ ভাস্কৰ আৰু স্থাপত্য শিল্পীৰ উত্তৰ গুৱাহাটীত অভাৱ নাছিল। উত্তৰ গুৱাহাটী অঞ্চলত এতিয়াও দুয়োবিধ শিল্পৰ ভগ্নাৱশেষ পোৱা যায়। {{gap}} ৰত্নকান্ত তহচিলদাৰে চিত্ৰশিল্পৰ সাৰ্থক চৰ্চা কৰাৰ উপৰিও চিৰিয়াখানা প্ৰতিষ্ঠাপনৰ আদৰ্শ অসমবাসীৰ আগত দাঙি ধৰিছিল। প্ৰকৃত অৰ্থত তেওঁ অসমৰ প্ৰথম চিৰিয়াখানা প্ৰতিষ্ঠাপক। তেওঁ নিজৰ হাউলিতে এটি ক্ষুদ্ৰ যাদুঘৰো নিৰ্মাণ কৰিছিল। দুৰ্গেশ্বৰ গোস্বামীয়ে হিন্দু সংস্কৃতি আৰু জন কল্যাণৰ বাবে বেপ্তিষ্ট মিচনৰ অনুকৰণত ‘হিন্দু মিচন’ পোন প্ৰথমে সংগঠন কৰিছিল। এই শতিকাৰ প্ৰথম ভাগত এই মিচন বৰ জনপ্ৰিয় অনুষ্ঠান আ ছল আৰু চিলঙত তাৰ ঘাই কাৰ্যালয় প্ৰতিষ্ঠিত হৈছিল। বাঁহ, বেত আৰু কাঠৰ শিল্পৰ নিৰ্মাণ কাৰ্যত এইখন নগৰে মধ্যধুগৰেপৰাই প্ৰসিদ্ধি লাভ কৰিছিল। এই কাৰ্যত মণিকৰ্ণেশ্বৰৰ বৰঙণি অসম বিখ্যাত। মণিকৰ্ণেশ্বৰৰ কাঠ শিল্পীয়ে কোচবিহাৰ আৰু ৰংপুৰত গৃহ নিৰ্মাণ কৰি সুখ্যাতি অৰ্জন কৰিছিল। {{gap}} ভাৰতৰ স্বাধীনতা সংগ্ৰামতো সমগ্ৰ অসমবাসীৰ লগতে উত্তৰ গুৱাহাটীৰ ৰাইজেও অংশ গ্ৰহণ কৰিছিল। স্বাধীনতা সংগ্ৰামৰ আগৰণুৱা অসমৰ মুকুটবিহীন সমাট কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ উত্তৰ গুৱাহাটীৰ লোক আছিল। বিয়াল্লিছৰ গণবিপ্লৱত অংশগ্ৰহণ কৰাৰ কাৰণে উত্তৰ গুৱাহাটীৰ কেইবাজনো ছাত্ৰ আৰু যুৱকে কাৰাবৰণ কৰিব লগাত পৰিছিল। {{gap}} শিক্ষা-দীক্ষাতো উত্তৰ গুৱাহাটী যথেষ্ট আগবঢ়া। কেইবাখনিও উচ্চ মাধ্যমিক বিদ্যালয়ৰ উপৰিও উত্তৰ গুৱাহাটী কলেজ আৰু হিন্দী শিক্ষক প্ৰশিক্ষণ কলেজ নামেৰে দুখন কলেজ ইয়াত প্ৰতিষ্ঠিত হৈছে। আনন্দৰাম বৰুৱাৰ স্মৃতি ৰক্ষাৰ্থে কেইবা লাখো টকাৰ এটি আনন্দৰাম বৰুৱা ভৱন নিৰ্মাণৰ কাম চলি আছে আৰু এই ভৱনৰ যোগেদি বিবিধ সাংস্কৃতিমুলক আৰু সমাজ কল্যাণমূলক কাৰ্য্যসূচীৰ ৰূপায়ণৰ ব্যৱস্থা কৰা হ'ব। নিঃসহায় আৰু দৰিদ্ৰ শিশুৰ আশ্ৰয় আৰু প্ৰতিপালনৰ অৰ্থে অভয়পুৰৰ ইন্দ্ৰাচল পাহাৰত শিশুগ্ৰাম প্ৰতিষ্ঠা হৈছে। এই শিশুগ্ৰাম বিশ্বৰ অষ্টম শিশুগ্ৰাম। উত্তৰ গুৱাহাটী সাহিত্য সভাৰ উপৰিও
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৯
আন কেইবাটিও কলা-কৃষ্টিৰ অনুষ্ঠানে নগৰখনিত সাংস্কৃতিক পৰিৱেশ অব্যাহত ৰাখিছে। নগৰৰ জনসংখ্যা প্ৰায় বাৰ হেজাৰ আৰু ইয়াৰে শতকৰা আশী জনেই শিক্ষিত। {{gap}} উত্তৰ গুৱাহাটী অঞ্চলত অৱস্থিত কেউটি পৌৰাণিক, ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰতিষ্ঠানৰ ইতিবৃত্ত ৰচনা কৰিব পাৰিলে ইবোৰ অসমৰ পূৰ্ণাংগ জাতীয় ইতিহাস ৰচনাত সহায় হ'ব বুলি বিন্দুমাত্ৰ সন্দেহ আৰু শংকা নকৰাকৈ বিশ্বাস কৰিব পাৰি। অশ্বক্ৰান্ত মন্দিৰৰ ইতিবৃত্ত সম্পাদনা কৰি উদ্যোক্তাসকলে বিশেষকৈ অধ্যাপক শ্ৰীহেমচন্দ্ৰ শৰ্মা আৰু শ্ৰীশশীমোহন ভট্টাচাৰ্য্যদেৱে এটি মহৎ কামৰ আদৰ্শ দাঙি ধৰিছে। এই কাৰ্যৰ দ্বাৰা ধৰ্মপ্ৰাণ ব্যক্তিসকল অনুপ্ৰাণিত হোৱাৰ উপৰিও গৱেষক আৰু বুৰঞ্জীবিদসকলে নিশ্চয় উপকৃত হব। উদ্যোক্তাসকল এনে কঠিন-কঠোৰ শ্ৰমৰ কাৰ্যটি কৰাৰ বাবে সদৌটি অসমীয়ালোকৰ ধন্যবাদৰ পাত্ৰ। {{gap|10em}}সৰ্বে ভদ্ৰানি পশ্যন্তু। ইতি— {{Float left|অসম সাহিত্য সভা<br/> ভাগৱতী প্ৰসাদ বৰুৱা ভৱন,<br/> গুৱাহাটী-১<br/> ১০ নৱেম্বৰ ১৯৮১ চন।}} {{Float right|{{larger|'''দুৰ্গেশ্বৰ শৰ্মা'''}}<br/> প্ৰধান সম্পাদক,<br/> অসম সাহিত্য সভা }} {{Dhr|5em}}
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/১০
{{Dhr|3em}} <center>{{larger|'''অভিমত'''}}<br/> '''॥ ১॥'''</center> {{gap}} অশ্বক্ৰান্ত এখন পুৰণি তীৰ্থস্থান, কিন্তু কিমান পুৰণি তাক নিশ্চয়কৈ কোৱা টান। ইয়াৰ মন্দিৰ যে প্ৰাক্-আহোম যুগৰ আছিল এই কথা সহজেই অনুমান কৰিব পাৰি যদিও প্ৰাচীন মন্দিৰটো আজি নাই। তথাপি ভিত্তি স্থানটো আগৰ মন্দিৰৰে আৰু তাৰ কাৰুকাৰ্য প্ৰাচীন অসমীয়া। ঐতিহাসিক ফালটো এৰিও হিন্দু ধৰ্মত যাৰ নিষ্ঠা আছে, সেই সকলো মানুহৰ পক্ষেই ই এক আদৰণীয় বিষ্ণুস্থান। {{gap}}ইয়াৰ মূৰ্তিখনিও অতি শুৱনি। প্ৰাচীন ভাস্কৰ্যৰ চানেকি আছে। অনন্তশায়ী-ভগৱান বিষ্ণু মন্দিৰ সমগ্ৰ ভাৰততেই বৰ বেছি নাই। কিন্তু যিকেইখন আছে সেই কেইখনৰ মাহাত্ম্যও সমধিক; ত্ৰিবেন্দ্ৰমৰ পদ্মনাভ, তিৰুপতিৰ গোবিন্দ ৰাজলুস্বামী আৰু অসমৰ অশ্বক্ৰান্ত ‘অনন্তশায়ী নাৰায়ণ’ এই কেইখন আমি নিজে দেখা পাইছোঁ। কিন্তু তাৰ ভিতৰত ভাস্কৰৰ কলা-কৌশল আৰু কল্পনাৰ ফালেদি চালে অশ্বক্ৰান্ত অনন্তশায়ী-মূৰ্তিখন ধুনীয়া আৰু ভাবোদ্ৰেককাৰী। {{gap}} এনেহেন এখন তীৰ্থস্থান অৱহেলিত হৈ থকা নাই যদিও ইয়াৰ মন্দিৰ আৰু চাৰিও কাষৰ স্থান অধিককৈ সুবিধাজনক আৰু মনোমোহা কৰাৰ যথেষ্ট স্থল আছে। জানিবলৈ পাই সুখী হৈছোঁ, বৰ্তমান কমিটিয়ে এই বিষয়ে কাম কৰিবলৈ হাতত লৈছে। ৰাইজৰ সহায় আৰু সহানুভূতি কমিটিয়ে পাব বুলি আশা কৰিছোঁ। {{gap}} ‘অশ্বক্ৰান্ত মাহাত্ম্য’ আগতে পণ্ডিত প্ৰৱৰ ৺থানেশ্বৰ শৰ্মা কবিৰাজ আৰু বৰদেউৰী ৺হলধৰ শৰ্মাই যুটীয়াভাৱে সম্পাদন কৰি প্ৰকাশ কৰিছিল। সিও প্ৰায় পঞ্চাশ বছৰ আগৰ। বৰ্তমান সেইখন পুথি পাবলৈ নোহোৱা হৈছে, আৰু নতুন কথাও বৰ্তমান সন্নিবিষ্ট কৰাৰ আৱশ্যক হৈছে। তাকে ভাবি বজালী কলেজৰ অধ্যাপক শ্ৰীহেমচন্দ্ৰ শৰ্মা আৰু দেৱালয়ৰ বৰদেউৰী শ্ৰীশশীমোহন
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/১১
ভট্টাচাৰ্য্যই ‘অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত’ নাম দি এখন বিস্তৃত ইতিহাস ৰচনা কৰি ৰাইজৰ শলাগৰ ভাজন হৈছে। অনন্তনাৰায়ণ এই সকলৰ প্ৰতি সুপ্ৰসন্ন হওক। ইতি— {{Float left|গুৱাহাটী,<br/> ভৰলুমুখ}} {{Float right|গোবিন্দচৰণাশ্ৰিত<br/> {{larger|'''শ্ৰীতীৰ্থনাথ শৰ্মা'''}}<br/> ২১। ১। ৮১}} {{Dhr|6em}} <center>॥ ২॥</center> {{gap}} কামৰূপৰ প্ৰাক্‌জ্যোতিষপুৰ, বৰ্তমান গুৱাহাটী পঞ্চতীৰ্থৰ ঠাই বুলি প্ৰাচীন লোকৰ মাজত জনাজাত। ইয়াৰ ভিতৰত উত্তৰ গুৱাহাটীৰ অশ্বক্ৰান্ত দেৱালয় পশ্চিম ভাৰতৰ গয়া তীৰ্থৰ সমপৰ্যায়ৰ বুলি কোৱা শুনা যায়। অনন্তশায়ী বিষ্ণু; কূৰ্ম অৱতাৰ আৰু বিষ্ণুপদ শিলৰ অৱস্থানে এই তীৰ্থৰ স্থানিক মাহাত্ম্য বহুগুণে বৃদ্ধি কৰিছে। দুখৰ বিষয় আমি আমাৰ জাতিয় অক্ষমতাৰ দোষত এই তীৰ্থক ভাৰতৰ উত্তৰাঞ্চল আৰু দক্ষিণাত্যৰ আন আন তীৰ্থসমূহৰ দৰে লোকাকৰ্ষক আৰু বিখ্যাত কৰি তুলিব পৰা নাই। বহুদিন আগতে থানেশ্বৰ শৰ্মা ভিযগ্‌ ৰত্নই এই পবিত্ৰ তীৰ্থ সম্পৰ্কে ‘অশ্বক্ৰান্ত মাহাত্ম্য’ নামৰ পুথি এখন ছপায়। সেইখন পুথি এতিয়া দুষ্পাপ্য। {{gap}} এতিয়া সেই দেৱালয়ৰ এগৰাকী বৰদেউৰী শ্ৰীশশীমোহন ভট্টাচাৰ্য্য আৰু বজালী মহাবিদ্যালয়ৰ অধ্যাপক শ্ৰীহেমচন্দ্ৰ শৰ্মাৰ যুটীয়া চেষ্টাত যুগুতোৱা ‘অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত’ নামৰ পুথিখনে তীৰ্থখনৰ পৰিবেশৰ বুৰঞ্জী আৰু ইয়াৰ মাহাত্ম্য সম্পৰ্কে তথ্যপাতি ৰাইজক অৱগত কৰোৱাত সহায় কৰিব বুলি মই আশা কৰিলোঁ। ইতি— {{Float left|গুৱাহাটী<br/> ২২|১।৮১}} {{Float right|{{larger|শুচিব্ৰতা ৰায়চৌধুৰী}}}}
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/১২
{{Dhr|3em}} <center>{{larger|'''আমাৰ একাষাৰ'''}}</center> {{gap}} ‘অশ্বক্ৰান্তসমং তীৰ্থং নাস্তি ব্ৰহ্মাণ্ডগোচৰে’— অথচ এই তীৰ্থখনৰ বিষয়ে ধৰ্মপ্ৰাণ ৰাইজৰ জ্ঞান সীমিত। অশ্বক্ৰান্ত দেৱালয়ৰ সম্পূৰ্ণ ইতিহাস এখনি ৰচনা কৰি উলিওৱাটো বৰ্তমান বৰ টান হৈ পৰিছে। কাৰণ ইয়াৰ অনেক ইতিহাস বিস্মৃতিৰ অতল গৰ্ভত জাহ গৈছে। বাকী থকাখিনিও হেৰুৱাবৰ উপক্ৰম হৈছে। অকল যে অশ্বক্ৰান্ত দেৱালয়ৰহে এনে অৱস্থা এইটো নহয়, অসমৰ প্ৰায়বোৰ দৌল-দেৱালয়, সত্ৰ আদিৰ অৱস্থা একেই। এইবোৰৰ উপযুক্ত সত্ৰক্ষণৰ ব্যৱস্থা কৰি একোখন বিজ্ঞান সন্মত ইতিহাস প্ৰণয়ন কৰি উলিওৱা অতীব প্ৰয়োজন। {{gap}} এনে এটি উদ্দেশ্যত প্ৰণোদিত হৈয়ে আমি ‘অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত’ এখনি প্ৰণয়নত প্ৰবৃত্ত হওঁ। কিংবদন্তি, জনশ্ৰুতি, প্ৰাচীন ধ্বংসাৱশেষ, আৰু সংশ্লিষ্ট মহলৰ দুই-চাৰি গৰাকী সহৃদয় ব্যক্তিৰপৰা পোৱা সাহায্যকে লৈ এই ইতিবৃত্ত ৰচনাৰ কামত আগবঢ়া হৈছে। তদুপৰি কেবাখনো মূল্যবান গ্ৰন্থ, বিভিন্ন সময়ত লিখা বিভিন্ন আলোচনা, সাময়িক পত্ৰিকা আদিত সন্নিবিষ্ট কলা- সংস্কৃতিমুলক প্ৰবন্ধ-পাতিয়েও আমাক সহায় কৰিছে। {{gap}} এই কিতাপখন যুগুত কৰোঁতে যিসকল ব্যক্তিয়ে নানা ধৰণে দিহা পৰামৰ্শ দি সহায় কৰিলে সেইসকল হৈছে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ শ্ৰীহেমৰথ বৰ্মণ, উত্তৰ গুৱাহাটী হিন্দী মহাবিদ্যালয়ৰ অধ্যক্ষ পৰেশচন্দ্ৰ দেৱশৰ্মা, বি. বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক কিৰণ শৰ্মা, পাঠশালা ছোৱালী মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শ্ৰীৰমেশচন্দ্ৰ শৰ্মা, গোৱালপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক উত্তম শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি আৰু গৱেষণা বিভাগৰ শ্ৰী প্ৰবীণ চন্দ্ৰ দাস, কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শ্ৰীখৰ্গধৰ শৰ্মা আৰু আন বহুতো। তেখেতসকলৰ ওচৰত আমি কৃতজ্ঞ।<br/>
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/১৩
{{gap}} অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক অধ্যাপক দুৰ্গেশ্বৰ শৰ্মাদেৱে কিতাপখন চাই-চিতি নানা দিহা পৰামৰ্শ আগবঢ়োৱাৰ উপৰিও ‘আগকথা’খিনি লিখি দিছে। আমি তেখেতৰ ওচৰতে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। {{gap}} অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পণ্ডিত প্ৰবৰ শ্ৰীতীৰ্থনাথ শৰ্মাদেৱ আৰু সুসাহিত্যিকা শ্ৰীশুচিব্ৰতা ৰায়চৌধুৰী মহোদয়াই ইয়াক চাই-চিতি একোটিকৈ অতি মূল্যবান অভিমত লিখি দি কিতাপখন গধুৰ কৰি তুলিছে। তেখেতসকলৰ ওচৰত আমি চিৰ কৃতজ্ঞ। {{gap}} শেষত পূৰ্বদেশ মুদ্ৰণৰ স্বত্বাধিকাৰী আৰু কৰ্মীবৃন্দই অতি কম সময়তে কিতাপখন ছপা কৰি দিয়াৰ বাবে, আৰু গুৱাহাটী উজানবজাৰৰ শ্ৰীহৰিনাথ শৰ্মাদেৱে ভুল-ক্ৰুটি শুধৰাই আৰ্হি কাকত চাই দিয়া বাবে তেখেতসকললৈ আমি শলাগৰ শৰাই আগবঢ়াইছোঁ। {{gap}} পৰিশেষত, পুথিখন যুগুত কৰোঁতে অনেক ক্ৰুটি-বিচ্যুতি ৰৈ যোৱাটো তেনেই স্বাভাৱিক। বিজ্ঞজনে ভুল-ভ্ৰান্তিবোৰ আঙুলিয়াই দি সহায় কৰিলে পৰম উপকৃত হ’ম। ইতি— {{Float left|উত্তৰ গুৱাহাটী<br/> ১১/১১/৮২}} {{Float right|{{larger|'''শ্ৰীহেমচন্দ্ৰ শৰ্মা'''}}<br/> {{larger|'''শ্ৰীশশীমোহন ভট্টাচাৰ্য্য'''}}}}
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/১৪
{{Dhr|3em}} {{center|<big>'''॥ সূচী ॥''' </big>}} {{Dhr|3em}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | width="80%" | | width="10%" | | width="10%" style="text-align:right" | পৃষ্ঠা |- | অশ্বক্ৰান্ত অঞ্চলটো : ভৌগোলিক দৃষ্টিৰে || … | style="text-align:right" | ১ |- | অশ্বক্ৰান্তৰ কথা : ঐতিহাসিক দৃষ্টিৰে || … | style="text-align:right" | ৩ |- | অশ্বক্ৰান্ত নামৰ তাৎপৰ্য : জনশ্ৰুতিৰ পম খেদি || … | style="text-align:right" | ৪ |- | বিগ্ৰহৰ অৱস্থিতি : অশ্বক্ৰান্ত পাহাৰ আৰু তাৰ সতীৰ্থ || … | style="text-align:right" | ৪ |- | বিগ্ৰহৰ মন্দিৰ : আন আন মন্দিৰ আদি || … | style="text-align:right" | ৯ |- | বিগ্ৰহৰ পূজা : বিষ্ণু পূজা || … | style="text-align:right" | ১১ |- | আন আন পৰ্ব : উৎসৱ আদি || … | style="text-align:right" | ১৪ |- | অশ্বক্ৰান্ত মাহাত্ম্য : এটি জনবিশ্বাস || … | style="text-align:right" | ১৫ |- | ৰজাঘৰৰ পৃষ্ঠপোষকতা : স্বৰ্গদেউসকল || … | style="text-align:right" | ২৬ |- | দেৱালয়ৰ পৰিচালনা : বিষয় বাব সমূহ || … | style="text-align:right" | ২৭ |- | বৰ্তমানৰ দেৱালয় : চৰকাৰৰ নতুন পদ্ধতি || … | style="text-align:right" | ৩০ |- | স্বাধীনতাৰ পিছত : ভূমি-নীতিৰ সংস্কাৰ || … | style="text-align:right" | ৩১ |- | দেৱলায়ৰ বৰ্তমান পৰিচালনা || … | style="text-align:right" | ৩২ |} {{Dhr}}
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/১৫
{{Dhr|3em}} {{center|<big>'''অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত'''</big>}} {{Dhr|2em}} {{center|'''অশ্বক্ৰান্ত অঞ্চলটো : ভৌগোলিক দৃষ্টিৰে'''}} {{Dhr|1em}} {{gap}}অশ্বক্ৰান্ত দেৱালয়খন কামৰূপ জিলাৰ শিলাসিন্দুৰীঘোপা মৌজাৰ উত্তৰ গুৱাহাটীত মহাবাহু ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰতে থকা অশ্বক্ৰান্ত পাহাৰত (অশ্বকূট) অৱস্থিত। ইয়াৰ উত্তৰে আউনীআটি সত্ৰ, পূবে আৰু দক্ষিণে ব্ৰহ্মপুত্ৰ নদ আৰু পশ্চিমে উত্তৰ গুৱাহাটীৰ মাজগাঁও, দিহিংসত্ৰ আদি ঠাইবোৰ। {{gap}}অশ্বক্ৰান্ত পাহাৰৰ মাটি ৰঙচুৱা, শিলাময় আৰু প্ৰকাণ্ড প্ৰকাণ্ড শিলো ঠায়ে ঠায়ে আছে। পাহাৰৰ ওপৰত বিভিন্ন ধৰণৰ গছ-গছনিও আছে। তাৰ ভিতৰত বেলগছ আৰু কঁঠালগছ বেছি। অশ্বক্ৰান্ত দেৱালয়ত সোমালেই বাটতে বৰ ডাঙৰ প্ৰাচীন গছ-গছনি কিছুমান দেখিবলৈ পোৱা যায়। {{gap}}অশ্বক্ৰান্ত পাহাৰৰ উত্তৰে গাতে লাগি থকা চন্দ্ৰকূট পাহাৰৰ ওপৰত বৰ্তমান উত্তৰ গুৱাহাটী নগৰত পানী যোগান ধৰাৰ কাৰখানা পতা হৈছে। এই চন্দ্ৰকূট পাহাৰত থকা কাৰখানালৈ অহা আলিবাটেৰেও অশ্বক্ৰান্ত দেৱালয়লৈ আহিব পাৰি। পূব আৰু দক্ষিণ ফালেৰে ব্ৰহ্মপুত্ৰৰ বুকুলৈ নামি যাব পৰা বাট আছে। দেৱালয়ৰ প্ৰৱেশদ্বাৰত থকা বাটচ'ৰাটো পশ্চিমফালে। পশ্চিমে আমিনগাঁও আৰু আন হাতে উত্তৰ গুৱাহাটীৰ বিভিন্ন অঞ্চল, আৰু মালাকাটা, তেজপুৰ, বৰপেটা, ধুবুৰী আদিলৈও যাব পৰা ৰাস্তাৰ সুবিধা আছে। উত্তৰ গুৱাহাটী— গুৱাহাটীলৈ অহা-যোৱা ফেৰীঘাট দেৱালয়ৰ পশ্চিমে। বৰ্তমান অশ্বক্ৰান্তলৈ ফেৰীৰেই অহা-যোৱা বিশেষ সুবিধাজনক। {{gap}}ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম। অশ্বক্ৰান্ত পাহাৰৰ পূব ফালৰপৰা মণিকৰ্ণেশ্বৰ, উমানন্দ, উৰ্বশী, কৰ্মনাশা আৰু শুক্ৰেশ্বৰ— এই পাঁচখন পাহাৰৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰেদি নাচি নাচি উঠি অহা সূৰ্যোদয়ৰ দৃশ্য দেখিলে মন-প্ৰাণ হৰে। পশ্চিম ফালৰপৰা আবেলি কামাখ্যা আৰু চিলাপাহাৰৰ মাজেৰে
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/১৬
{{rh|২|অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত|}}
ব্ৰহ্মপুত্ৰৰ পানীৰ মাজত বেলি পৰা দৃশ্য দেখি মানব মন বিশ্বস্ৰষ্টাৰ অসীম কৰুণাত নত হ'য়! দক্ষিণ ফালে কামাখ্যা ভূৱনেশ্বীৰ মন্দিৰৰ আৰু গুৱাহাটী চহৰৰ দৃশ্য বিশেষকৈ সন্ধিয়া অতি মনোৰম আৰু মনোমোহা। অশ্বক্ৰান্তৰ ওপৰ দেৱালয়লৈ যোৱা খট্‌খ‌টিৰপৰা তলফালে ব্ৰহ্মপুত্ৰৰ বুকুলৈ চালে বিশেষকৈ জোনাক নিশা— এটি মনোমোহা চিত্ৰপটে চকুৰ পতা মেল খুৱাই দিয়ে। {{gap}}অশ্বক্ৰান্ত এখন স্বাস্থ্যকৰ ঠাই। বৰ্তমান অসমৰ ভিতৰতে ইয়াক প্ৰধান স্বাস্থ্যকৰ ঠাই বুলি ক'ব পৰা যায়। ইয়াৰ ভৌগোলিক পৰিৱেশে, স্বাস্থ্যনিবাসৰ উপযুক্ত ঠাই হিচাপে প্ৰতিপন্ন কৰিছে। বহুত মেলেৰিয়া আৰু কলাজ্বৰৰ ৰোগী ইয়াত থাকি আৰোগ্য হোৱা বুলি জনা যায়। {{gap}}অশ্বক্ৰান্ত দেৱালয়ৰ উত্তৰে থকা আউনীআটি সত্ৰখনো অতি সুন্দৰ। ইয়াৰ পূবমুৰে মাজতে মণিকূটটো। তাৰ গাতে লগা কীৰ্তনঘৰটো চালে চকু ৰোৱা ধৰণৰ। কীৰ্তনঘৰৰ পশ্চিমে এটি বাটচ'ৰা। বাটচ'ৰাৰ ওপৰখন এটি জাপিৰ নিচিনাকৈ সজা। দেখিবলৈ বৰ ধুনীয়া। কীৰ্তনঘৰৰ উত্তৰফালে ব্ৰহ্মপুত্ৰৰ পাৰলৈ গোসাঁই প্ৰভুৰ বাসগৃহ আৰু দক্ষিণে ভকতসকলৰ বাসগৃহ। সত্ৰৰ পশ্চিমে প্ৰৱেশদ্বাৰ। প্ৰৱেশদ্বাৰত এখন ময়ূৰ অংকিত তোৰণ দিয়া আছে। তোৰণখনো চাবলগীয়া। প্ৰৱেশদ্বাৰৰ সন্মুখত (পশ্চিম ফালে) দুজোপা দেৱদাৰু গছ আছে। এই গছদুজোপায়ো সত্ৰৰ সৌন্দৰ্য বহুখিনি বৃদ্ধি কৰিছে। সত্ৰৰ সন্মুখফালে (পশ্চিম আৰু উত্তৰফালে) পকী বেৰ দিয়া আছে। বেৰৰ প্ৰতিফলিতে একোশাৰী সজ উপদেশমূলক নীতিবচন লিখি থোৱা হৈছে। সত্ৰৰ সজ কামৰ নিদৰ্শনে সঁচাকৈয়ে নিৰ্মাণপটু সত্ৰাধিকাৰলৈ ভক্তি আৰু শ্ৰদ্ধা যাচে। কাতি মাহত ইয়াত বাৰ্ষিক পাল-নাম মহা পয়োভৰেৰে পতা হয়। {{gap}}সত্ৰৰ ‘আউনী আটী লীলকান্ত’ নামৰ এখন নিজা সংস্কৃত টোল আছে। ইয়াত সংস্কৃত ভাষা-সাহিত্য আদিৰ শিক্ষা হয়। এই টোলখন চৰকাৰৰ দ্বাৰা পাৰিচালিত হয়। {{gap}}অশ্বক্ৰান্ত দেৱালয় অঞ্চলত বিভিন্ন সম্প্ৰদায়ৰ লোকৰ বসতি। দেৱালয়ৰ ভিতৰ অঞ্চলত অকল বৰদেউৰী, পূজাৰী ব্ৰাহ্মণসকলৰহে বসতি। দেৱালয়ৰ ভিতৰত প্ৰচলিত নিয়ম অনুসাৰে বংশৰ অনিষ্ট সাধনৰ ভয়ত কোনেও গাৰ্হস্থ্য জীৱন যাপন নকৰে। মাজগাঁও, দিহিংসত্ৰ আদিত বিভিন্ন সম্প্ৰদায়ৰ লোকৰ বসতি। {{gap}}এই অঞ্চলৰ পিৰবোৰ লোকৰে জীৱিকা বেহা-বেপাৰ। কিছুমানে চাকৰিও
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/১৭
{{rh||অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত|৩}}
কৰে। কুৰি বছৰমান আগেয়ে অশ্বক্ৰান্ত অঞ্চলটো ব্যৱসায়ৰ এটি আৱশ্যকীয় ঘাটি আছিল। ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট দলং নিৰ্মাণ হোৱাৰ আগতে অসমৰ উত্তৰপৰীয়া মানুহ, মাল-বস্তু, যান-বাহন আদি সকলো এই অশ্বক্ৰান্তৰ বাটত লগা ফেৰীৰে দক্ষিণ পাৰলৈ যাব লগা হৈছিল। ইয়াত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিভিন্ন ঠাইলৈ— উত্তৰ লক্ষীমপুৰ, তেজপুৰ, মঙ্গলদৈ, বৰপেটা, বঙ্গাইগাওঁ, ধুবুৰী আৰু অসমৰ বাহিৰলৈও মটৰেৰে যাবলৈ মটৰঘাটি আছিল। ইয়াত নিতৌ অসংখ্য লোকৰ সমাবেশ হৈছিল। পিছত ১৯৬০ চনত শৰাইঘাট দলং নিৰ্মাণ হোৱাৰ পিছৰেপৰা এই অঞ্চলৰ গুৰুত্ব বহুপৰিমাণে হ্ৰাস পাইছে। {{gap}}সাংস্কৃতিক দিশত অশ্বক্ৰান্ত দেৱালয়ত এটি পুথিভঁড়াল স্থাপিত হৈছে। ইয়াত বহুতো প্ৰাচীন গ্ৰন্থ আছে। দিহিং সত্ৰত থকা সত্ৰখনো বেচ্‌ ডাঙৰ। ইয়াত মহাপুৰুষীয়া গুৰুসকলৰ কীৰ্তন আদি উদ্‌যাপন কৰা হয়। {{Dhr|2em}} <center>'''অশ্বক্ৰান্তৰ কথাঃ ঐতিহাসিক দৃষ্টিৰে'''</center> {{gap}}অশ্বক্ৰান্ত অসম তথা ভাৰতৰ এখন প্ৰসিদ্ধ তীৰ্থস্থান আৰু ঐতিহ্যপূৰ্ণ ঠাই। কিমান দিনৰ যে ইতিহাস ইয়াৰ গৰ্ভত লুকাই আছে, তাক উদ্ধাৰ কৰা টান হ’ব যেন লাগে; কেতিয়াবাকৈ উদ্ধাৰ হ'লে ভালেমান নতুন কথাৰ সম্ভেদ ওলাব, ই ধুৰুপ। {{gap}}আহোম যুগতে এই দেৱালয়ৰ বিস্তৰ উন্নতি সাধন হয়। উপৰ দেৱালয়ৰ অনন্তশয্যা আৰু নাৰায়ণ মূৰ্তিটো কোনো এক মহাপুৰুষে নেপালৰপৰা আনি উজনিৰ কোনো ঠাইত হেনো প্ৰতিষ্ঠা কৰিব খুজিছিল। কিন্তু অশ্বক্ৰান্তৰ ওচৰত জিৰণি লোৱাত ৰাতি স্বপ্নাদেশত সেই মহাপুৰুষ জনাই, কূৰ্ম জনাৰ্দনৰ ওচৰতে উপৰ দেৱালয়ত সেই মূৰ্তিটো স্থাপন কৰে বুলি জনবিশ্বাস আছে। পিছে এই মহাপুৰুষজন কোন, সেইটো জনা নাযায়। অৱশ্যে মূৰ্তিটোৰ কাৰুকাৰ্য আৰু স্থাপত্য কলালৈ চাই, সপ্তম-অষ্টম শতিকামানৰ বুলি অনুমান কৰিব পৰা যায়। দ্বাদশ শতিকাৰপৰা যদিও অসমৰ লিখিত বুৰঞ্জীৰ সমল পোৱা যায়, তাত অশ্বক্ৰান্তৰ মূৰ্তিস্থাপনৰ কোনো উল্লেখ নথকাত, এই দেৱালয় অতি পুৰণি বুলিয়ে কব পাৰি। অৱশ্যে মন্দিৰৰ নিম্নভাগ শিল আৰু ওপৰভাগ ইটা কাৰণে, মন্দিৰ যে পুনৰ্নিৰ্মাণ হৈছিল, সন্দেহ নাই। {{gap}}ৰুদ্ৰসিংহৰ পুত্ৰ শিৱসিংহ স্বৰ্গদেৱে অশ্বক্ৰান্ত দেৱালয়ৰ বহুল উন্নতি সাধন কৰে। তেওঁৰ ৰাজত্ব কালতে অশ্বক্ৰান্তৰ উপৰ দেৱালয়ৰ মন্দিৰটো সজা হয়।
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/১৮
{{rh|৪|অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত|}}
১৮৯৭ চনৰ ১২ জুন তাৰিখে হোৱা বৰ ভূঁইকপৰ সময়ত ইয়াৰ কিছু ক্ষতি হয়। পিছত লৰ্ড কাৰ্জনৰ দিনত মেৰামতি কৰি, বৰ্তমানৰ মণিকূটৰ ৰূপত ইয়াক পুনৰ নিৰ্মাণ কৰা হয়। {{gap}}আনহাতে অশ্বক্ৰান্তৰ পাদপৰ্বতত ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত জনাৰ্দন মন্দিৰৰ ইতিহাস আৰু অধিক পুৰণি বুলি অনুমান হয়। এই মন্দিৰৰ বিগ্ৰহৰ পূজা- পাতল আহোম ৰাজত্বৰ বহু আগৰেপৰা চলি থকা বুলি জনা যায়। কিন্তু ইয়াৰ ওপৰত সেই সময়ত কিবা মন্দিৰ আছিল নে নাই থিৰাংকৈ কোৱা টান। বৰ্তমানৰ মন্দিৰটো দৰঙী ৰজাই (ৰঘুনন্দন?) সজাই দিয়ে। তেতিয়াৰপৰা আজিলৈ এই মন্দিৰটো তেনেভাৱেই আছে। {{Dhr|1em}} {{center|'''অশ্বক্ৰান্ত নামৰ তাৎপৰ্যঃ জনশ্ৰুতিৰ পমখেদি'''}} {{gap}}অশ্বক্ৰান্ত নামটো সম্বন্ধে তিনিটি কাহিনী জনা যায় আৰু শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা জিৰোৱা ঠাই বুলিয়ে তিনিওটা কাহিনীৰে মূল কথা একে হোৱালৈ চাই ঠাইখিনি পুৰাণপ্ৰসিদ্ধ বুলি কব পাৰি। {{gap}} নৰকাসুৰৰ লগত শ্ৰীকৃষ্ণৰ যুদ্ধ হোৱা সময়ত শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা (অশ্ব) ক্লান্ত হৈ পৰাত এই ঠাইত জিৰণি লৈছিল। ফলস্বৰূপে অশ্বক্ৰান্ত পাহাৰৰ পূবৰ নামনিত থকা শিলৰ ওপৰত শ্ৰীকৃষ্ণৰ (বিষ্ণুৰ) সোঁপদচিহ্ন আৰু ঘোঁৰাৰ খোজৰ চিন দেখিবলৈ পোৱা যায়। ঘোঁৰা ক্লান্ত হৈ এই ঠাইত জিৰোৱাৰ কাৰণে ইয়াক অশ্বক্লান্ত বা অশ্বক্ৰান্ত বোলে। {{gap}}শ্ৰীকৃষ্ণই ৰুক্মিণীক শদিয়াৰ কুণ্ডিল নগৰৰ পৰা (কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্যৰ ৰাজধানী) হৰণ কৰি দ্বাৰকালৈ উভত্তি যোৱাৰ পথত, তেওঁৰ ৰথৰ ঘোঁৰা ভাগৰি পৰাত অশ্বক্ৰান্ততে জিৰাইছিল হেনো; আৰু তেতিয়াৰেপৰা এই ঠাইৰ নাম অশ্বক্ৰান্ত হয়। {{gap}}কুৰুক্ষেত্ৰৰ যুদ্ধত অভিমন্যু বধৰ সময়ত, পাণ্ডৱ সখা শ্ৰীকৃষ্ণই অৰ্জুনক পুৰণি কামৰূপ ৰাজ্যৰ সপ্তদললৈ লৈ আহিছিল। এটি জনশ্ৰুতি মতে হাজাৰ উত্তৰ পশ্চিমে থকা সাতদলা নামৰ পথাৰখনেই এই সপ্তদল। ভূঁইকপত সি বিলত পৰিণত হৈছে। বহুদূৰ বাট অহাৰ ফলত তেওঁলোকৰ ৰথৰ ঘোঁৰা ক্লান্ত হৈ এই ঠাইতে ব্ৰহ্মপুত্ৰৰ পাৰত জিৰণি লৈছিল। তেতিয়াৰেপৰা শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা জিৰোৱা এই ঠাইৰ নাম অশ্বক্ৰান্ত বা অশ্বক্লান্ত হয়। {{Dhr|1em}} {{center|'''বিগ্ৰহৰ অৱস্থিতিঃ অশ্বক্ৰান্ত পাহাৰ আৰু তাৰ সতীৰ্থ'''}} {{gap}} অশ্বক্ৰান্ত দেৱালয়ৰ মূল বিগ্ৰহ কূৰ্ম জনাৰ্দনপীঠ আৰু নাৰায়ণ। এই বিগ্ৰহ
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/১৯
{{rh|৪|অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত|}}
দুটা পাহাৰখনৰ দুই ঠাইত অৱস্থিত— জনাৰ্দন পীঠটো পাহাৰখনৰ নামনিত ব্ৰহ্মপুত্ৰৰ পাৰতে দক্ষিণ-পশ্চিম ফালে আৰু নাৰায়ণৰ অনন্ত শয্যা পাহাৰৰ টিঙৰ সোঁমাজতে অৱস্থিত। {{gap}} জনাৰ্দন পীঠটো এটি গহ্ব‌ৰত অৱস্থিত। গহ্বৰটো চাৰিচুকীয়া আৰু প্ৰায় ৪' x ২' বৰ্গফুট কালিৰ। ইয়াৰ গভীৰতাও প্ৰায় ২১/২' ফুট। তাত কূৰ্মৰূপী জনাৰ্দন ভগৱানৰ দ্বিতীয় অৱতাৰ দৃশ্য হৈ আছে। {{gap}}এইখিনিতে এটা বিষয় মন কৰিবলগীয়া এই যে— জনাৰ্দন পীঠৰ দৰে অসমৰ আন আন বহুতো প্ৰাচীন মন্দিৰৰ বিগ্ৰহৰ অৱস্থিতি একোটা গহ্বৰৰ ভিতৰত থকা পৰিলক্ষিত হৈছে। গহ্বৰৰ ভিতৰত বিগ্ৰহৰ অৱস্থানৰ কিবা আধ্যাত্মিক কাৰণ আছেনে নাই, সেইটো জনা নাযায়। হয়তো উপযুক্ত পৰিবেশ আৰু উপাসনাৰ গভীৰতা সৃষ্টি কৰাৰ বাবেই বাহিৰৰ জন-কোলাহল, আৰু ৰ’দ, বতাহ, বৰষুণ 'আদিয়ে ঢুকি নোপোৱাকৈ গহ্বৰৰ ভিতৰত বিগ্ৰহ নিৰ্মিত হৈছিল, যাতে উপাসক জনে একাগ্ৰচিত্তে উপাসনা কৰিবলৈ সমৰ্থ হয়। {{gap}} এই প্ৰসংগতে বুৰঞ্জীবিদ শ্ৰীপ্ৰেমধৰ চৌধুৰীদেৱে “অসমৰ অতীত ঐশ্বৰ্য”ত কোৱা কথাখিনি উল্লেখ কৰিব পাৰি— {{gap}}“অতীজতে প্ৰকৃতি দেৱীৰ বিভিন্ন ৰৌদ্ৰ, সাম্য ইত্যাদি ভাব-ভংগিমাই আছিল উপাসনাৰ হেতু। লাহে লাহে পূজাৰ পদ বা পাত্ৰ কেৱল কল্পনাৰে বিষয়- বস্তু নহৈ বাস্তৱ মূৰ্তিৰ আকাৰ লবলৈ আৰম্ভ কৰে। খৃষ্ট্ৰীয় শতাব্দীবোৰৰ আৰম্ভৰ লগে লগে বাস্তুৰ মূৰ্তিৰ বাসস্থানৰো লগতে আৱশ্যক হৈ পৰিল। প্ৰথমতে গছ-পাতৰ মণ্ডপ বা লতা-কুঞ্জ, তাৰ পিছত নল-খাগৰিৰ পঁজা, লাহে লাহে হ’ল কাঠ-ইটাৰ কুটিৰ— এইদৰে গৈ গৈ গুপ্ত ৰজাসকলৰ দিনত পূজাৰ বিষয়বস্তু মূৰ্তি-বিগ্ৰহ স্থাপনৰ অৰ্থে তৈয়াৰ হৈ উঠিল শিলৰ আবাস। ইয়াৰ নাম হ’ল গৰ্ভগৃহ; সি আকাৰত চাৰিচুকীয়া; এখন মাথোন দুৱাৰমুখ; তাত পোহৰৰ জিলিঙনি সোমাব নোৱাৰে; গতিকে সি ঘনীভূত অন্ধকাৰৰ দ্বাৰা সমাচ্ছন্ন আৰু এই ধৰ্মভাবাপন্ন স্থানতেই উদ্ভৱ হ’ল সাধু-সন্ন্যাসীৰ ধ্যানমগ্ন হোৱাৰ উত্তম পৰিবেশ। ” {{gap}}অশ্বক্ৰান্তৰ জনাৰ্দনপীঠৰ গহ্বৰত অৱস্থিতি বা স্থাপনো একে সূত্ৰৰে বিচাৰ্য বিষয় বুলিব পাৰি। {{gap}} নাৰায়ণ মূৰ্তিটো তিনি ফুটমান ওখ শিলৰ। বেদীত ই মূল বিগ্ৰহ ভগৱান নাৰায়ণৰ পূৰ্ণ ৰূপ প্ৰকাশ কৰিছে। অতি ধুনীয়াকৈ শিলচটাত খোদিত
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/২০
{{rh|৬|অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত|}}
কৰিছে প্ৰথমে পানী, ওপৰত পুনী, ভেকুলী, কাছক ধৰিত্ৰী হিচাপে, অনন্তনাগৰ সহস্ৰফণা, ওচৰত পঞ্চ নাগকন্যাদি। অনন্তশয্যাত বিষ্ণুৰ নাৰায়ণ ৰূপ আৰু নাভিকমলত ব্ৰহ্মা, পদসেৱাত লক্ষ্মী আৰু উৰ্দ্ধত মহামায়া দুৰ্গা। ওচৰত মধূকৈতভ বিৰাজমান॥ {{Css image crop |Image = Aswakranta_Devalayar_Itibritta_Hem_Chandra_Sarma_Shashi_Mohan_Bhattacharyya_1982_Jayanta_Sarma_Collection.pdf |Page = 20 |bSize = 383 |cWidth = 252 |cHeight = 341 |oTop = 177 |oLeft = 63 |Location = center |Description = }} {{center|অনন্তশায়ী নাৰায়ণ}} {{gap}}মূল বিগ্ৰহ কূৰ্ম জনাৰ্দন আৰু অনন্তশয্যাত নাৰায়ণৰ উপৰিও নামৰ দেৱালয়ত
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/২১
{{rh||অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত|৭}}
(তল দেৱালয়ত) চতুৰ্ভূজ বাসুদেৱ, চক্ৰধাৰী শিৱ, আৰু উপৰ দেৱালয়ৰ চলন্তাত বংশীধাৰী কৃষ্ণমূৰ্তি আছে। {{gap}}অশ্বক্ৰান্ত পাহাৰৰ পূবফালে নদীৰ দাঁতিত বাৰখন তীৰ্থৰ নাম পোৱা যায়। এই তীৰ্থকেইখন উত্তৰৰপৰা ক্ৰমে— (১) সীতাতীৰ্থ, (২) বিজয়তীৰ্থ, (৩) মুক্তি তীৰ্থ, (৪) বৃত্ততীৰ্থ, (৫) গয়াকুণ্ড, (৬) অমৃত সৰবৰ, (৭) অশ্বক্ৰান্ত, (৮) ঋণ মোচন তীৰ্থ, (৯) ক্ষেত্ৰ ত্ৰিপঞ্চক, (১০) সিদ্ধ কুণ্ড, (১১) ব্ৰহ্ম সৰোবৰ, আৰু বিজয়তীৰ্থ, মুক্তিতীৰ্থ আৰু বৃত্ততীৰ্থ জুৰি ব্ৰহ্মপুত্ৰৰ মাজত (১২) ব্ৰহ্মযোনি নামেও তীৰ্থ আছে (যো.ত.)। অশ্বক্ৰান্তলৈ গলে এই তীৰ্থকেইখনৰ কথাই বিশেষকৈ জনা যায়, আৰু স্নান, দান, তৰ্পণ, পিণ্ডদান, অস্থি ক্ষেপণাদি ক্ৰিয়াও এই তীৰ্থ কেইখনতেই কৰা হয়। ইয়াত ব্ৰাহ্মণসকলক ভোজনাদি কৰাই দান কৰিলে আত্মাৰ মুক্তি লাভ হয় বুলি জনবিশ্বাস আছে। {{gap}}গয়াকুণ্ডৰ পূবে ব্ৰহ্মপুত্ৰৰ মাজত ইন্দ্ৰাচল বা আঁৰ পৰ্বত। অশ্বক্ৰান্তৰ পূবে কৰ্মনাশাক আঁৰ কৰি থকা আঁৰ পৰ্বতেই ইন্দ্ৰশৈল (যো. ত. ২. ৩. ১০.)। “দেৱতাৰ কোপত সেই ইন্দ্ৰাচলৰ দক্ষিণফালে আদখিনি ব্ৰহ্মপুত্ৰে পূৰ্বেই খহাই নিছে। এতেকে অশ্বক্ৰান্ত তীৰ্থত স্নান কৰিলে কৰ্মনাশা পৰ্বত দেখা পায়। বৰলোকসকলে ক্ষেত্ৰ আৰু তীৰ্থৰ পূবফালে আৰণ দি কৰ্ম কৰে। ” (কা.বু, ১২০)। {{gap}} আঁৰ পৰ্বতৰ পশ্চিম ভাগত উত্তৰফালৰপৰা ক্ৰমে চন্দ্ৰসৰোবৰ, মানসতীৰ্থ, সূৰ্যতীৰ্থ আৰু নাগতীৰ্থ নামেৰে আন চাৰিখন তীৰ্থ আছে। {{gap}} আকৌ উত্তৰ গুৱাহাটীৰ পশ্চিমে এখন সৰু পাহাৰ আছে। ইয়াৰ নাম বায়ুকূট। বায়ুকূটক বৰ্তমান ৰাঙলীপাহাৰ বোলে। বায়ুকূটত বাস কৰিলে ধন বৃদ্ধি হয়, আৰু সেই ঠাইত বায়ুৰ অৰ্চ্চনা কৰিলে বায়ুলোক প্ৰাপ্ত হয় বুলি শাস্ত্ৰত উল্লেখ আছে (যো. ত.)। {{gap}}বায়ুকূট পাহাৰৰ পূবে চন্দ্ৰকূট পাহাৰ। (উত্তৰ গুৱাহাটী চহৰৰ পানী যোগান ধৰা কাৰখানা পতা পাহাৰখন চন্দ্ৰকূট )। চন্দ্ৰকূটত মাধৱেশ্বৰ গোসাঁই থকা বুলি জনা যায়। অৱশ্যে আগৰ কোনো মন্দিৰাদিৰ চিন পোৱা নাযায়। যোগিনীতন্ত্ৰত চন্দ্ৰকুটৰ মাধৱৰ উল্লেখ আছে (২. ৩. ৫. ২. ৪. ৬.)। “উমানন্দৰ উত্তৰে শিলাসিন্দুৰীঘোপা মৌজাৰ ভিতৰত চন্দ্ৰশৈল আছে, চন্দ্ৰ মাধৱৰ স্থান। এতিয়া তেওঁ অদৃশ্য হৈ আছে, কাল পালে ওলাব। মণিকূটতকৈ এগুণ বেছি
VALIDATED
https://upload.wikimedia…llection.pdf.jpg